ইউক্ৰেইনৰ দুৰ্গ
৩১ প্ৰবন্ধ
-
জেনোয়িজ দুৰ্গ, ছুদাক
জেনোয়িজ দুৰ্গ (Genoese fortress, Sudak, Генуезька фортеця; Генуэзская крепость; Ceneviz qalesi; fortezza genovese) বা ছুদাক দুৰ্গ হৈছে ছুদাকৰ ক্ৰিমিয়াত অৱস্থিত এটা দুৰ্গ। ইয়াক ১৩শ–১৫শ শতিকাত জেনোয়িজসকলে নিৰ্মাণ কৰিছিল। দুৰ্গটোৰ মুঠ মাটি-কালি ২৭.৯ হেক্টৰ।
-
অ'লেস্কো দুৰ্গ
অ'লেস্কো দুৰ্গ ( Olesko Castle বৰ্তমান ইউক্ৰেইনৰ জোলোচিভ ৰাইঅনৰ সীমাৰ ভিতৰত অৱস্থিত। দুৰ্গটোৰ প্ৰথম ঐতিহাসিক উল্লেখ ১৩৯০ চনৰ এখন নথিত পোৱা যায়। সেই সময়ত পোপ বনিফেচ নৱমে অলেস্কো আৰু টুষ্টান দুৰ্গ হালিচৰ এজন কেথলিক বিচপক প্ৰদান কৰিছিল।
-
অলিকা দুৰ্গ
অলিকা দুৰ্গ হৈছে ইউক্ৰেইনৰ অলিকাত অৱস্থিত এটা সুৰক্ষিত প্ৰাসাদ। ১৫৬৪ চনত নিৰ্মিত এই প্ৰাসাদটো ভলিন অঞ্চলত থকা ৰাডজিউইত পৰিয়ালৰ মুখ্য বাসস্থান হৈ পৰিছিল। এই অঞ্চলটো এসময়ত পোলিশ-লিথুৱানিয়ান কমনৱেলথৰ অংশ আছিল আৰু বৰ্তমান ইউক্ৰেইনৰ অন্তৰ্গত।
-
অষ্ট্ৰ'হ দুৰ্গ
অষ্ট্ৰ'হ দুৰ্গ ( Ostroh Castle) পশ্চিম ইউক্ৰেইনৰ ৰিভনে অঞ্চলৰ অষ্ট্ৰ'হ চহৰত অৱস্থিত এটা দুৰ্গ। ১৪শ, ১৫শ আৰু ১৬শ শতিকাত এই দুৰ্গটো শক্তিশালী অষ্ট্ৰ'হৰ ৰাজবংশৰ মুখ্য দুৰ্গ আছিল। বৰ্তমান এইটো ধ্বংসাৱশেষত পৰিণত হৈছে।
-
উঝহোৰড দুৰ্গ
উঝহোৰড দুৰ্গ (Uzhhorodskyi zamok; Ungvári vár) হৈছে ইউক্ৰেইনৰ উঝহোৰড চহৰৰ এটা পাহাৰৰ ওপৰত অৱস্থিত এক বিশাল দুৰ্গ। ত্ৰয়োদশ আৰু অষ্টাদশ শতিকাৰ ভিতৰত বিভিন্ন স্থাপত্যশৈলী আৰু সামগ্ৰীৰ সংমিশ্ৰণত এই দুৰ্গটো নিৰ্মাণ কৰা হৈছিল। হাংগেৰী ৰাজ্যৰ ইতিহাসত ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল।
-
ওকোপি দুৰ্গ
ওকোপি দুৰ্গ ( Okopy Castle) স্থানীয়ভাৱে পৱিত্ৰ ত্ৰিত্বৰ খাদ নামেৰেও পৰিচিত। ই ওকোপি, টেৰ্নোপিল অঞ্চল, ইউক্ৰেইনত অৱস্থিত। এই দুৰ্গটো ডিনিষ্টাৰ নদীৰ পাৰত, জব্ৰুচ নদীৰ মোহনাৰ ওচৰত অৱস্থিত। ১৬৯২ চনত হেটমেন ষ্টানিস্লাভ জান যাব্লোনভস্কিয়ে এই দুৰ্গ প্ৰতিষ্ঠা কৰিছিল।
-
কামিয়ানেটচ অৱৰোধ
কামিয়ানেটচ অৱৰোধ কৰা হৈছিল ১৬৭২ চনৰ ১৮ আগষ্টত অটোমান সাম্ৰাজ্যৰদ্বাৰা পোলণ্ডৰ সুৰক্ষিত কামিয়ানেটচ-পোডিলস্কী দুৰ্গত, যিটো বৰ্তমান ইউক্ৰেইনৰ অন্তৰ্গত। এই অৱৰোধ ২৭ আগষ্টলৈকে চলিছিল, যেতিয়া চহৰখন প্ৰতিৰক্ষা কৰি থকা পোলিশ বাহিনীয়ে আত্মসমৰ্পণ কৰিছিল।
-
ক্ৰিভচে দুৰ্গ
ক্ৰিভচে দুৰ্গ (Kryvche Castle) ইউক্ৰেইনৰ টাৰ্নোপিল অঞ্চলৰ ক্ৰিভচেত অৱস্থিত এটা দুৰ্গ। ১৭শ শতিকাৰ প্ৰথমাৰ্ধত কান্তস্কি পৰিয়ালে এই দুৰ্গটো নিৰ্মাণ কৰিছিল। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।
-
খোটিন দুৰ্গ
খোটিন দুৰ্গ (Khotyn Fortress) হৈছে দক্ষিণ-পশ্চিম ইউক্ৰেইনৰ চেৰ্নিভ্চি অব্লাষ্ট (প্ৰদেশ)ৰ খোটিনৰ ডনিষ্টাৰ নদীৰ সোঁপাৰত অৱস্থিত এটা দুৰ্গযুক্ত কমপ্লেক্স। ই উত্তৰ বেছাৰাবিয়াৰ ঐতিহাসিক অঞ্চলৰ ভিতৰত অৱস্থিত, যিটো পূৰ্বতে ৰোমানিয়াৰ অংশ আছিল আৰু ১৯৪০ চনৰ মল'টভ-ৰিবেনট্ৰপ চুক্তিৰ পিছত ছোভিয়েট ইউনিয়নে…
-
চাটানিভ দুৰ্গ
চাটানিভ দুৰ্গ হৈছে ইউক্ৰেইনৰ খমেলনিটচ্কী অব্লাষ্টৰ অন্তৰ্গত খমেলনিটচ্কী ৰায়মৰ চাটানিভ নামৰ গ্ৰাম্য অঞ্চলত অৱস্থিত এটা সুৰক্ষিত দুৰ্গ। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এক স্থাপত্য কীৰ্তিচিহ্ন।
-
চোৰ্টকিভ দুৰ্গ
চোৰ্টকিভ দুৰ্গ ( Chortkiv Castle) ১৭শ শতিকাৰ আৰম্ভণিতে চেৰেট নদীৰ বাওঁপাৰত ইটা আৰু শিলেৰে নিৰ্মাণ কৰা এটা দুৰ্গ। ইয়াৰ আগতে ১৬শ শতিকাৰ মাজভাগত সেই ঠাইতে এটা কাঠৰ দুৰ্গ আছিল। দুৰ্গটো ভিহনাংকা অঞ্চলত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই ইউক্ৰেইনৰ চোৰ্টকিভ চহৰত অৱস্থিত।
-
ছেইণ্ট এলিজাবেথ দুৰ্গ
ছেইণ্ট এলিজাবেথ দুৰ্গ (Fortress of St. Elizabeth, Фортеця Святої Єлисавети) ক্ৰোপিভনিত্স্কি চহৰত অৱস্থিত এখন প্ৰাক্তন মাটিৰ দুৰ্গ। স্থানীয়ভাৱে ইয়াক "মাটিৰ দুৰ্গ" বুলিও কোৱা হয়। দুৰ্গটো ছয়টা চূড়াযুক্ত তৰাৰ আকৃতিৰ আছিল। ই মধ্য ইউক্ৰেইনত অৱস্থিত আৰু চহৰখনৰ মুখ্য প্ৰতীকৰূপে পৰিগণিত হৈছে।
-
জ'ল'চিভ দুৰ্গ
জ'ল'চিভ দুৰ্গ (Zolochivs'kyi zamok) আছিল গেলিচিয়াৰ (বৰ্তমান ইউক্ৰেইনৰ লভিভ ওব্লাষ্টৰ অন্তৰ্ভুক্ত) জ'ল'চিভৰ (Złoczów) দক্ষিণ-পূব অংশত অৱস্থিত দুখন সৰু নদীৰ সংযোগস্থলৰ এটা পাহাৰৰ ওপৰত গঢ়ি উঠা চ’বিয়েস্কি অভিজাত পৰিয়ালৰ এক বাসভৱন।
-
জ্বাৰাঝ দুৰ্গ
জ্বাৰাঝ দুৰ্গ ( Zbarazh Castle) জ্বাৰাঝত অৱস্থিত এটা সুৰক্ষিত প্ৰতিৰক্ষা দুৰ্গ। এই দুৰ্গটো পোলেণ্ড–লিথুৱানিয়া সংঘৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল। ই পশ্চিম ইউক্ৰেইনৰ টাৰ্নোপিল প্ৰদেশৰ জামকোভা পাহাৰৰ শিখৰসমূহৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে আৰু চহৰখনৰ কেন্দ্ৰীয় চৌহদৰ কাষত অৱস্থিত।
-
টেৰেবোভ্লিয়া দুৰ্গ
টেৰেবোভ্লিয়া দুৰ্গ (ইংৰাজী: Terebovlia Castle) হৈছে পশ্চিম ইউক্ৰেইনৰ টেৰেবোভ্লিয়া চহৰত অৱস্থিত ১৭ শতিকাৰ এটা ধ্বংসপ্ৰাপ্ত দুৰ্গ। এই ধ্বংসাৱশেষসমূহ গ্নীজনী কেনিয়নৰ কাষত, চেৰেট নদীৰ মুখৰ ওচৰত অৱস্থিত।
-
ডুব্ন’ দুৰ্গ
ডুব্ন’ দুৰ্গ (Dubno Castle, ইউক্ৰেনিয়ান: Дубенський замок, ৰোমান: Dubens'kyi zamok; প’লিছ: Zamek w Dubnie) হৈছে ইউক্ৰেইনৰ এটা প্ৰাচীন দুৰ্গ। ১৪৯২ শকত ৰাজকুমাৰ কনষ্টাণ্টি অষ্ট্ৰ’স্কিয়ে ভলহিনিয়াৰ প্ৰাচীন ৰুথেনিয়ান দুৰ্গ, ডুব্ন’ৰ ওচৰতে ইকুৱা নদীৰ ওপৰেৰে দেখা পোৱাকৈ ডুব্ন’ দুৰ্গ প্ৰতিষ্ঠা কৰিছিল।
-
তুস্তান দুৰ্গ
তুস্তান (Fortress of Tustan) ৯মৰপৰা ১৬শ শতিকালৈ অস্তিত্ব থকা মধ্যযুগীয় দুৰ্গ-নগৰ আৰু শুল্ক সংগ্ৰহৰ স্থান আছিল। ই কিয়েভান ৰুছৰ এটা শিলাময় প্ৰতিৰক্ষা সমষ্টি আছিল। ইয়াৰ অৱশেষ ইউক্ৰেইনীয় কাৰ্পেথিয়ান পৰ্বতমালাৰ পূব বেস্কিড অঞ্চলত, লভিভ অঞ্চলৰ স্কোলে জিলাত, ইউৰিচ গাঁৱৰ ওচৰত অৱস্থিত।
-
পালানোক দুৰ্গ
পালানোক দুৰ্গ (Palanok Castle) বা মুকাচেভো দুৰ্গ হৈছে পশ্চিম ইউক্ৰেইনৰ জাকাৰপাটিয়া অব্লাষ্ট (প্ৰদেশ)ৰ মুকাচেভো চহৰৰ এটা ঐতিহাসিক দুৰ্গ। পালানোক দুৰ্গ অতি সযতনে সংৰক্ষণ কৰা হৈছে, আৰু ই ৬৮ মিটাৰ (২২৩ ফুট) উচ্চতা, পূৰ্বতে আগ্নেয়গিৰিৰ পাহাৰত অৱস্থিত।
-
পিধিৰ্টছি দুৰ্গ
পিধিৰ্টছি দুৰ্গ (Pidhirtsi Castle; zamek w Podhorcach) হৈছে ইউক্ৰেইনৰ লভিভ অঞ্চলৰ পিধিৰ্টছি গাঁৱত অৱস্থিত এটা দুৰ্গ-ৰাজপ্ৰাসাদ। ই লভিভৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ পূবত অৱস্থিত।
-
বাটুৰিন ফোৰ্ট্ৰেচ চিট্যাডেল
বাটুৰিন ফোৰ্ট্ৰেচ চিট্যাডেল ( Baturyn Fortress Citadel) বা বাটুৰিন দুৰ্গৰ দুৰ্গ হৈছে বাটুৰিন অঞ্চলত অৱস্থিত এটা স্থাপত্য আৰু স্মৃতিসৌধ। ই ৰাষ্ট্ৰীয় ঐতিহাসিক আৰু সাংস্কৃতিক সংৰক্ষিত বনাঞ্চল "হেটমেনৰ ৰাজধানী"ৰ ভিতৰত সংগ্ৰহালয় হিচাপে কাম কৰে।
-
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গ
বিলহোৰড-ডনিষ্ট্ৰভস্কি দুৰ্গ বা আক্কাৰমেন দুৰ্গ ( Bilhorod-Dnistrovskyi fortress, Білгород-Дністровська фортеця, বা Акерманська фортеця; ৰুমানিয়ান: Cetatea-Albă; কোকোট নামেও জনাজাত) ত্ৰয়োদশ–চতুৰ্দশ শতিকাৰ এক ঐতিহাসিক আৰু স্থাপত্যিক স্মাৰক তথা দুৰ্গ।
-
বিলহোৰোড কিয়েভস্কী
বিলহোৰোড কিয়েভস্কী আছিল কিয়েভীয় ৰাছৰ অন্তৰ্গত ইৰ্পিন নদীৰ সোঁপাৰে অৱস্থিত এখন গুৰুত্বপূৰ্ণ চহৰ-দুৰ্গ। ৯৯১ চনত প্ৰতিষ্ঠিত এই দুৰ্গটোৱে কিয়েভ চহৰক ঝাইটোমিৰ আৰু হালিচ চহৰৰ সৈতে সংযোগ কৰা এক প্ৰধান ঘাইপথত অৱস্থিত আছিল, কিন্তু পৰৱৰ্তী সময়ত মংগোলীয় টাটাৰসকলৰ আক্ৰমণত ই সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়।
-
ভিশ্নিভেৎস প্ৰাসাদ
ভিশ্নিভেৎস প্ৰাসাদ (Vyshnivets Palace) বা ভিশ্নিভেৎস্কি প্ৰাসাদ (Vyshnivets Palace) ইউক্ৰেইনৰ পশ্চিম অংশৰ তেনোপিল অঞ্চলত জবাৰাঝ চহৰৰ ওচৰৰ ভিশ্নিভেৎস নামৰ গ্ৰাম্য বসতিত অৱস্থিত। ঐতিহাসিকভাৱে এই প্ৰাসাদটো ভিশ্নিভেৎস্কি ৰাজপৰিয়ালৰ মুখ্য বাসস্থান আছিল।
-
মাইকুলিণ্টছী দুৰ্গ
মাইকুলিণ্টছী দুৰ্গ ( Mykulyntsi Castle) টাৰ্নোপিল অঞ্চলৰ মাইকুলিণ্টছীত ১৫৫০ চনত নিৰ্মাণ কৰা এটা দুৰ্গ। ছিয়েনিয়াভস্কি পৰিয়ালৰ আন্না জৰ্ডানোভাই এই দুৰ্গটো নিৰ্মাণ কৰাইছিল। তেওঁ ক্ৰাক’ভৰ দুৰ্গাধ্যক্ষ স্পাইটেক ৱাভ্ৰজিনিয়েক জৰ্ডানৰ পত্নী আছিল। এইটো ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।
-
মেদঝিবিঝ দুৰ্গ
মেদঝিবিঝ দুৰ্গ ( Medzhybizh Fortress) ইউক্ৰেইনৰ মেদঝিবিঝ চহৰত দক্ষিণ বাগ আৰু বুঝক নদীৰ সংগমস্থলীত অৱস্থিত। এই আকৰ্ষণীয় দুৰ্গটোত বিভিন্ন যুগৰ স্থাপত্য শৈলী আৰু প্ৰতিৰক্ষামূলক স্থাপত্যৰ বৈশিষ্ট্য আছে।
-
লভিভ হাই কাষ্টল
লভিভ হাই কাষ্টল (ইউক্ৰেনীয়ান: Високий замок) হৈছে ইউক্ৰেইনৰ লভিভ চহৰৰ কাষ্টল হিল (দুৰ্গ পাহাৰ)ৰ ওপৰত অৱস্থিত এটা ঐতিহাসিক দুৰ্গ। এই ঠাইখিনিয়ে বৰ্তমান সাগৰ পৃষ্ঠৰ পৰা ৪১৩ মিটাৰ উচ্চতাৰে চহৰখনৰ আটাইতকৈ ওখ বিন্দু হিচাপে স্থান লাভ কৰিছে।
-
লাষ্টোচকিনো গ্নেজদো
লাষ্টোচকিনো গ্নেজদো (Ласточкино гнездо, Ластівчине гніздо) গাস্প্ৰাত অৱস্থিত এটা অলংকাৰিক দুৰ্গ। গাস্প্ৰা ইয়াল্টা আৰু আলুপকাৰ মাজত থকা ক্ৰিমিয়া উপদ্বীপৰ এখন সৰু স্বাস্থ্যনিবাস চহৰ। ১৯১১ চনৰপৰা ১৯১২ চনৰ ভিতৰত ৪০ মিটাৰ ওখ অৰোৰা শিলাখণ্ডৰ ওপৰত এই ভৱনটো নিৰ্মাণ কৰা হৈছিল।
-
লুবাৰ্টৰ দুৰ্গ
লুটস্ক দুৰ্গটো স্থানীয়ভাৱে লিউবাৰ্টৰ দুৰ্গ বা উচ্চ দুৰ্গ বুলিও জনাজাত। এই দুৰ্গটো ১৪ শতিকাৰ মাজভাগত সংযুক্ত গালিচিয়া-ভলহিনিয়াৰ শেষ শাসক গেডিমিনাছৰ পুত্ৰ লিউবাৰ্টাছ (লুবাৰ্ট)ৰ বাবে দুৰ্গযুক্ত বাসগৃহ হিচাপে নিৰ্মাণ কৰা হৈছিল।
-
শ্বেনবৰ্ন প্ৰাসাদ (বেৰেগভাৰ)
বেৰেগভাৰ চিকাৰ ভৱন (ইউক্ৰেইনীয়ান: Палац графів Шенборнів; জাৰ্মান: Schloss Beregvár বা Jagdchloss Beregvár) হৈছে এক নৱ-ৰোমাণ্টিক শৈলীৰ প্ৰাসাদ। ই ইউক্ৰেইনৰ জাকাৰপেটিয়া অব্লাষ্টৰ মুকাচেভো ৰায়মৰ অন্তৰ্গত চিনাদিওভোৰ কাৰ্পেটি নামৰ ঠাইত অৱস্থিত।
-
স্কালা-পোদিলস্কা দুৰ্গ
স্কালা-পোদিলস্কা দুৰ্গ (Skala-Podilska Castle) টেৰ্নোপিল অঞ্চলৰ স্কালা-পোদিলস্কাত জব্ৰুচ নদীৰ এটা খাৱৈৰ ওপৰত অৱস্থিত। এই দুৰ্গটো এটা শিলাময় আগবঢ়া ভূ-খণ্ডৰ ওপৰত নিৰ্মিত আৰু দক্ষিণফালৰপৰাহে ইয়ালৈ যোৱা সম্ভৱ। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।