ভূত-প্ৰেত
২৩ প্ৰবন্ধ
-
বৰদৈচিলা
বৰদৈচিলা বা বাৰদৈচিখলা (बारदैसिख्ला, Bordoisila) বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহা তথা অসমীয়া আৰু বড়ো লোককথাৰ এগৰাকী অপেস্বৰী। অসমীয়া লোককথা অনুসৰি ‘বৰদৈচিলা’ নামৰ অপেস্বৰীগৰাকীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতে বাটৰ সকলোবোৰ বস্তু নষ্ট কৰি যায় যি এই বতাহজাকক…
-
ঘৰ জেউতি
অভিধান মতে, ঘৰ জেউতি মানে ঘৰত থকা উপদেৱতা। অসমৰ লোক কথাত ঘৰ জেউতি বুলিলে ঘৰৰ লক্ষ্মী বুলি মনা হয়। ঘৰ জেউতি এবিধ শান্ত মাইকী ভূত। ই সাধাৰণতে শান্ত মতামানুহৰ ঘৰত থাকে আৰু ই কাৰো অপকাৰ নকৰে। ইয়াৰ সংখ্যা বৰ কম। ৰাতি শুই থকা মানুহৰ গাৰ ওপৰেদি ঘূৰি ফুৰিবলৈ ই ভালপায়।
-
ধনগুলৈ
ধনগুলৈ ( jack-o’-lantern, friar’s lantern, will-o’-the-wisp) পচা বস্তু আদি থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বায়ুবাষ্পৰ সংস্পৰ্শত জ্বলি উঠাৰ ফলত সৃষ্টি হোৱা জুই। পতিত বা পৰিত্যক্ত জলাহভূমিত মাজে মাজে ৰাতি এনে অস্থায়ী অগ্নিশিখা দেখা যায়।
-
বুঢ়া ডাঙৰীয়া
অসমত প্ৰচলিত লোকবিশ্বাসমতে বুঢ়া ডাঙৰীয়া (Burha dangoria) ভয় ভক্তি আৰু সন্মানবোধ জড়িত থকা এক প্ৰকাৰৰ ডাঙৰীয়া ৷ পৃথিৱীৰ প্ৰায় সকলো দেশতে বিভিন্ন ৰূপত কিছুমান অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰা হয়৷ অসম আদিৰে পৰা তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি জনাজাত৷ তন্ত্ৰ মন্ত্ৰৰ লগতে অসমতো কিছুমান অলৌকিক শক্তি থকাৰ…
-
ঘোঁৰাবাঁক
ঘোঁৰাবাঁক বা বাঁক (Baak) সাধাৰণতে পানীৰ আশে পাশে থাকে বুলি মানুহৰ বিশ্বাস। ঘোঁৰাবাকে মাছ, বেঙ, ভেকুলী আদি খায় যদিও মাছ ইহঁতৰ বেছি প্ৰিয় বুলি জনসমাজত বিশ্বাস আছে। ঘোঁৰাবাঁক সম্পৰ্কে অসমীয়া ভাষাত একাধিক সাধু কথাও আছে। ঘোঁৰাবাকে জন্তু-মানুহ আদি সকলোৰে ৰূপ ল’ব পাৰে।
-
ডাঙৰীয়া (লোকবিশ্বাস)
ডাঙৰীয়া (Dangoriya) হৈছে অসমীয়া লোকবিশ্বাসত প্ৰচলিত সন্মানীয় বয়সস্থ ব্যক্তিৰ অলৌকিক শক্তি৷ ভিন্ন প্ৰকাৰৰ ডাঙৰীয়া অসমীয়া জনজীৱনত প্ৰচলিত যেনে বুঢ়া ডাঙৰীয়া, গন্তিয়াল ডাঙৰীয়া, হাবি ডাঙৰীয়া, লগতে চামোন, গাঁও ৰজা আদি গছত বাস কৰা অলৌকিক শক্তি।ডাঙৰীয়াসকলক উপাসনা কৰোতে ৰঙা কুকুৰা আগবঢ়ায়।
-
বীৰা
লোকবিশ্বাস অনুসৰি বীৰা (Poltergeist) হৈছে এক প্ৰকাৰৰ ভূত বা আত্মা। বীৰা এক শ্ৰেণীৰ খেতৰ জাতিৰ অপদেৱতা। বহু ডাঙৰ বেজেহে বীৰাক মন্ত্ৰ মাতি খেদিব পাৰে বুলি জনবিশ্বাস প্ৰচলিত।।
-
অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেত
অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতৰ বিশ্বাস পৃথিৱীৰ অন্যান্য আদিম লোকসমাজৰ দৰেই প্ৰচলিত। অদৃশ্য আৰু ৰহস্যজনক শক্তি সম্বন্ধে প্ৰচলিত এই লোকবিশ্বাস নগৰতকৈ গাঁৱলীয়া সমাজত অধিক। অসমীয়া সমাজত ঘাইকৈ হিন্দু ধৰ্মৰ পৰম্পৰা চলি আহিছে। হিন্দু ধৰ্মত নানা দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা হয়।
-
কন্ধ
কন্ধ এবিধ অপশক্তি বা ভূতৰ এক প্ৰকাৰ৷ কন্ধ শব্দটো ‘কবন্ধ’ শব্দৰ পৰা অহা৷ ই মূৰ নথকা ভূত৷ এহেজাৰ মানুহ য’ত বধ কৰা হয়, তাতে এটা কন্ধ হয় বুলি বিশ্বাস কৰা হয়৷ পৃথিৱীৰ সকলো ঠাইতে কম-বেছি পৰিমাণে অপশক্তি বা ভূত আছে বুলি বিশ্বাস কৰা হয়৷ অসমৰ জনবিশ্বাসত ’কন্ধ’ এক ভয়াল অপকাৰী ভূত৷
-
খেতৰ
অসমৰ লোকবিশ্বাস অনুসৰি খেতৰ (Khetor) একধৰণৰ ভূত বা আত্মা বা অপশক্তি। অতীজত অসম হাবি-জংগলেৰে ভৰা ঠাই আছিল৷ স্বাভাৱিকতে হাবি-জংগলেৰে ভৰা জয়াল ঠাইত নানা অলৌকিক অপশক্তিৰ কথাই পুৰণি কালত মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিছিল৷ বৈজ্ঞানিক চিন্তা-চৰ্চাৰ অভাৱত বেমাৰ-আজাৰকে ধৰি নানা অপায়-অমংগলৰ কাৰণৰূপে…
-
দ'ত
দ'ত বা দৈত্য হৈছে এবিধ অপদেৱতা। পাৰ্থিৱ ভূত-প্ৰেত সমূহৰ ভিতৰত দ'ত হৈছে এবিধ জলচৰ অপদেৱতা। দৈত্য শব্দটো সংস্কৃতৰ পৰা অহা। ই মানুহক বিভিন্ন ছলনা কৰি ফুচুলাই পথ হেৰুৱাই লৈ যায়। তাৰ পিছত নিৰ্জন হাবি বা আন্ধাৰত মানুহক অচেতন কৰি বা মাৰি পেলাই থৈ যায়।
-
পৰুৱা (ভূত)
পৰুৱা (Porua) এবিধ খৰতকীয়া স্ত্ৰী জাতীয় অপদেৱতা। তিনি আলি বা চাৰি আলিৰ মূৰত হে পৰুৱাক লগ পোৱা যায়। অকলশৰীয়া ৰাতি পৰুৱাই লগ পালে যাত্ৰীক ডাঠ আন্ধাৰে আৱৰি ধৰে আৰু আচল বাটটো পাহৰাই দিয়ে। তেনেদৰে বাট হেৰুওৱা মানুহক ক্ৰমে মূল বাটৰ পৰা দূৰলৈ লৈ যায়। ৰাতিৰ ৰাতিটো একে ঠাইত ঘূৰাই ফুৰে।
-
বাংলা সংস্কৃতিত ভূত
ভূত হৈছে বৰ্তমানৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু ত্ৰিপুৰা ৰাজ্যৰে গঠিত বংগৰ ভৌগোলিক আৰু নৃতাত্ত্বিক-ভাষিক অঞ্চলৰ সামাজিক-সাংস্কৃতিক লোককথাৰ এক গুৰুত্বপূৰ্ণ আৰু অবিচ্ছেদ্য অংগ। বাংলা ভাষাৰ পুৰণি আৰু নতুন প্ৰায়বিলাক সাধুকথাত ভূতৰ ধাৰণা ব্যৱহাৰ কৰা হয়।
-
ভূত (কিংবদন্তি)
ভূত (সংস্কৃত: भूत,, ৰোমানীকৃত: bhūta) হৈছে ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় সংস্কৃতি, সাহিত্য আৰু কিছুমান প্ৰাচীন গ্ৰন্থত বৰ্ণিত এক অতিপ্ৰাকৃতিক জীৱ। ভূতবোৰ কেনেকৈ অস্তিত্বলৈ আহে তাৰ ব্যাখ্যা অঞ্চল আৰু সম্প্ৰদায় অনুসৰি ভিন্ন হয়।
-
ভোকাতুৰ ভূত
ভোকাতুৰ ভূত (Hungry Ghost) হৈছে বৌদ্ধ ধৰ্মৰ এটা ধাৰণা আৰু চীনৰ পৰম্পৰাগত ধৰ্ম, যিয়ে তীব্ৰ আৱেগিক প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত সত্তাক পশুবাদীশৈলীৰে প্ৰতিনিধিত্ব কৰে। 餓鬼 èguǐ শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে "ভোকাতুৰ ভূত" আৰু শব্দটো বৌদ্ধ ধৰ্মৰ preta (প্ৰেতা) শব্দটোৰ চীনা অনুবাদ।
-
আচেৰী
আচেৰী দক্ষিণ হিমালয়ৰ বিশেষকৈ কুমাওনৰ আশে-পাশে থকা অঞ্চলৰ লোককথাৰ একোগৰাকী কণমানি ছোৱালীৰ আত্মা। দিনত প্ৰায়ে পাহাৰৰ ওপৰত বাস কৰে আৰু গধূলিৰ সময়ত নামি আহি আপোনমনে উমলি-জামলি নৃত্য কৰে।
-
দেউতা ভূত
দেউতা ভূত অসমীয়া লোককথাৰ জনপ্ৰিয় ভূত। ঘৰত খেদি ফুৰা অস্থিৰ আত্মা বুলি কোৱা হয় আৰু পৰিয়ালৰ সদস্যৰ অৱহেলা বা সন্মানহীনতাৰ বাবে মৃত্যু হোৱা ব্যক্তিৰ ভূত বুলি বিশ্বাস কৰা হয়।
-
বৃক্ষ দেৱতাৰ তালিকা
বৃক্ষ দেৱতা বা গছৰ আত্মা হৈছে গছৰ লগত জড়িত প্ৰকৃতি দেৱতা। এনে দেৱতা পৃথিৱীৰ বহু সংস্কৃতিত উপস্থিত। সাধাৰণতে তেওঁলোকক এগৰাকী যুৱতী হিচাপে প্ৰতিনিধিত্ব কৰা হয়, ই প্ৰায়ে প্ৰাচীন উৰ্বৰতা আৰু বৃক্ষ পূজাৰ জ্ঞানৰ সৈতে জড়িত।.
-
বেক কুজিৰা
বেক-কুজিৰা হৈছে পশ্চিম জাপানত প্ৰচলিত হৈ অহা এটা পৌৰাণিক জাপানীজ য়োকাই (ভূত, ফেণ্টম বা অদ্ভুত প্ৰকাশ)। ইয়াক তিমিৰ কংকাল বুলি বৰ্ণনা কৰা হৈছে যাৰ লগত অজ্ঞাত মাছ আৰু অদ্ভুত চৰাই থাকে। ই তিমি চিকাৰ কৰা বা তিমিৰ মাংস খোৱা লোকৰ বিৰুদ্ধে প্ৰতিশোধ লয়, আৰু ই প্লেগ মহামাৰী আৰু জুইৰে শাওপাত দিয়ে।
-
ব্লেক এনিছ
ব্লেক এনিছ (ব্লেক এগনেছ বা ব্লেক আন্না বুলিও জনা যায়) ইংৰাজী লোককথাৰ এগৰাকী পিশাচ নাৰী। তাইক লোহাৰ নখ থকা নীলা মুখৰ ডাইনী আৰু মানুহৰ মাংসৰ (বিশেষকৈ শিশু)ৰ প্ৰতি ৰুচি থকা বুলি কল্পনা কৰা হয়। তাই ডেন পাহাৰৰ এটা গুহাত বাস কৰে আৰু গুহাৰ প্ৰৱেশদ্বাৰত এডাল ডাঙৰ ওক গছ থাকে।
-
ব্লেক লেডী অফ ব্ৰেডলী উদচ
ব্লেক লেডী অফ ব্ৰেডলী উদ্চ হৈছে ইংলেণ্ডৰ লিংকনশ্বায়াৰৰ ব্ৰেডলি গাঁৱৰ ওচৰৰ বনাঞ্চলত খেদি ফুৰা এটা ভূত। তথাকথিত প্ৰত্যক্ষদৰ্শীয়ে তেওঁক ডেকা আৰু ধুনীয়া, প্ৰায় ৫ ফুট ৬ ইঞ্চি (১৬৮ চে.মি.) ওখ, বৈ যোৱা ক’লা পোছাক আৰু ক’লা হুড পিন্ধা বুলি বৰ্ণনা কৰিছে, যিয়ে তেওঁৰ চুলিখিনি অস্পষ্ট কৰি তোলে যদিও তেওঁৰ…
-
ভূতৰ গল্প
ভূতৰ গল্প (ইংৰাজী: Ghost story) হ’ল যিকোনো কল্পকাহিনী বা নাটক য’ত এটা ভূত অন্তৰ্ভুক্ত থাকে, অথবা ভূতৰ সম্ভাৱনা বা ভূতৰ ওপৰত চৰিত্ৰৰ বিশ্বাসক এক আধাৰ হিচাপে গ্ৰহণ কৰা হয়। "ভূত" এটা নিজেই আবিৰ্ভাৱ হ’ব পাৰে বা যাদু-মন্ত্ৰৰদ্বাৰা তাক মাতি অনা হ’ব পাৰে।
-
মহা ছোনা
মহা ছোনা বা মহা ছোহোনা সিংহলী লোককথাৰ এক ইয়াক’(অৰ্থাৎ দানৱ), যিয়ে মৃত্যুৰ পিছৰ আত্মাক খেদি ফুৰে বুলি বিশ্বাস কৰা হয়। মহাছোনা নামৰ অৰ্থ সিংহল ভাষাত “সৰ্বশ্ৰেষ্ঠ অসুৰ" বা "কবৰস্থানৰ দেৱতা বা দানৱ"। ই শ্ৰীলংকাৰ আটাইতকৈ ভয়ংকৰ দেৱতা বা দানৱ।