জ্যামিতি
২১ প্ৰবন্ধ
-
ব্যাস (জ্যামিতি)
জ্যামিতিত বৃত্তৰ ব্যাস (Diameter) হ’ল এডাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়।
-
জ্যামিতি
জ্যামিত'γεωμετρία; geo- "earth", -metria "measurement") গণিতশাস্ত্ৰৰ অন্তৰ্ভুক্ত এটা শাখা। এই বিষয়ত আকৃতিৰ বিষয়ে অধ্যয়ন কৰা হয়। জ্যামিতিক স্থান বা জগতৰ (space) বিজ্ঞান হিচাপে গণ্য কৰা যায়।
-
বৃত্ত
ইউক্লিডীয় জ্যামিতিত, এটা স্থিৰ বিন্দুৰপৰা(কেন্দ্ৰ) এক নিৰ্দিষ্ট দূৰত্বত (ব্যাসাৰ্ধ) একেই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথকে (ল'কাচ) বৃত্ত (Circle) বোলা হয়। বৃত্তৰ ওপৰত অৱস্থিত যিকোনো দুটি বিন্দুৰ সংযোগকাৰী সৰলৰেখাংশকে জ্যা বোলা হয়। বৃত্তৰ কেন্দ্ৰগামী যিকোনো জ্যাকে তাৰ ব্যাস বোলা হয়।
-
ৰেখা
সংজ্ঞা: বিন্দুৰ গতিপথকে (locus) ৰেখা বোলে। বিন্দুৱে দিশ নসলোৱাকৈ পোনে পোনে গতি কৰিলে সৰল ৰেখা আৰু বক্ৰপথত গতি কৰিলে বক্ৰৰেখাৰ সৃষ্টি হয়। একোডাল ৰেখা অসংখ্য বিন্দুৰ সমষ্টি। ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়।
-
পাই
পাই (সৰুফলা, বৰফলা ) হ’ল বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত, যি এক ধ্ৰূৱক: গণিতবিদৰ মতে পাই হ’ল বিশ্বৰ সবাতোকৈ সুন্দৰ সংখ্যা। গণিতৰ ইতিহাসৰ বিখ্যাত সংখ্যা π(পাই)ৰ বুৰঞ্জীও অতি বৈচিত্ৰ্যপূৰ্ণ আৰু দীঘলীয়া। পাই এটি গুৰুত্বপূৰ্ণ গাণিতিক তথা বৈজ্ঞানিক ধ্ৰুৱক।
-
ক্ষেত্ৰফল
ক্ষেত্ৰফল (Area) হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়। তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।
-
কোণ
কোণ, (Angles) দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল ৰশ্মিয়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা ৰেখা দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়।
-
ত্ৰিকোণমিতি
ত্ৰিকোণমিতি (Trigonometry) গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যয়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয়।
-
পাইথাগোৰাছৰ উপপাদ্য
পাইথাগোৰীয় উপপাদ্য (Pythagorean theorem) বা পাইথাগোৰাছৰ উপপাদ্য (Pythagoras' theorem) হ'ল এটি তত্ব, জ্যামিতিৰ এই তত্ত্বটো পাইথাগোৰাছে প্ৰথম প্ৰমাণ কৰিছিল। ইয়াৰ প্ৰথম প্ৰয়োগ বেবিলোনিয়া আৰু ভাৰতত হৈছিল।
-
পৰিধি
এডাল আৱদ্ধ বক্ৰৰেখাৰ সীমান্তৰ সমান দৈৰ্ঘ্যকে তাৰ পৰিধি (Circumference) বোলা হয়।
-
বিন্দু
বিন্দু এটি আকৃতি যাৰ দৈৰ্ঘ্য, বহলতা আৰু উচ্চতা নাই৷ বিন্দু ইউক্লিডিয়ান জ্যামিতিৰ প্ৰাথমিক তত্ত্ব, অৰ্থাৎ বিন্দুক তাতকৈ অধিক প্ৰাথমিক বস্তুৰে সংজ্ঞায়িত কৰিব পৰা নাযায়৷
-
ৰৈখিক বীজগণিত
ৰৈখিক বীজগণিত হৈছে গণিতৰ এটা ভাগ। য'ত ৰৈখিক সমীকৰণ: ⟨a_1x_1+\cdots +a_nx_n=b,⟩ আৰু ৰৈখিক মানচিত্ৰ: ⟨(x_1, \ldots, x_n) \mapsto a_1x_1+\cdots +a_nx_n,⟩ আৰু ভেক্টৰ স্থানত আৰু মেট্ৰিচৰ যোগেদি ইহঁতৰ উপস্থাপন। গণিতৰ প্ৰায় সকলো ক্ষেত্ৰতে ৰৈখিক বীজগণিত কেন্দ্ৰীয়।
-
জ্যা
জ্যা (Chord) হৈছে কোনো বক্ৰ ৰেখাৰ জ্যামিতিক ৰেখাৰ অংশ যাৰ প্ৰান্তবিন্দু দুটা বক্ৰৰেখাৰ ওপৰত অৱস্থিত।
-
পৰিসীমা
পৰিসীমা পৰিসীমা, ইংৰাজীৰ 'perimeter' মানে হৈছে দুই মাত্ৰা বা পৰিসৰৰ একোটা আকৃতিৰ চাৰিওফালৰ পথটোৰ মুঠ দৈঘ্য। বৃত্তৰ ক্ষেত্ৰত এই পৰিসীমাক পৰিধি বুলি কোৱা হয়। বাস্তৱ ক্ষেত্ৰত গণিতৰ এই পৰিসীমা নিৰ্ণয় ব্যৱস্থাটোৰ যথেষ্ট প্ৰয়োগ দেখা যায়।
-
সমবাহু ত্ৰিভুজ
জ্যামিতিত, এটা সমবাহু ত্ৰিভুজ (Equilateral triangle) হৈছে এনে এটা ত্ৰিভুজ য'ত তিনিটা বাহুৰ দৈৰ্ঘ্য একে। ইকুইডীয় জ্যামিতিত, এটা সমবাহু ত্ৰিভুজৰ কোণ কেইটাও সমান মাপৰ; অৰ্থাৎ, তিনিওটা অভ্যন্তৰীণ কোণ পৰস্পৰৰ সৈতে সমতাপূৰ্ণ আৰু প্ৰতিটোৰে মাপ ৬০°।
-
স্থানাংক জ্যামিতি
স্থানাংক জ্যামিতি হ'ল জ্যামিতিৰ এটা শাখা, য'ত সমতলত অৱস্থান কৰা এটা বিন্দুৰ স্থানক এযোৰ সংখ্যাৰ সহায়ত উপস্থাপন কৰা হয়। এই সংখ্যাযোৰক স্থানাংক বুলি কোৱা হয়। সমতলত এটা বিন্দুৰ অৱস্থান জানিবলৈ এযোৰ অক্ষ ব্যৱহাৰ কৰা হয়। y-অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক x-স্থানাংক বা ভুজ বুলি কোৱা হয়।
-
স্থানাংক প্ৰণালী
স্থানাংক প্ৰণালী হৈছে জ্যামিতিত এনে এটা ব্যৱস্থা যিয়ে ইউক্লিডীয় স্থানৰ দৰে বহুবিধত বিন্দু বা অন্যান্য জ্যামিতিক উপাদানসমূহৰ অৱস্থান অনন্যভাৱে নিৰ্ধাৰণ আৰু প্ৰামাণিককৰণ কৰিবলৈ এটা বা ততোধিক সংখ্যা বা স্থানাংক ব্যৱহাৰ কৰে।
-
পাস্কেলৰ ত্ৰিভুজ
পাস্কেলৰ ত্ৰিভুজ হ’ল এটা গাণিতিক ত্ৰিভুজ। এই ত্ৰিভুজটো এজন ফ্ৰান্সদেশৰ গণিতজ্ঞ ব্লেইজ পাস্কেলৰ নামেৰে নামাকৰণ কৰা হৈছে। এই ত্ৰিভুজৰ সহায়ত কিছুমান গণিতীয় সমাধান কৰিব পাৰি।
-
ফ্লেক্সাগন
ফ্লেক্সাগন এবিধ আমোদজনক আৰু বৈশিষ্ট্যপূৰ্ণ জ্যামিতিক চানেকি৷ ইয়াক মূলতঃ কাগজৰ টুকুৰাৰে প্ৰস্তুত কৰা হয়৷ ফ্লেক্সাগনবোৰৰ মূল বৈশিষ্ট্য হৈছে- ইয়াক ভাঁজ কৰিলে ইয়াৰ সন্মুখ আৰু পিছফালটোৰ বাহিৰেও আন ফাল বা পিঠি পাব পাৰি৷ এনেদৰে নতুনকৈ পোৱা ফাল বা পিঠিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ফ্লেক্সাগনবোৰক কেবাটাও…
-
লম্ব
লম্ব (perpendicular) হৈছে ৯০° কোণ কৰি পৰস্পৰক ছেদ্ কৰা দুটা ৰেখা। অৰ্থাৎ প্ৰাথমিক জ্যামিতিত দুটা জ্যামিতিক বস্তু যদি সমকোণত (৯০ ডিগ্ৰী বা π/২ ৰেডিয়ান) ছেদ কৰে তেন্তে লম্ব হয়। লম্বতাৰ অৱস্থাটো লম্ব চিহ্ন, ⟂ ব্যৱহাৰ কৰি চিত্ৰাংকিতভাৱে দেখুৱাব পাৰি।
-
সমমিতীয় উপস্থাপন
সমমিতীয় উপস্থাপন ( Isometric projection) হৈছে কাৰিকৰী আৰু অভিযান্ত্ৰিক অংকনত ত্ৰিমাত্ৰিক বস্তুক দুটা মাত্ৰাত দৃশ্যমানভাৱে প্ৰতিনিধিত্ব কৰাৰ এক পদ্ধতি। ই এটা এক্সন’মেট্ৰিক প্ৰক্ষেপণ য’ত তিনিটা স্থানাংক অক্ষ সমানে আগলৈ চুটি হোৱা দেখা যায় আৰু ইয়াৰে যিকোনো দুটাৰ মাজৰ কোণ ১২০ ডিগ্ৰী।