ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ
২০ প্ৰবন্ধ
-
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 37, চমুকৈ NH 37) এটা ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ যিটোৱে অসম ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ।
-
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52, NH 52) উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত অৱস্থিত। গুৱাহাটীৰ উত্তৰ দিশত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফাটি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। তাৰ পিছত ই পূব আৰু উত্তৰ-পূবলৈ বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫০ কিঃমিঃ (৫২৮ মাইল)।
-
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 39, চমুকৈ NH 39) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ (২৭১ মাইল)।
-
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 36, চমুকৈ NH 36) হৈছে অসম আৰু নাগালেণ্ডৰ মাজত সংযোগ স্থাপন কৰা ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ নগাঁওত আৰম্ভ হৈ এই ঘাইপথটো নাগালেণ্ডৰ ডিমাপুৰত শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 170 কি.মি.। ইয়াৰে 167 কি.মি. অসমত আৰু 3 কি.মি. নাগালেণ্ডত আছে।
-
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
ৰাষ্ট্ৰীয় ঘাইপথ নং ৪৪ ( National Highway 44, চমুকৈ NH 44)হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাব্ৰুমৰ লগত সংযোগ কৰিছে। এই ঘাইপথটো ভাৰতৰ তিনিখন ৰাজ্য: মেঘালয়, [[অসম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে।
-
৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 37A, চমুকৈ NH 37A) অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো কুঁৱৰীতলৰ পৰা আৰম্ভ হৈ তেজপুৰত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিছেগৈ। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ২৩ কিঃমিঃ (১৪ মাইল)।
-
৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52A ) অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত আৰম্ভ হৈ অসমৰ গহপুৰত শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৭ কিঃমিঃ (৩৫ মাইল)। ইয়াৰে ১৫ কিঃমিঃ (৯.৩ মাইল) অসমত আৰু ৪২ কিঃমিঃ (২৬ মাইল) অৰুণাচল প্ৰদেশত আছে।
-
১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
১২৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 127A) হৈছে অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোক পূৰ্বতে ১৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (পুৰণি) (National Highway 152(old)) বুলি জনা গৈছিল। এই ঘাইপথটো অসমৰ পাঠশালাত আৰম্ভ হৈ ভাৰত-সীমান্তত গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 38 কি.মি.।
-
১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
১৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 151, চমুকৈ NH 151) হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো অসমৰ কৰিমগঞ্জত আৰম্ভ হৈ ভাৰত-বাংলাদেশত গৈ শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 14 কি.মি.।
-
১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 153, NH 153) অৰুণাচল প্ৰদেশৰ লিডুত আৰম্ভ হৈ ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছেগৈ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬০ কিঃমিঃ। ইয়াৰে ২০ কিঃমিঃ অসমত আৰু ৪০ কিঃমিঃ অৰুণাচল প্ৰদেশত অৱস্থিত।
-
১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 154, চমুকৈ NH 154) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ ধলেশ্বৰত আৰম্ভ হৈ মিজোৰামৰ কানপুইত গৈ শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ১৮০ কিঃমিঃ। ইয়াৰে ১১০ কিঃমিঃ অসমত আৰু ৭০ কিঃমিঃ মিজোৰামত আছে।
-
২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
২২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 229, চমুকৈ: NH 229) হৈছে অৰুণাচল প্ৰদেশৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। ই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাজ্যখনৰ পশ্চিমত অৱস্থিত টাৱাঙ চহৰত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো পাছিঘাট গৈ শেষ হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ১০৯০ কিঃমিঃ। এই পথটো কেৱল অৰুণাচল প্ৰদেশতেই বিস্তৃত হৈ আছে।
-
৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩১চি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 31C, চমুকৈ NH 31C) টোৱে পশ্চিম বংগৰ গলগলীয়া আৰু অসমৰ বিজনীৰ মাজত সংযোগ স্থাপন কৰিছে। এই পথটোৰ দৈৰ্ঘ্য হৈছে ২৩৫ কিঃমিঃ (১৪৬ মাইল)। ইয়াৰে ১৪২ কিঃমিঃ (৮৮ মাইল) অসমত আৰু ৯৩ কিঃমিঃ (৫৮ মাইল) পশ্চিম বংগত আছে।
-
৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 31B, চমুকৈ NH 31B) অসমৰ উত্তৰ শ'লমৰা আৰু যোগীঘোপাৰ মাজত সংযোগ স্থাপন কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 19 কি.মি.।
-
৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 38, চমুকৈ NH 38) হৈছে অসমৰ দুখন চহৰক সংযোগ কৰা এটা কম দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে মাকুম আৰু লেখাপানীক সংযোগ কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৪ কিঃমিঃ (৩৪ মাইল)।
-
৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 51, চমুকৈ NH 51) হৈছে অসম আৰু মেঘালয়ৰ মাজত বিস্তৃত হৈ থকা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ পাইকানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি ওলাইছে। এই ঘাইপথটো মেঘালয়ৰ দালুত গৈ শেষ হৈছে। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ১৪৯ কিঃমিঃ (৯৩ মাইল)।
-
৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 52B, চমুকৈ NH 52B) অসমৰ কুলাজান আৰু ডিব্ৰুগড়ৰ মাজত সংযোগ স্থাপন কৰিছে। এই ঘাইপথটো কুলাজানত আৰম্ভ হৈ ডিব্ৰুগড়ত শেষ হৈছে। এই ৫২ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৩১ কিঃমিঃ (১৯ মাইল)।
-
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 53, চমুকৈ NH 53) হৈছে উত্তৰ-পূব ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৱে অসমৰ বদৰপুৰ আৰু মণিপুৰৰ নুঙবাৰ মাজত সংযোগ স্থাপন কৰিছে। বদৰপুৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা এই ৰাষ্ট্ৰীয় ঘাইপথটো আৰম্ভ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 320 কি.মি.।
-
৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 54, চমুকৈ NH 54) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য হৈছে 850 কি.মি.। এই ঘাইপথটো অসমৰ দবকাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে। তাৰ পিছত দক্ষিণ দিশলৈ গৈ লামডিঙ, শিলচৰৰ মাজেদি গৈছে।
-
৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 61, চমুকৈ NH 61) হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো নাগালেণ্ডৰ ৰাজধানী কহিমাত আৰম্ভ হৈ অসমৰ জাঁজীত শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 240 কি.মি.। ইয়াৰে লাগালেণ্ডত আৰু 20 কি.মি. অসমত আছে।