অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জুজু

জুজু (ZooZoo) হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ছিজন ২ (আই পি এল)ৰ পৰা ভোডাফোন ইণ্ডিয়াই প্ৰচাৰ কৰা বিজ্ঞাপনৰ চৰিত্ৰ। জুজুছ হৈছে বেলুনযুক্ত শৰীৰ আৰু কণীৰ দৰে আকৃতিৰ মূৰ থকা বগা ৰঙৰ এক কাল্পনিক জীৱ যিবোৰক ভোডাফোনৰ বিভিন্ন মূল্য সংযোজিত সেৱাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জুজু (ZooZoo) হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ছিজন ২ (আই পি এল)ৰ পৰা ভোডাফোন ইণ্ডিয়াই প্ৰচাৰ কৰা বিজ্ঞাপনৰ চৰিত্ৰ। জুজুছ হৈছে বেলুনযুক্ত শৰীৰ আৰু কণীৰ দৰে আকৃতিৰ মূৰ থকা বগা ৰঙৰ এক কাল্পনিক জীৱ যিবোৰক ভোডাফোনৰ বিভিন্ন মূল্য সংযোজিত সেৱাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয়। এই চৰিত্ৰবোৰত সম্পূৰ্ণ শৰীৰ ঢকাকৈ এক বিশেষ পোচাক পিন্ধি মানৱ অভিনেতাই অভিনয় কৰিছে। ভোডাফোনৰ বিজ্ঞাপন পৰিচালনা কৰা সংস্থা অগিলভি এণ্ড মেথাৰে এই বিজ্ঞাপনসমূহ তৈয়াৰ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত থকা বেংগালুৰুস্থিত নিৰ্বাণ ফিল্মছে এই বিজ্ঞাপনৰ শ্বুটিং কৰিছিল। প্ৰকাশ বৰ্মাই বিজ্ঞাপনসমূহ পৰিচালনা কৰিছিল।১

জুজুৰ চাবি লকেট
জুজুৰ চাবি লকেটছবি: Adityamadhav83 · CC BY-SA 3.0

ইতিহাস

জুজুৰ ধাৰণাটো ৰাজীৱ ৰাৱৰ কল্পনা। তেওঁ ইয়াৰ কাহিনীভাগ১ আৰু নামটোৰো সৃষ্টি কৰিছিল।২ প্ৰকাশ বৰ্মাই এই বিজ্ঞাপনসমূহৰ শ্বুটিং আৰু নিৰ্বাণ ফিল্মছে ১০ দিনৰ ভিতৰত প্ৰযোজনা কৰে। প্ৰি-প্ৰডাকচনৰ কাম এমাহৰ ভিতৰত হৈছিল আৰু ইয়াৰ বাবে প্ৰায় ৩ কোটি ভাৰতীয় টকা খৰচ হৈছিল।৩৪

প্ৰস্তুতি

ভোডাফোনৰ বিজ্ঞাপন পৰিচালনা কৰা এজেন্সী অগিলভি এণ্ড মাথাৰক ভোডাফোনে আই পি এলৰ দ্বিতীয় ছিজনত প্ৰতিদিনে প্ৰচাৰৰ উদ্দেশ্যে ৩০টা বিজ্ঞাপনৰ এক ধাৰাবাহিক সৃষ্টি কৰিবলৈ কয়। এই চৰিত্ৰ সমূহত মানুহকে যিমান পাৰি এনিমেটেড দেখাবলৈ চেষ্টা কৰা হৈছিল। তেওঁলোকে কেপ টাউনস্থিত প্ৰডাকচন হাউচ প্লেটিপাছ প্ৰডাকচনৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত এই বিজ্ঞাপনসমূহৰ শ্বুটিং কৰিবলৈ বাংগালুৰুস্থিত নিৰ্বাণ ফিল্মছক নিয়োগ কৰিছিল।

এই জুজু হৈছে বগা কাপোৰৰ তৰপেৰে ঢাকখোৱা সৰু শৰীৰৰ পাতল মহিলা।৩ শ্বুটিঙৰ সময় আৰু খৰচ কম কৰিবলৈ এইসকলৰ প্ৰতিটো মুখৰ অভিব্যক্তি ৰবৰৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল আৰু অভিনেতাসকলৰ ওপৰত পেষ্ট কৰিছিল।১৩ এই সমগ্ৰ কামটোত চৰিত্ৰবোৰে গতি কৰাৰ সময়ত যাতে কোনো বলিৰেখা দেখা নাযায় তাৰ বাবে বডি ছুটৰ বাবে সঠিক সামগ্ৰী বাছি লোৱা, কম ফ্ৰেমৰেটত ফুটেজ শ্বুট কৰা আৰু বিৱৰণৰ ক্ষেত্ৰত পটভূমি সহজ কৰি ৰখা আৰু নিৰপেক্ষতা লঅৱলম্বন কৰা আদি বিভিন্ন দিশত গুৰুত্ব দিয়া হৈছিল। শ্বুটিঙৰ সময়সূচীৰ অসুবিধাৰ বাবে প্ৰযোজকসকলে এই চৰিত্ৰসমূহৰ ক্ষেত্ৰত শিশু শিল্পী ল'ব পৰা নাছিল, সেয়ে চৰিত্ৰবোৰক সৰু যেন দেখাবলৈ চেটবোৰ বাস্তৱতকৈও বহুত ডাঙৰ কৰা হৈছিল।৩

এই জুজু বোৰ দুটা ভাগত বিভক্ত - শৰীৰ আৰু মূৰ। কিছুমান ঠাইত (বিশেষকৈ পেটৰ চাৰিওফালে) বিশেষ পদাৰ্থ ব্যৱহাৰ কৰি শৰীৰটো তৈয়াৰ কৰা হৈছিল আনহাতে মূৰটো পাৰ্স্পেক্স নামৰ কঠিন পদাৰ্থ ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল।৫

জনসাধাৰণৰ সঁহাৰি

ভাৰতীয় দৰ্শকৰ মাজত এই বিজ্ঞাপনসমূহ হিট্ হৈছিল। ফেচবুক, অৰ্কুট আৰু টুইটাৰৰ দৰে ছ'চিয়েল নেটৱৰ্কিং চাইটত থকা বিশাল অনুৰাগীৰ অনুসৰণৰ পৰা এই কথা অনুমান কৰিব পাৰি।৬ জুজুক কেন্দ্ৰ কৰি এই চাইটসমূহত ২০০ৰো অধিক পৃষ্ঠা আছে আৰু ইয়াত ২৫০০০ তকৈ অধিক অনুৰাগী আছে, লগতে এই পৰিসংখ্যা দৈনিক বৃদ্ধি পাইছে।৭৮ ইউটিউবতো বহু হাজাৰ লোকে এই বিজ্ঞাপনবোৰ চাইছিল।৯

ভোডাফোনে বিজ্ঞাপনত পাগ প্ৰজাতিৰ কুকুৰ বিধৰ ঠাইত অধিক মানৱীয় বিকল্পৰ ব্যৱহাৰৰ বাবে পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ (PETA) ২০০৯ চনৰ গ্লিটাৰবক্স বঁটা লাভ কৰে।১০১১

তথ্যসূত্ৰ

  1. ↑ Nashrulla, Tasneem. (2009-05-01). Here come the Zoozoos. Hindustan Times
  2. ↑ (2009-05-09). ZooZoo Ads: The Zoozoos Characters in Vodafone TV. Zimbio.com
  3. ↑ Shah, Gouri. (2009-05-01). Zoozoo enjoys 15 min under the sun. Live Mint
  4. ↑ (2009-05-11). The madness of Zoozoos. Deccan the idea is given by sheethala Kumar from Andhra Pradesh Chronicles
  5. ↑ (2009-05-08). India gets a new cult of weird beings- the Zoozoos. The Times Of India
  6. ↑ (2009-04-30). Vodafone's ZooZoos, stars of IPL ad breaks. The Hindu Business Line
  7. ↑ Bala, Vaishnavi. (2009-05-22). Here come the Zoozoos. Express Buzz
  8. ↑ (2009-05-06). ZooZoos take online world by storm. CIOL
  9. ↑ (2009-05-06). It's a zoozoo out there. Express Buzz
  10. ↑ (2009-05-22). Vodafone ZooZoos win PETA award. Sify
  11. ↑ (2009-05-22). PETA goes gaga over ZooZoos. One India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুজু” প্ৰবন্ধৰ সংশোধন ৬৩৭১৬৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।