জাপান
৩৮ প্ৰবন্ধ
-
জাপান
জাপান (আই.পি.এ: zapan) (日本 নিপ্পন) এছিয়া মহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এটা দ্বীপ ৰাষ্ট্ৰ। দেশখন এছিয়া মহাদেশৰ পূৰ্ব উপকূলৰ ওচৰৰ উত্তৰ প্ৰশান্ত মহাসাগৰত অৱস্থিত। সৰু বৰ প্ৰায় ৩,০০০ দ্বীপ লগ হৈ জাপান গঠিত। চাৰিটা প্ৰধান দ্বীপ হ’ল হনছু, হোক্কাইডো, কিয়ুছু আৰু ছিক’কু।
-
জাপানী ভাষা
জাপানী (日本語, Nihongo) থলুৱা ভাষা হিচাপে প্ৰায় ১২.৮ কোটি লোকে কয়, মূলতঃ জাপানী লোকে আৰু প্ৰধানকৈ জাপানত, একমাত্ৰ দেশ য'ত ই জাতীয় ভাষা। জাপানী ভাষা জাপনিক বা জাপানী-ৰ্যুকিউয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত।
-
টকিঅ'
টকিঅ, হৈছে জাপান ৪৭খন মহানগৰ প্ৰশাসনৰ অন্যতম, অঞ্চল তথা ইয়াৰ ৰাজধানী। ই জাপানৰ আটাইতকৈ ডাঙৰ নগৰ। বৃহত্তৰ টকিঅ' অঞ্চল হৈছে পৃথিৱীৰ এখন সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চল। এসময়ত টকিঅ' জাপানৰ সম্ৰাটসকলৰ আৰু জাপানী শাসনকৰ্তাৰ আসন আছিল।
-
জাপানৰ সম্ৰাট
জাপানৰ সম্ৰাট হ'ল জাপানৰ শাসক আৰু জাপানৰ ৰাজপৰিয়ালৰ মুৰব্বী। জাপানৰ সংবিধানৰ মতে, তেওঁ "ৰাজ্য আৰু জনতাৰ মাজৰ ঐক্যৰ চিহ্ন" আৰু তেওঁৰ পদৱীৰ উৎস "জনতাৰ ইচ্ছা, যি সাৰ্বভৌম"। জাপানৰ ঔপনিৱেশিক গৃহস্থিৰ আইনৰ মতে সম্ৰাটৰ ক্ষমতা হস্তান্তৰৰ নিয়ম নিৰ্ধাৰিত হয়।
-
জাপানৰ ৰাজপৰিয়াল
জাপানৰ ৰাজপৰিয়াল বা ঔপনিৱেশিক গৃহস্থিয়ে (皇室, ক'শ্বিৎচু) বৰ্তমানে জাপান শাসন কৰা সম্ৰাটৰ পৰিয়াল আৰু বংশৰ সেই সদস্যসমূহক সামৰে যিয়ে আনুষ্ঠানিক আৰু ৰাজহুৱা দায়িত্বভাৰ বহন কৰি আছে। জাপানৰ সংবিধানৰ মতে, জাপানৰ সম্ৰাট "ৰাজ্য আৰু প্ৰজাৰ মাজৰ ঐক্যৰ চিহ্ন"।
-
জাপানৰ সংবিধান
জাপানৰ সংবিধান (শ্বিঞ্জিটাই:, ক্যুজিটাই:, হেপবাৰ্ণ: Nihon-koku kenpō) জাপান দেশৰ সংবিধান আৰু সৰ্বোচ্চ আইন। এই সংবিধানৰ প্ৰায় অংশই আমেৰিকী অসামৰিক বিষয়াই লিখা, দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ জাপানৰ মিত্ৰশক্তি শাসন কালত।
-
এনিমে
এনিমে বা আনিমে (জাপানী: アニメ আনিমে, ইংৰাজী: Anime এনিমে’ আ-ধ্ব-ব: /ˈænɪmeɪ/) হৈছে ইংৰাজী শব্দ এনিমেছনৰ সমাৰ্থক। সাধাৰণতে জাপানী এনিমেছন ছবিকে এনিমে বোলা হয়। জাপানৰ বাহিৰে পৃথিৱীৰ আন আন দেশত এনিমে বুলিলে জাপানত সজা এনিমেছনকেই বুজায়।
-
জাপান সাগৰ
জাপান সাগৰ হৈছে জাপানী দ্বীপপূঞ্জ, ছাখালিন, আৰু এছীয় মূলভূমিৰ মাজত থকা এখন সীমান্তৱৰ্তী সাগৰ। জাপানী দ্বীপপূঞ্জই সাগৰখনক প্ৰশান্ত মহাসাগৰৰ পৰা পৃথক কৰিছে। ইয়াৰ সীমাত জাপান, উত্তৰ কোৰিয়া, ৰাছিয়া আৰু দক্ষিণ কোৰিয়া আছে।
-
ছামুৰাই
ছামুৰাই (Samurai) সকল প্ৰাচীন জাপানৰ এটা যোদ্ধা জাতি। জাপানী ভাষাত ছামুৰাই শব্দৰ অৰ্থ হ'ল "যি কতৰ্ব্য পালন কৰে"। ইতিহাসবিদসকলৰ মতে ছামুৰাই হ'ল মূলত: 'বুচি' বা 'বুচিয়ান' নামৰ যুদ্ধপ্ৰিয় এটা দল। তেওঁলোক অৱশ্যে সকলো সময়তে যুদ্ধক লৈ ব্যস্ত নাথাকে। আন সময়ত খেতি-বাতিও কৰে।
-
ড'ৰেমন
ড'ৰেমন (ドラえもん, Doraemon) হৈছে ফুজিক' এফ ফুজিঅ'ৰ দ্বাৰা লিখিত আৰু সচিত্ৰ এক মাংগা ছিৰীজ। পিছত ইয়াক এনিমেছন ধাৰাবাহিকলৈ ৰূপান্তৰ কৰা হ'ল। এইটো ড'ৰেমন নামৰ ৰ'ব'টিক মেকুৰী এটাৰ কাহিনী যি ন'বিতা ন'বী নামৰ স্কুলীয়া ল'ৰা এজনৰ সহায় কৰিবলৈ ২২ শতিকাৰ পৰা ২১ শতিকালৈ সময় যাত্ৰা কৰি আহে।
-
হোক্কাইডো
হোক্কাইডো হৈছে জাপানৰ দ্বিতীয় বৃহত্তম দ্বীপ আৰু বৃহত্তম তথা একেবাৰে উত্তৰত অৱস্থিত প্ৰশাসনিক অঞ্চল। অতীতত এই দ্বীপৰ বিভিন্ন নাম আছিল, যেনে এযো, য়েযো, য়েছো আদি। হোক্কাইডো হোনশু দ্বীপৰ পৰা তসুগাৰু প্ৰণালীৰ দ্বাৰা বিচ্ছিন্ন।
-
অকিনাৱা প্ৰশাসনিক অঞ্চল
অকিনাৱা প্ৰশাসনিক অঞ্চল (沖縄県, জাপানী: অকিনাৱা-কেন) হৈছে জাপানৰ এটি প্ৰশাসনিক অঞ্চল। এই প্ৰিফেকচাৰটো হৈছে জাপানৰ দক্ষিণতম আৰু পশ্চিমতম প্ৰিফেকচাৰ আৰু ২০২০ চনৰ ২ ফেব্ৰুৱাৰীলৈকে ইয়াৰ জনসংখ্যা হৈছে ১,৪৫৭,১৬২। এই অঞ্চলটো ২,২৮১ কিলোমিটাৰ স্কোৱেৰ ভৌগোলিক এলেকা জুৰি বিয়পি আছে।
-
কিয়োমিজু-ডেৰা
কিয়োমিজু-ডেৰা(清水寺) হৈছে জাপানৰ পূৱ কিয়োটোত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। মন্দিৰটো প্ৰাচীন কিয়োটো ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰৰ ঐতিহাসিক স্মাৰকসমূহৰ অংশ।
-
জাপান চৰকাৰ
জাপান চৰকাৰ (Government of Japan) বিধানসভা, কাৰ্যবাহী, ন্যায়পালিকাৰ শাখা আৰু জনপ্ৰিয়তাৰে সাৰ্বভৌমত্বৰ ওপৰত ভিত্তি কৰি গঠিত। ১৯৪৭ চনত গ্ৰহণ কৰা জাপানৰ সংবিধানে স্থাপন কৰা আইনৰ অধীনত চৰকাৰ চলি থাকে। সম্ৰাটক ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে লৈ ই এক একক ৰাষ্ট্ৰ, যাৰ সাতাল্লিশটা প্ৰশাসনিক বিভাগ আছে।
-
জাপানত ইছলাম ধৰ্ম
জাপানৰ নিকৱৰ্টী দেশসমূহৰ তুলনাত জাপানত ইছলাম ধৰ্মৰ ইতিহাস চুটি। জাপান দেশত ইছলাম ধৰ্ম আতাইতকৈ কম সংখ্যক লোকে বিশ্বাস কৰা ধৰ্মৰ অন্যতম। ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা জাপানত বাহাই ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ অধিক, কিন্তু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ কম।
-
জাপানী বৌদ্ধ ধৰ্ম
জাপানী বৌদ্ধ ধৰ্ম বা নিহন বুক্ক্য হৈছে জাপানত প্ৰচলিত বৌদ্ধ বিশ্বাস। জাপান দেশত প্ৰায় ষষ্ঠ শতিকাৰ পৰাই বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈ আহিছে। নিহন বুক্ক্যৰ পৰা অনেক বৌদ্ধ পৰম্পৰাৰ সৃষ্টি হৈছে। এই বৌদ্ধ পৰম্পৰাৰ কেইবাটায়ো নিজৰ উৎস চীনা বৌদ্ধ ধৰ্ম বুলি গণ্য কৰে।
-
জাপানীজ য়েন
জাপানীজ য়েন হৈছে জাপানৰ আনুষ্ঠানিক মুদ্ৰা। বৈদেশিক মুদ্ৰা বজাৰত হোৱা বিনিময়ৰ ভিত্তিত আমেৰিকান ডলাৰ আৰু ইউৰোৰ স্থান ক্ৰমে প্ৰথম আৰু দ্বিতীয় হোৱাৰ বিপৰীতে জাপানীজ য়েন তালিকাৰ তৃতীয় স্থানত আছে। আমেৰিকান ডলাৰ, ইউৰো আৰু পাউণ্ড ষ্টাৰলিঙৰ লগতে য়েনো এক বহুলভাৱে গ্ৰহণীয় সঞ্চয় বা আৰক্ষিত মুদ্ৰা।
-
জাপানৰ প্ৰশাসনিক অঞ্চল
জাপানৰ প্ৰশাসনিক অঞ্চল বা প্ৰিফেকচাৰ বুলিলে আধুনিক জাপান ৰাষ্ট্ৰৰ ৪৭খন প্ৰশাসনিক তথা বিচাৰ বিভাগীয় গোটক বুজায়। ইয়াৰ ভিতৰৰ ৪৩খন হ'ল যথাৰ্থত প্ৰশাসনিক অঞ্চল (県 কেন্), ২খন নগৰ-প্ৰশাসনিক অঞ্চল (府 ফু, উছাকা আৰু কিয়োটো), এখন "বৰ্তনী" বা "এলেকা" (道 দোউ, হোক্কাইডো) আৰু এখন "মহানগৰ" (都 টো, টকিঅ')।
-
বায়ু যৌনতা
বায়ু যৌনতা (Air sex) হৈছে জাপানত উদ্ভাৱন কৰা এক পৰিবেশন কাৰ্য্যকলাপ; য'ত কাপোৰ পিন্ধা পুৰুষ আৰু মহিলাসকলে অদৃশ্য সংগীৰ সৈতে যৌন কাৰ্য্যকলাপৰ অনুকৰণ কৰে, প্ৰায়েই অতিৰঞ্জিতভাৱে, সংগীতৰ সৈতে আৰু দৰ্শকৰ আগত প্ৰতিযোগিতাত। এইটো কিছু পৰিমাণে এয়াৰ গীটাৰ বজোৱাৰ সৈতে মিল থকা কাৰ্য্য, যি নামটোৰে বুজা যায়।
-
হাফু
হাফু (هف, আধা; Hafu) হৈছে জাপানত জন্মগ্ৰহণ কৰা সেইজন ব্যক্তি যাৰ বংশধৰসকলৰ আধা এছিয়ান আৰু আধা অ-এছিয়ান বা এছিয়ান নহয়। সাধাৰণতে মিশ্ৰিত জাতিৰ পূৰ্বপুৰুষ থকা যিকোনো লোকৰ বৰ্ণনা কৰিবলৈও এই শব্দটো ব্যৱহাৰ কৰিব পাৰি।
-
অ'কাজাকি দুৰ্গ
অ'কাজাকি দুৰ্গ জাপানৰ আইচি অঞ্চলৰ অ'কাজাকি চহৰত অৱস্থিত এক জাপানী দুৰ্গ। এডো যুগৰ শেষত, ই অ'কাজাকি অঞ্চলৰ হোণ্ডা ক্লান পৰিয়ালৰ বাসস্থান আছিল, সেয়ে দুৰ্গটো তকুগাউৱা ইয়েৱাছু আৰু তকুগাউৱা ক্লানৰ পৰিয়ালৰ সংশ্লিষ্টতাৰ বাবে বেছি পৰিচিত। দুৰ্গটোক টাৎছোজো "Tatsu-jō " নামেৰেও জনা যায়।
-
ইকিগাই
ইকিগাই (生き甲斐, Ikigai) হ’ল এটি জাপানী ধাৰণা, যি এজন ব্যক্তিক জীয়াই থকাৰ উদ্দেশ্য প্ৰদান কৰে। এজন ব্যক্তি সজীৱ হৈ থাকি সুখী, সুস্থ আৰু দীৰ্ঘায়ু জীৱন কটোৱাৰ ই এক জাপানী কলা।
-
ইয়' জিমা
ইয়' জিমা, officially Iō-tō, হৈছে জাপানৰ তিনিটা আগ্নেয়গিৰি দ্বীপৰ মাজৰটো। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপটো প্ৰায় ৫ মাইল (৮ কি:মি:) দীঘল, ৭৩০ মিটাৰ-৪ কি:মি: বহল, আৰু ইয়াৰ মাটিকালি ৮ বৰ্গমাইল (২০ বৰ্গকি:মি:)। ই ট'কিয়' পৰা ৬৫০ নটিকেল মাইল (৭৫০ মাইল; ১২০০ কি:মি:) দূৰত অৱস্থিত।
-
কাচুকাবে, চাইটামা
কাচুকাবে (春日部市 Kasukabe-shi) জাপানৰ চাইটামা অধ্যক্ষতাৰ এখন চহৰ, জাপানৰ মধ্যৰ কাণ্ট' অঞ্চলৰ। ১ ফেব্ৰুৱাৰী ২০১৬ত চহৰখনৰ জনসংখ্যা ২৩২২৯৪ আছিল, প্ৰতি বৰ্গ কিলোমিটাৰত ৩৫২০ জনেৰে। ঠাইখনৰ মুঠ ভূমিয়ে ৬৬ বৰ্গ কিলোমিটৰ আৱৰে। কাচুকাবে পাউলৌনিয়া কাঠৰ কিৰি-টাঞ্চু নিৰ্মাণৰ বাবে বিখ্যাত।
-
ছো গেকিজোবান কেৰোৰো গানচো ২: শিনকাই নো প্ৰিন্সেস দে আৰিমাছু!
ছো গেকিজোবান কেৰোৰো গানচো ২: শিনকাই নো প্ৰিন্সেস দে আৰিমাছু! '(জাপানী: 超劇場版 ケロロ軍曹2 深海のプリンセスであります!; ৰোমান লিপিৰে: Chō Gekijōban Keroro Gunsō 2: Shinkai no Princess de Arimasu!; ইংৰাজী: Sergeant Keroro Movie 2: The Deep Sea Princess; অসমীয়া অৰ্থ: চাৰ্জেণ্ট কেৰোৰো চলচ্চিত্ৰ ২: গভীৰ সাগৰৰ ৰাজকুমাৰী)…
-
জাপানত হিন্দু ধৰ্ম
জাপানত হিন্দু ধৰ্ম এক সংখ্যালঘু ধৰ্ম। পিচে, বৌদ্ধ ধৰ্মৰ সৈতে সামঞ্জস্য থকা এই ধৰ্মৰ, ই এক সংখ্যালঘু ধৰ্ম হ'লেও, জাপানৰ সংস্কৃতিত বিশেষ প্ৰভাৱ দেখা যায়। হিন্দু ধৰ্মৰ সৃষ্ট অনেক ধাৰণা, দেৱতা আদি, বৌদ্ধ ধৰ্মৰ মাধ্যমেৰে, বা পোণপতীয়াকৈ জাপানী লোকবিশ্বাসত সোমাইছে।
-
জাপানী কাপোৰ
জাপানত সাধাৰণতে দুইপ্ৰকাৰৰ কাপোৰ পিন্ধা হয়: জাপানৰ পৰম্পৰাগত কাপোৰ ৱাফুকু (和服, wafuku) আৰু পশ্চিমীয়া কাপোৰ (洋服, yōfuku)। জাতীয় সাজ কিমোনো হৈছে ৱাফুকু(和服, wafuku) আৰু জাপানৰ পৰম্পৰাগত সাজ-পোছাক হিচাপে স্বীকৃতি নোপোৱা বাকী সকলো ধৰণৰ পশ্চিমীয়া কাপোৰক ইৱফুকু (洋服, yōfuku) বুলি ধৰা হয়।
-
জাপানী ড্ৰেগন
জাপানী ড্ৰেগন(Japanese Dragon) হৈছে জাপানী পৌৰাণিক কাহিনী আৰু লোককথাৰ বৈচিত্ৰ্যময় কিংবদন্তি জীৱ। জাপানী ড্ৰেগনৰ জনশ্ৰুতিসমূহে থলুৱা কিংবদন্তিক চীন, কোৰিয়া আৰু ভাৰত উপমহাদেশৰ ড্ৰেগন-সম্বন্ধীয় ড্ৰেগনৰ কাহিনীৰ সৈতে একত্ৰিত কৰে।
-
জাপানী লোককথা
জাপানী লোককথা ত জাপান আৰু জাপানী জনসাধাৰণৰ অনানুষ্ঠানিকভাৱে শিকি অহা লোক পৰম্পৰাক সামৰি লোৱা হৈছে, যিবোৰ তেওঁলোকৰ মৌখিক পৰম্পৰা, ৰীতি-নীতি আৰু বস্তুগত সংস্কৃতিত প্ৰকাশ পাইছে। জাপানী ভাষাত লোককথাৰ বৰ্ণনাৰ বাবে মিনকান ডেনশ্বো (民間伝承; "মানুহৰ মাজত যোগাযোগ") শব্দটো ব্যৱহাৰ কৰা হয়।
-
জোহাটছু
জোহাটছু (Jōhatsu, 蒸発) হ'ল জাপানৰ এক সামাজিক পৰিঘটনা, য’ত কিছুমান মানুহে হঠাতে নিজৰ পৰিচয় সম্পূৰ্ণৰূপে ত্যাগ কৰি বেলেগ পৰিচয়েৰে নতুন জীৱন আৰম্ভ কৰে। এই লোকসকলে নিজৰ পুৰণি জীৱনৰ সৈতে সম্পৰ্কিত কোনো লেখ-জোখ বা তথ্য এৰি নাযায়।