অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ডা হে ডিং

ডা হে ডিং বা ডা হে ফাংডিং (Da He ding; চীনা: 大禾方鼎; পিনয়ন: Dà Hé fāngdǐng) হৈছে শ্বান বংশৰ শেষৰফালৰ (অনুমাণিক ১৬০০–১০৪৬ খ্ৰীষ্টপূৰ্ব) এক প্ৰাচীন চীনা ব্ৰঞ্জৰ আয়তাকাৰ ঝনঝন বা টুংটাং শব্দ কৰা পাত্ৰ। ১৯৫৯ চনত হুনানৰ নিংছিয়াঙৰ টানহেলিত উদ্ধাৰ হোৱা এই পাত্ৰটি‍ হুনান সংগ্ৰহালয়ত প্ৰদৰ্শিত কৰা হৈছে।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ৩৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ডা হে ডিং বা ডা হে ফাংডিং (Da He ding; চীনা: 大禾方鼎; পিনয়ন: Dà Hé fāngdǐng) হৈছে শ্বান বংশৰ শেষৰফালৰ (অনুমাণিক ১৬০০–১০৪৬ খ্ৰীষ্টপূৰ্ব) এক প্ৰাচীন চীনা ব্ৰঞ্জৰ আয়তাকাৰ ঝনঝন বা টুংটাং শব্দ কৰা পাত্ৰ। ১৯৫৯ চনত হুনানৰ নিংছিয়াঙৰ টানহেলিত উদ্ধাৰ হোৱা এই পাত্ৰটি‍ হুনান সংগ্ৰহালয়ত প্ৰদৰ্শিত কৰা হৈছে। চাৰিওফালৰ প্ৰতিটো ফাল মানুহৰ মুখেৰে অনন্যভাৱে সজাই তোলা এক বিশেষ ধৰণৰ ভাস্কৰ্য শিল্প, ই একমাত্ৰ প্ৰাচীন চীনা ব্ৰঞ্জৰ কলহ য'ত মানুহৰ মুখক সজ্জা হিচাপে ব্যৱহাৰ কৰা হৈছে‍।১২

বিৱৰণ

পাত্ৰটোৰ ভিতৰত ব্ৰঞ্জৰ শিলালিপি: ডা হে (大禾)
পাত্ৰটোৰ ভিতৰত ব্ৰঞ্জৰ শিলালিপি: ডা হে (大禾)ছবি: Zanhe · CC BY-SA 4.0

ডা হে ডিঙৰ নামকৰণ কৰা হৈছে ইয়াৰ ভিতৰৰ দেৱালত ব্ৰঞ্জৰ লিপিৰে লিখা শিলালিপিৰ বাবে, য'ত লিখা আছে "ডা হে" (চীনা: 大禾), বা "গ্ৰেট গ্ৰেইন"।১২ শিলালিপিৰ পৰা বিচাৰ কৰিলে হয়তো ইয়াক শস্য চপোৱাৰ সময়ত বলিদানৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি ভাবিব পাৰি‍।১ চিংহুয়া বাঁহৰ স্লিপৰ গৱেষক দলৰ ১১ সংখ্যক প্ৰকাশনে এখন গ্ৰন্থ উন্মোচন কৰে য'ত "ডা হে"ক চাৰিও দিশৰ দেৱতাৰ ভিতৰৰ এজনৰ নাম বুলি স্পষ্ট কৰিছে‍।৩

যদিও দক্ষিণ ইয়াংচে অঞ্চলত ডা হে ডিং আৱিষ্কাৰ হৈছিল, ইয়াৰ শিলালিপিটো শ্বাং বংশৰ মূল ঝংয়ুয়ান অঞ্চলত পোৱা শিলালিপিৰ সৈতে মিল আছে।৪

ডিং আয়তাকাৰ, চাৰিটা ভৰি, শ্বাঙৰ শেষৰ ফালে এক সাধাৰণ আকৃতি আছে‍।৫ ইয়াৰ উচ্চতা ৩৮.৫ চেণ্টিমিটাৰ (১৫.২ ইঞ্চি) আৰু ইয়াৰ মুকলিৰ জোখ ২৯.৮ চেণ্টিমিটাৰ (১১.৭ ইঞ্চি) আৰু ২৩.৭ চেণ্টিমিটাৰ (৯.৩ ইঞ্চি), যিটো তলৰ অংশতকৈ অলপ ডাঙৰ।১২

পাত্ৰটোৰ আটাইতকৈ অনন্য বৈশিষ্ট্য হ’ল ইয়াৰ চাৰিওফালৰ প্ৰতিটো ফাল প্ৰধানকৈ‍ মানুহৰ মুখেৰে সজাই তোলা এক বিশেষ ধৰণৰ ভাস্কৰ্য শিল্প, যিটো আন কোনো প্ৰাচীন চীনা ব্ৰঞ্জৰ পাত্ৰত পোৱা নাযায়।১২ মুখবোৰৰ চাৰিওফালে শিং আৰু নখৰ সৰু সৰু প্ৰতীকী সজ্জা আছে, যিয়ে মূৰ্তিবোৰৰ আধা মানুহ, আধা প্ৰাণী স্বভাৱৰ ইংগিত দিয়ে। প্ৰাচীন পৌৰাণিক ব্যক্তি যেনে টাওটি, জুৰং, চিয়ু, আৰু চাৰিমুখীয়া হালধীয়া সম্ৰাট আদিকে ধৰি সেই আকৃতি বা গঠনৰ (বা চৰিত্ৰসমূহৰ) পৰিচয়ক লৈ বহুতো জল্পনা-কল্পনা বা অনুমান চলি আছে৷ ইয়াৰ উপৰিও এইবোৰে‍ নুও মুখা বা স্থানীয় পূৰ্বপুৰুষৰ দেৱতাক প্ৰতিনিধিত্ব কৰিব পাৰে।২

আৱিষ্কাৰ

১৯৫৯ চনত হুনান প্ৰদেশৰ নিংছিয়াং কাউন্টিৰ হুয়াংকাই চহৰৰ টানহেলি (বৰ্তমান প্ৰত্নতাত্ত্বিক উদ্যান)ত ডা হে ডিঙক উদ্ধাৰ কৰা হৈছিল। নিজৰ পথাৰত হাল বাই থাকোঁতে‍ এজন কৃষকে আকস্মিকভাৱে পাত্ৰটো আৱিষ্কাৰ কৰি পেলনীয়া ধাতু হিচাপে ইয়াক বিক্ৰী কৰে। এইটো আছিল গ্ৰেট লিপ ফৰৱাৰ্ডৰ সময়ৰ কথা যেতিয়া চীনত পুৰণি লোহা-লক্কৰ গলাই ইয়াৰ জৰিয়তে লোহা উৎপাদন কৰিবলৈ চেষ্টা কৰাৰ প্ৰয়াস যথেষ্ট আছিল।২ ইয়াক ভাগ কৰি হুনানৰ ৰাজধানী চাংছাৰ এটা বৰ্জ্য বা পুৰণি তামৰ গুদামলৈ পঠিওৱা হৈছিল। সাংস্কৃতিক ধ্বংসাৱশেষ উদ্ধাৰৰ বাবে গুদামত নিয়োজিত হুনান সংগ্ৰহালয়ৰ এজন কৰ্মচাৰীয়ে পাত্ৰটিৰ ভঙা টুকুৰা এটা দেখা পায়। তেওঁ গুদামত বাকী অংশ বিচাৰিবলৈ ধৰিলে‍ আৰু অৱশেষত দহটাতকৈও অধিক টুকুৰাৰ সন্ধান পালে, মাত্ৰ এখন ভৰি আৰু তলৰ অংশ পোৱা নগ’ল। হুনান সংগ্ৰহালয়ৰ ব্ৰঞ্জ মেৰামতি বিশেষজ্ঞ জাং জিনৰু (张欣如)ৱে‍ টুকুৰাবোৰ পুনৰ একত্ৰিত কৰিছিল৷ হেৰাই যোৱা ভৰিখন দুবছৰৰ পিছত পুনৰ উদ্ধাৰ কৰি পাত্ৰটোত ভৰাই থোৱা হয়।২

তথ্যসূত্ৰ

  1. ↑ (2014-12-05). zh:商大禾人面纹方鼎——禁止出国(境)展览文物. Institute of Archaeology, Chinese Academy of Social Sciences
  2. ↑ 大禾人面纹方鼎. Hunan Museum
  3. ↑ zh:验证码_哔哩哔哩. bilibili
  4. ↑ Wen Fong. (1980). The Great Bronze Age of China: An Exhibition from the People's Republic of China. Metropolitan Museum of Art. পৃ. 375. ISBN 978-0-87099-226-1
  5. ↑ Chen Ya. (31 August 2013). zh:艺术欣赏. 中国财政经济出版社. পৃ. 188–9. ISBN 978-7-5095-4688-8

সম্পৰ্কিত শ্ৰেণী

চীনা সাংস্কৃতিক ঐতিহ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডা হে ডিং” প্ৰবন্ধৰ সংশোধন ৬৩৩৫২৯ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।