অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ট্ৰাছিং বেজী

ট্ৰাছিং বেজী হৈছে ২০ ছেমি দীঘল আৰু ৩ মিমি ব্যাসৰ এটা বেজী, যিটো পোহনীয়া চৰাইৰ মাংস যেনে হাঁহ, কুকুৰা আৰু টাৰ্কিৰ মাংস ৰান্ধিবলৈ মাংস চিলাবলৈ ব্যবহাৰ কৰা হয়৷ এইটো এইকাৰণেই কৰা হয়, যাতে মাংসখিনি ভালকৈ ধৰি সেকিব পৰা যায় আৰু ইয়াৰ আকাৰ ঠিকে থাকে৷ ট্ৰাছিং বেজীৰে পৰম্পৰাগত পোহনীয়া হাঁহ, কুকুৰা বা…

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৪ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ
ট্ৰাছিং বেজী
ট্ৰাছিং বেজীছবি: Ll1324 · CC0

ট্ৰাছিং বেজী হৈছে ২০ ছেমি দীঘল আৰু ৩ মিমি ব্যাসৰ এটা বেজী, যিটো পোহনীয়া চৰাইৰ মাংস যেনে হাঁহ, কুকুৰা আৰু টাৰ্কিৰ মাংস ৰান্ধিবলৈ মাংস চিলাবলৈ ব্যবহাৰ কৰা হয়৷১ এইটো এইকাৰণেই কৰা হয়, যাতে মাংসখিনি ভালকৈ ধৰি সেকিব পৰা যায় আৰু ইয়াৰ আকাৰ ঠিকে থাকে৷২ ট্ৰাছিং বেজীৰে পৰম্পৰাগত পোহনীয়া হাঁহ, কুকুৰা বা টাৰ্কিৰ মাংস চিলাই কৰাৰ উপৰি শেন আদি চিকাৰীৰ মাংসও চিলাবলৈ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি৷৩ বেজী নোহোৱাকৈয়ো চৰাইৰ মাংস চিলাব পাৰি৷ কিন্তু হাঁহ, কুকুৰা বা টাৰ্কিৰ মাংস ট্ৰাছিং কৰাৰ বহুত লাভ আছে৷ ট্ৰাছিং বেজী ব্যৱহাৰ নকৰিলে মাংসখিনি সমভাবে সেকিব পৰা নাযায়, কাৰণ চৌকাৰ তাপত চৰাইৰ বুকু অংশহে মেৰ খাই থাকে আৰু ভালকৈ সিজে, চৰাইটোৰ ফিছা আৰু ঠেং ভালদৰে মেৰ খাই নাথাকে৷৪ ট্ৰাছিং কৰাৰ বহুত পদ্ধতি আছে, ই নিৰ্ভৰ কৰে চৰাইৰ ধৰণ আৰু ব্যঞ্জনৰ ওপৰত৷ তেনে এটা ট্ৰাছিং পদ্ধতি হ’ল পৰম্পৰাগত ট্ৰাছিং পদ্ধতি, য’ত কিচ্ছেন ষ্ট্ৰীং ব্যৱহাৰ কৰা হয়৷ এই কৌশলত ঠেঙৰ ভাঁজটো সামৰি আনি গোটেই গাটো মেৰাই দিয়া হয় য’ত বহুত লম্বা বেজী এটাত সূতা ভৰাই সেই বেজীৰে সহজভাবে চৰাইৰ নেজ আৰু কাষবোৰ তিনিটা গাঁঠিৰে ভালকৈ বন্ধা হয়৷৫

তথ্যসূত্ৰ

  1. ↑ Cunningham, Marion. (2008). The Fannie Farmer Cookbook. Alfred A. Knopf. পৃ. 30. ISBN 0679450815
  2. ↑ Pepin, Jaques. La Technique: An Illustrated Guide to the Fundamental Techniques of Cooking. Pocket. পৃ. 218. ISBN 067179020X
  3. ↑ Trussing Needle. AllMyChefs.com
  4. ↑ How To: Trussing. Perdue.com
  5. ↑ How To Truss A Turkey. D’Artagnan

সম্পৰ্কিত শ্ৰেণী

ৰন্ধনপ্ৰণালীসামগ্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰাছিং বেজী” প্ৰবন্ধৰ সংশোধন ৪০৪৬৩৪ (৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।