অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জেন জি

জেন জি (Gen Z) বা জেনেৰেচন জি হৈছে সাধাৰণতে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা প্ৰজন্ম। মিলেনিয়েল প্ৰজন্মৰ পিছত আৰু জেনেৰেচন আলফাৰ আগত অহা প্ৰজন্মক জেন জি বুলি ধৰা হয়। জেন জিৰ অধিকাংশ লোক জেন এক্স আৰু মিলেনিয়েল প্ৰজন্মৰ সন্তান।

হালনাগাদ: ২৯ জুলাই ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

জেন জি (Gen Z) বা জেনেৰেচন জি হৈছে সাধাৰণতে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা প্ৰজন্ম।১ মিলেনিয়েল প্ৰজন্মৰ পিছত আৰু জেনেৰেচন আলফাৰ আগত অহা প্ৰজন্মক জেন জি বুলি ধৰা হয়। জেন জিৰ অধিকাংশ লোক জেন এক্স আৰু মিলেনিয়েল প্ৰজন্মৰ সন্তান। ভৱিষ্যতে তেওঁলোকৰ বহুতে জেন আলফা আৰু জেন বেতা প্ৰজন্মৰ পিতৃ-মাতৃ হ'ব বুলি ধৰা হয়।২

বিৱৰণ

জেন জিসকলে সৰুৰে পৰাই ইউটিউবৰ দৰে প্লেটফৰ্মত অনলাইন ভিডিঅ' আৰু ৱেব ছিৰিজ চাই ডাঙৰ হৈছে, লগতে অনলাইন গেমো তেওঁলোকে খেলিছে।৩ ২০১০ আৰু ২০২০ দশকত কিশোৰ বা যুৱক-যুৱতী ৰূপত তেওঁলোকৰ সদস্যক "ডিজিটেল নেটিভ" (Digital Natives) বুলিও কোৱা হৈছিল, কাৰণ তেওঁলোক ডিজিটেল প্ৰযুক্তিৰ মাজতে ডাঙৰ হৈছে।৪ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোক সকলোৱে ডিজিটেল দক্ষতাত পাৰদৰ্শী। বহুতে ডিজিটেল বা ভাৰ্চুৱেল কৰ্মক্ষেত্ৰত কাম কৰোঁতে অসুবিধাৰ সন্মুখীনো হ'ব পাৰে। Gen Zক আগৰ বহু প্ৰজন্মতকৈ অধিক শৃংখলাবদ্ধ আৰু কম ভোগ-বিলাসী স্বভাৱৰ বুলি বৰ্ণনা কৰা হৈছে।৫ এই প্ৰজন্মত কিশোৰ-কিশোৰীৰ গৰ্ভধাৰণৰ ঘটনা কম, মদ্যপানৰ পৰিমাণো হ্ৰাস পাইছে (যদিও আন কিছুমান নিচাজাতীয় পদাৰ্থৰ ব্যৱহাৰ একেদৰে কম হোৱা বুলি নিশ্চিতভাৱে ক'ব নোৱাৰি)।৬ তেওঁলোক পঢ়াশুনা আৰু ভৱিষ্যতৰ চাকৰিৰ ওপৰত অধিক গুৰুত্ব দিয়ে।৭ লগতে, ১৯৬০ৰ দশকৰ কিশোৰ-কিশোৰীসকলতকৈ Gen Z তাৎক্ষণিক ফলাফলৰ সলনি ফলাফলৰ বাবে অপেক্ষা (delayed gratification) কৰিবলৈ বেছি সক্ষম।৮ Gen Zৰ কৈশোৰ কালত ছেক্সটিং (sexting) জনপ্ৰিয় হৈছিল। কিন্তু ইয়াৰ দীঘলীয়া সময়ৰ মানসিক প্ৰভাৱ এতিয়াও সম্পূৰ্ণভাৱে স্পষ্ট হোৱা নাই।৯

তথ্যসূত্ৰ

  1. ↑ Poll Reveals What Gen Z Thinks of Sydney Sweeney American Eagle Ad. Newsweek
  2. ↑ McCrindle, Mark. (2024-12-19). Generation Beta Defined. McCrindle
  3. ↑ MacKenzie, Jack; Padilla, Natalie. (2023-05-05). How Younger Voters Will Impact Elections: Meet the Plurals. Brookings
  4. ↑ Turner, Anthony. (2015). Generation Z: Technology and Social Interest. The Journal of Individual Psychology. University of Texas Press. পৃ. 103–113
  5. ↑ (2018-01-10). The Youth of Today: Teenagers Are Better Behaved and Less Hedonistic Nowadays. The Economist
  6. ↑ Schepis, Ty. (2020-11-19). College-age Kids and Teens Are Drinking Less Alcohol. Marijuana Is a Different Story. The Conversation
  7. ↑ (2019-02-27). Generation Z Is Stressed, Depressed and Exam-Obsessed. The Economist
  8. ↑ Protzko, John; Schooler, Jonathan W. (2020-03). Kids These Days: Why the Youth of Today Seem Lacking. Intelligence. Elsevier. পৃ. 101432
  9. ↑ Del Rey, Rosario; Ojeda, Mónica; Casas, José A. (2019-08-21). Sexting Among Adolescents: The Emotional Impact and Influence of the Need for Popularity. Frontiers in Psychology. পৃ. 1828

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেন জি” প্ৰবন্ধৰ সংশোধন ৬২১২১৩ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।