ইউক্ৰেইন
৬৯ প্ৰবন্ধ
-
প্ৰাচীন চেৰ্নিহিভ
প্ৰাচীন চেৰ্নিহিভ (ইউক্ৰেইনীয়: Чернігів стародавній) ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এটা ৰাষ্ট্ৰীয় স্থাপত্য-ঐতিহাসিক সংৰক্ষিত অঞ্চল। ই চেৰ্নিহিভৰ প্ৰাচীন ঐতিহাসিক কেন্দ্ৰৰ স্থাপত্য, প্ৰত্নতাত্ত্বিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল।
-
বলডীনি হ’ৰী
বলডীনি হ’ৰী বা বলডীনি পাহাৰসমূহ চেৰ্নিহিভ চহৰত ডেছনা নদীৰ সোঁপাৰত অৱস্থিত এটা ঐতিহাসিক অঞ্চল। ১৯৭২ চনৰপৰা ই ভূদৃশ্য কলাৰ এটা স্মাৰক হিচাপেও স্বীকৃত। বলডীনি হ’ৰী চেৰ্নিহিভৰ ঐতিহাসিক কেন্দ্ৰৰপৰা প্ৰায় দুই কিলোমিটাৰ দূৰত অৱস্থিত। চহৰৰ কেন্দ্ৰৰপৰা খোজকাঢ়ি বা ৰাজহুৱা পৰিবহণেৰে টলষ্টয় পথলৈ যাব পাৰি।
-
ডাইটিনেটছ উদ্যান
ডাইটিনেটছ উদ্যান ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এখন উদ্যান। ই কিয়েভান ৰুছ যুগৰ চহৰখনৰ দুৰ্গযুক্ত অঞ্চল ডাইটিনেটছৰ স্থানত অৱস্থিত। ই ডেছনা নদীৰ পাৰত থকা এটা টিলাত অৱস্থিত। উদ্যানখনত বহুতো গীৰ্জা আৰু এটা প্ৰতিৰক্ষা ব্যৱস্থা আছে। দৰ্শনস্থলীত সপ্তদশ শতিকাৰ ঢালাই লোহাৰে নিৰ্মিত ১২টা দুৰ্গৰ বৰটোপ আছে।
-
কামিয়ানেটছ-পডিলস্কি
কামিয়ানেটছ-পডিলস্কি (ইউক্ৰেইনীয়ান: Кам'янець-Подільський; পোলিশ: Kamieniec Podolski) হৈছে পশ্চিম ইউক্ৰেইনৰ স্মোট্ৰিচ নদীৰ পাৰত অৱস্থিত এখন চহৰ। ই চহৰখন চ্চাৰ্নিভট্সিৰ উত্তৰ-পূব দিশত অৱস্থিত।
-
চেৰ্নিহিভ কলেজিয়াম
চেৰ্নিহিভ কলেজিয়াম ( Chernihiv Collegium) কছাক হেটমেনাতৰ অন্যতম প্ৰথম শিক্ষানুষ্ঠান আছিল। ইয়াত ডিনিপ্ৰ নদীৰ বাওঁপাৰৰ অঞ্চলত প্ৰথমে সম্পূৰ্ণ মাধ্যমিক আৰু পিছলৈ উচ্চ ধৰ্মীয় শিক্ষা প্ৰদান কৰা হৈছিল। কলেজিয়ামটোৰ সৰ্বাধিক সমৃদ্ধিৰ সময়ত ই এটা গুৰুত্বপূৰ্ণ শিক্ষা আৰু বৌদ্ধিক কেন্দ্ৰলৈ পৰিণত হৈছিল।
-
লিজোহুবৰ ঘৰ
লিজোহুবৰ ঘৰ ( House of Lyzohub) চেৰ্নিহিভ ৰেজিমেণ্টৰ কৰ্ণেল ইয়াকিভ লিজোহুবৰ নামেৰে নামকৰণ কৰা হৈছে। ই চেৰ্নিহিভ চহৰৰ ডাইটিনেটছ উদ্যানত অৱস্থিত। এইটো ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক আৰু স্থানীয় ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক।
-
অডেছা ৰাষ্ট্ৰীয় একাডেমিক অপেৰা আৰু বেলে থিয়েটাৰ
অডেছা ৰাষ্ট্ৰীয় একাডেমিক অপেৰা আৰু বেলে থিয়েটাৰ (Odesa National Academic Opera and Ballet Theatre, Odeskyi natsionalnyi akademichnyi teatr opery ta baletu) ইউক্ৰেইনৰ অডেছাৰ আটাইতকৈ পুৰণি থিয়েটাৰ। থিয়েটাৰটো আৰু পটেমকিন চিৰি অডেছাৰ আটাইতকৈ বিখ্যাত অট্টালিকাসমূহৰ ভিতৰত অন্যতম।
-
ইউক্ৰেইন ৰাষ্ট্ৰীয় অপেৰা
ইউক্ৰেইন ৰাষ্ট্ৰীয় অপেৰা বা কিয়েভ অপেৰা গোটটো ১৮৬৭ চনৰ গ্ৰীষ্মকালত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। অডেছা অপেৰাৰ পিছত আৰু লভিভ অপেৰাৰ আগত ই ইউক্ৰেইনৰ দ্বিতীয় পুৰণি অপেৰা প্ৰতিষ্ঠান। কিয়েভ অপেৰা কোম্পানীয়ে কিয়েভ অপেৰা গৃহত অনুষ্ঠান পৰিৱেশন কৰে।
-
ওডেছা
ওডেছা ইউক্ৰেইনৰ তৃতীয় সৰ্বাধিক জনবহুল চহৰ আৰু পৌৰসভা। দেশৰ দক্ষিণ-পশ্চিম অংশত, ক'লা সাগৰৰ উত্তৰ-পশ্চিম উপকূলত অৱস্থিত এটা প্ৰধান সাগৰীয় বন্দৰ আৰু পৰিবহণ কেন্দ্ৰ। ইয়াৰ উপৰিও ওডেছা ৰেয়ন আৰু ওডেছা অব্লাষ্টৰ প্ৰশাসনিক কেন্দ্ৰৰ লগতে বহু সংস্কৃতিৰ সাংস্কৃতিক কেন্দ্ৰও আছে।
-
ক'লা সমাধি
ক'লা সমাধি ( Black Grave) চেৰ্নিহিভ, ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ সমাধি টিলা। ই প্ৰাচীন চেৰ্নিহিভ ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ অংশ আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰত্নতাত্ত্বিক স্মাৰক।
-
কিয়েভ অপেৰা গৃহ
কিয়েভ অপেৰা গৃহ ( Kyiv Opera House) আনুষ্ঠানিকভাৱে তাৰাছ শ্বেভচেংকোৰ নামেৰে নামকৰণ কৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় শৈক্ষিক অপেৰা আৰু বেলে থিয়েটাৰ, ইউক্ৰেইনৰ ৰাজধানী কিয়েভত অৱস্থিত এটা অপেৰা গৃহ। ই ইউক্ৰেইন ৰাষ্ট্ৰীয় অপেৰাৰ মুখ্য কাৰ্যালয়।
-
গল্ডেন গেট, কিয়েভ
কিয়েভৰ গোল্ডেন গেট (Golden Gate of Kyiv) আছিল একাদশ শতিকাত কিয়েভান ৰুছৰ ৰাজধানী কিয়েভ নগৰীৰ দুৰ্গ-প্ৰাচীৰৰ মুখ্য প্ৰৱেশদ্বাৰ। ইয়াৰ নাম সম্ভৱতঃ কনষ্টাণ্টিনোপলৰ গোল্ডেন গেটৰ অনুকৰণত ৰখা হৈছিল। মধ্যযুগত এই স্থাপনাটো ভাঙি পেলোৱা হয় আৰু ইয়াৰ অস্তিত্বৰ অতি কমসংখ্যক অৱশেষহে পোৱা গৈছিল।
-
চুফুট-কালে
চুফুট-কালে (Chufut-Kale) হৈছে ক্ৰিমিয়ান পৰ্বতমালাত অৱস্থিত মধ্যযুগীয় যুগৰ এখন দুৰ্গ-নগৰ, যি বৰ্তমান ধ্বংসাৱশেষত পৰিণত হৈছে। ই ক্ৰিমিয়ান কাৰাইট সংস্কৃতিৰ এটা ৰাষ্ট্ৰীয় স্মাৰক আৰু বাখচিছাৰাইৰপৰা মাত্ৰ ৩ কিলোমিটাৰ (১.৯ মাইল) পূবে অৱস্থিত। ইয়াৰ নাম ক্ৰিমিয়ান তাতাৰ আৰু তুৰ্কী ভাষাৰপৰা অহা।
-
ছেইণ্ট এণ্ড্ৰুজ গীৰ্জা, কিয়েভ
ছেইণ্ট এণ্ড্ৰুজ গীৰ্জা ( St Andrew's Church) ইউক্ৰেইনৰ কিয়ভত অৱস্থিত এটা ঐতিহাসিক অৰ্থডক্স গীৰ্জা। ১৭৪৭ চনৰ পৰা ১৭৫৪ চনৰ ভিতৰত ইটালীৰ স্থপতিবিদ বাৰ্টলমিঅ’ ৰাষ্ট্ৰেলিৰ ডিজাইন অনুসৰি নিৰ্মাণ কৰা হৈছিল। ইউক্ৰেইনৰ বেৰক ভাষাৰ ই এক বিৰল উদাহৰণ। ছেইণ্ট এণ্ড্ৰুজ গীৰ্জাটো ঠেক পাহাৰৰ ওপৰত অৱস্থিত।
-
ছেইণ্ট চিৰিল মঠ, কিইভ
ছেইণ্ট চিৰিল মঠ ( St. Cyril's Monastery; অন্য নাম: কিৰিলো-বেলোজেৰস্কি মঠ) ইউক্ৰেইনৰ ৰাজধানী কিইভত অৱস্থিত এটা মধ্যযুগীয় খ্ৰীষ্টান মঠ। এই মঠটোত বিখ্যাত চেণ্ট চিৰিল চাৰ্চ আছে, যিটো দ্বাদশ শতিকাৰ কিয়েভান ৰাছৰ স্থাপত্যৰ উল্লেখযোগ্য উদাহৰণ, য’ত ১৭ আৰু ১৯ শতিকাৰ শৈলীৰ মিশ্ৰণও প্ৰদৰ্শিত হৈছে।
-
টিৰাছ
টিৰাছ (Τύρας) কৃষ্ণ সাগৰৰ উত্তৰ উপকূলত অৱস্থিত এখন প্ৰাচীন গ্ৰীক চহৰ আছিল। ইয়াক টিৰান (Τύραν) বুলিও কোৱা হৈছিল। ষ্টিফানাছ অব বাইজেণ্টিয়ামৰ মতে এই চহৰখনক পূৰ্বতে ওফিউছা (Ὀφιοῦσσα) বুলি জনা গৈছিল। মিলেটছৰ উপনিৱেশকাৰীসকলে সম্ভৱতঃ অনুমাণিক খ্ৰীষ্টপূৰ্ব ৬০০ চনত এই চহৰখন স্থাপন কৰিছিল।
-
বাখচিছাৰাই
বাখচিছাৰাই, ইউক্ৰেইনৰ ক্ৰিমিয়াৰ স্বায়ত্তশাসিত গণৰাজ্য এখন চহৰ। ই বাখচিছাৰাই ৰায়নৰ প্ৰশাসনিক কেন্দ্ৰ, লগতে পূৰ্বৰ ক্ৰিমিয়ান খানাতৰ ৰাজধানী। ইয়াৰ মুখ্য আকৰ্ষণ হৈছে হানছাৰাই, ক্ৰিমিয়ান খানসকলৰ একমাত্ৰ বৰ্তমানলৈ সংৰক্ষিত প্ৰাসাদ, যিটো বৰ্তমান সংগ্ৰহালয় হিচাপে পৰ্যটকৰ বাবে মুকলি।
-
বাখচিছাৰাই প্ৰাসাদ
বাখচিছাৰাই প্ৰাসাদ (Bakhchysarai Palace, Hansaray; Han Sarayı) ক্ৰিমিয়াৰ বাখচিছাৰাই চহৰত অৱস্থিত এখন প্ৰাসাদ। ১৬শ শতিকাত নিৰ্মাণ কৰা এই প্ৰাসাদটো ক্ৰিমিয়াৰ খানসকলৰ একাধিক প্ৰজন্মৰ বাসস্থান হৈ পৰিছিল। দেৱালেৰে আগুৰি থকা এই প্ৰাংগনত এটা মছজিদ, এটা হাৰেম, এটা সমাধিক্ষেত্ৰ, বাসস্থান আৰু বাগিছা আছে।
-
মাইদানেটস্কে
মাইদানেটস্কে (ইউক্ৰেইনীয়ান: Майданецьке) হৈছে ইউক্ৰেইনৰ চেৰকাচি অব্লাষ্ট (প্ৰভিন্স)ৰ জভেনিহোৰোডকা ৰায়ন (জিলা)ৰ অন্তৰ্গত এখন গাঁও। এই গাঁওখন ৰাজধানী কিয়েভৰপৰা প্ৰায় ২৩৫ কিলোমিটাৰ (১৪৬ মাইল) দক্ষিণে অৱস্থিত। ই ইউক্ৰেইনৰ অন্যতম এক স্থানীয় প্ৰশাসনিক গোট টালনে নগৰীয়া হ্ৰমাডাৰ অন্তৰ্ভুক্ত।
-
য়েলেটস্কি মঠ
য়েলেটস্কি ডৰ্মিচন মঠ ( Yeletskyi Dormition Monastery) হৈছে ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰৰ এটা পূৰ্বৰ অৰ্থডক্স মঠ, ডেছনা নদীৰ উচ্চ সোঁপাৰত, ডাইটিনেটছ পাৰ্ক আৰু ট্ৰিনিটি মঠৰ মাজত অৱস্থিত।
-
অৰ্নেক
অৰ্নেক ক্ৰিমিয়ান তাতাৰসকলৰ এটা জাতীয় অলংকাৰ আৰু তেওঁলোকৰ অন্যতম প্ৰাচীন সাংস্কৃতিক ঐতিহ্য। ২০২১ চনত অৰ্নেক আৰু ইয়াৰ সৈতে জড়িত জ্ঞানক ইউনেস্কোৰ মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধিত্বমূলক তালিকাত অন্তৰ্ভুক্ত কৰা হয়।
-
আস্কানীয়া-নোভা
আস্কানীয়া-নোভা (Askania-Nova) সম্পূৰ্ণ ইউক্ৰেইনীয় নাম ফাল্ৎস-ফেইনৰ নামেৰে নামকৰণ কৰা আস্কানীয়া-নোভা জৈৱ-মণ্ডল সংৰক্ষিত এলেকা ইউক্ৰেইনৰ খেৰছন অব্লাষ্টত, শুকান টাউৰিডা ষ্টেপ অঞ্চলত, অলেশ্কি ছেণ্ডছৰ ওচৰত অৱস্থিত এখন জৈৱ-মণ্ডল সংৰক্ষিত এলেকা।
-
ইউক্ৰেইন ৰাষ্ট্ৰীয় কলা সংগ্ৰহালয়
ইউক্ৰেইন ৰাষ্ট্ৰীয় কলা সংগ্ৰহালয় (National Art Museum of Ukraine, stylized NAMU) ইউক্ৰেইনৰ কলাৰ বাবে উৎসৰ্গিত এটা সংগ্ৰহালয়। ই ইউক্ৰেইনৰ কিয়েভ চহৰত অৱস্থিত।
-
ইউক্ৰেইনিয়ান বুক ইনষ্টিটিউট
ইউক্ৰেইনিয়ান বুক ইনষ্টিটিউট বা ইউক্ৰেনীয় গ্ৰন্থ প্ৰতিষ্ঠান হৈছে ইউক্ৰেইনৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত থকা এটি ৰাষ্ট্ৰীয় গ্ৰন্থ প্ৰতিষ্ঠান। গ্ৰন্থ উদ্যোগত ৰাষ্ট্ৰীয় নীতি গঠন কৰা, কিতাপ পঢ়া অভ্যাসক প্ৰসাৰ কৰা, প্ৰকাশকলৈ সহযোগ আগবঢ়োৱা, অনুবাদক উৎসাহিত কৰা তথা বিদেশত ইউক্ৰেনৰ সাহিত্যক জনপ্ৰিয়…
-
ইনকাৰমেন গুহা মঠ
ছেইণ্ট ক্লেমেণ্টৰ ইনকাৰমেন মঠ ( Inkerman Cave Monastery) হৈছে ইনকাৰমেন চহৰৰ ব্লেক নদীৰ সন্মুখৰ ওচৰৰ ঠেক শিলৰ ওপৰত নিৰ্মিত এটা গুহা-মঠ। এই স্থানটো প্ৰকৃততে চেভাষ্টোপল সাগৰীয় বন্দৰৰ অংশ হিচাপে পৰিচালিত হয় যদিও আইনগতভাৱে ই ক্ৰিমিয়াৰ স্বায়ত্তশাসিত গণৰাজ্যৰ অন্তৰ্গত।
-
এস্কি ডুৰ্বে
এস্কি ডুৰ্বে ( Eski Durbe) (ক্ৰিমিয়াৰ টাটাৰৰ অৰ্থ পুৰণি সমাধি) ইউক্ৰেইনৰ ক্ৰিমিয়াৰ বাখচিছাৰাই চহৰৰ আটাইতকৈ পুৰণি সমাধিস্থল। একাংশ সূত্ৰৰ মতে খানৰ প্ৰাসাদৰ ১০০ বছৰতকৈও অধিক পূৰ্বে অৰ্থাৎ চতুৰ্দশ শতিকাত এস্কি ডুৰ্বে নিৰ্মাণ কৰা হৈছিল।
-
কাম্যনা মহীলা
কাম্যনা মহীলা (Kamyana Mohyla, Кам'яна Могила; Kamiennaya Mogila),, ইউক্ৰেইনৰ জাপৰিজঝিয়া অব্লাষ্টৰ মেলিটোপোল ৰায়নৰ টেৰ্পিনিয়া গাঁৱৰপৰা প্ৰায় এক মাইল দূৰত মোলোচনা নদীৰ (গাখীৰীয়া নদী) উপত্যকাত আৱস্থিত এক প্ৰত্নতাত্ত্বিক স্থান।
-
কালোস লিমেন
কালোস লিমেন (Kalos Limen, Καλός Λιμήν; Калос-Лімен; Калос Лимен) প্ৰাচীন গ্ৰীকৰ এক উপনিৱেশ। ই ক্ৰিমিয়ান উপদ্বীপৰ পশ্চিম উপকূলত অৱস্থিত আছিল আৰু খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাৰপৰা খ্ৰীষ্টপূৰ্ব ১ম শতিকালৈ ইয়াৰ অস্তিত্ব আছিল।
-
কিভ অৱৰোধ (১৬৫৮)
কিভ অৱৰোধ বা কিভ প্ৰতিৰক্ষা আছিল দানিয়েল ভিহোভস্কিৰ নেতৃত্বত কিভ চহৰত চলোৱা এক সামৰিক অৱৰোধ। চহৰখনৰ ৰাছিয়ান সৈন্যদলৰ কমাণ্ডাৰ আছিল ভাচিলি শ্বেৰেমেন্তেভ। এই যুদ্ধৰ ফলত ৰাছিয়াৰ সৈন্যই কছাক ৰেজিমেণ্টসমূহক সম্পূৰ্ণৰূপে পৰাস্ত কৰে আৰু কিভক সফলতাৰে ৰক্ষা কৰে।
-
কিয়েভৰ চফিয়া ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল
কিয়েভৰ চফিয়া ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল (National Reserve "Sophia of Kyiv") ইউক্ৰেইনৰ কিয়েভ আৰু ছুদাক চহৰত অৱস্থিত এক ঐতিহাসিক সংৰক্ষিত অঞ্চল। ইয়াৰ অন্তৰ্গত কেইবাটাও সংগ্ৰহালয়, ঐতিহাসিক স্থান আৰু গুৰুত্বপূৰ্ণ স্থাপত্য কীৰ্তিচিহ্ন আছে।