পুষ্টিহীনতা সম্পৰ্কীয় ডায়েবেটিছ মেলিটাছ (MRDM), যাক টাইপ ৫ ডায়েবেটিছ আৰু পূৰ্বতে টাইপ জে ডায়েবেটিছ বুলিও কোৱা হৈছিল,১ হৈছে একপ্ৰকাৰৰ ডায়েবেটিছ মেলিটাছ যাৰ বৈশিষ্ট্য হৈছে শৰীৰত ইনচুলিন উৎপাদন হ্ৰাস পোৱা (টাইপ ১ ডায়েবেটিছৰ দৰেই)। কিন্তু এম আৰ ডি এমত ইনচুলিনৰ অভাৱ মূলতঃ পেনক্ৰিয়াচৰ বিটা কোষৰ অটোইম্যুন ক্ষতিৰ পৰিৱৰ্তে শৈশৱৰ অপুষ্টিৰ সৈতে জড়িত। টাইপ ওৱান ডায়েবেটিছৰ দৰে, টাইপ ৫ ডায়েবেটিছ ৰোগীৰ কিট'নিউৰিয়া বা কেট'ছিছ নহয়।২৩
ইতিহাস
১৯৫৫ চনত জামাইকাত প্ৰথমবাৰৰ বাবে এম আৰ ডি এম ডায়েবেটিছৰ বৰ্ণনা কৰা হৈছিল। নিম্ন আৰু মধ্যম আয়ৰ দেশৰ যুৱক-যুৱতীসকলৰ শৰীৰৰ ভৰ সূচকাংক (বি এম আই) ১৯ বছৰৰ তলৰ। প্ৰায়ে ভুলতে টাইপ ওৱান ডায়েবেটিছ ধৰা পৰে, কিন্তু এই ৰোগীসকলৰ তেজত গ্লুক'জৰ মাত্ৰা অধিক আৰু ইনচুলিনৰ প্ৰয়োজন হোৱাৰ পিছতো কিট’নিউৰিয়া বা কেট’ছিছ নহয়।৩
১৯৮৫ চনত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) আনুষ্ঠানিকভাৱে "অপুষ্টি সম্পৰ্কীয় ডায়েবেটিছ মেলিটাছ"ক এক সুকীয়া প্ৰকাৰৰ ডায়েবেটিছ হিচাপে শ্ৰেণীভুক্ত কৰে। কিন্তু ১৯৯৯ চনত WHO-এ পুষ্টিহীনতা বা প্ৰ’টিনৰ অভাৱত প্ৰত্যক্ষভাৱে ডায়েবেটিছ হয় বুলি প্ৰমাণৰ অভাৱৰ উল্লেখ কৰি এই শ্ৰেণীটো বিলুপ্ত কৰে।
তথাপি ২০২৫ চনৰ ৮ এপ্ৰিলত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত আন্তৰ্জাতিক ডায়েবেটিছ ফেডাৰেচনৰ (আইডিএফ) বিশ্ব ডায়েবেটিছ কংগ্ৰেছৰ সময়ত ভোটৰদ্বাৰা এমআৰডিএম পুনৰ প্ৰতিষ্ঠা কৰা হয় আৰু টাইপ ফাইভ নামকৰণ কৰা হয়।৩
নিদান
টাইপ ফাইভ ডায়েবেটিছৰ নিদানৰ মাপকাঠী প্ৰস্তুত কৰা হৈছে। ২০২৫ চনৰ বসন্ত কালত আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনে (IDF) নিউয়ৰ্কৰ দ্য ব্ৰংক্সৰ এলবাৰ্ট আইনষ্টাইন কলেজ অৱ মেডিচিনৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপিকা মেৰেডিথ হকিন্সক অন্তৰ্ভুক্ত কৰি এটা কৰ্মগোটক টাইপ ফাইভ ডায়েবেটিছৰ বাবে চৰকাৰী নিদান আৰু চিকিৎসাৰ নিৰ্দেশনা প্ৰস্তুত কৰাৰ দায়িত্ব দিয়ে।৩
ব্যৱস্থাপনা
২০২৫ চনৰ জুলাই মাহলৈকে টাইপ ফাইভ ডায়েবেটিছৰ চিকিৎসাৰ কোনো স্পষ্ট নিৰ্দেশনা নাই।
কিছুমান প্ৰমাণে প্ৰকাশ কৰে যে মৌখিক ঔষধৰ সৈতে অতি কম পৰিমাণৰ ইনচুলিনৰ সংমিশ্ৰণে আটাইতকৈ ফলপ্ৰসূ হ’ব পাৰে। টাইপ ফাইভ ডায়েবেটিছ আৰু টাইপ ওৱান ডায়েবেটিছৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো অত্যধিক ইনচুলিনৰ প্ৰয়োগ ক্ষিপ্ৰতাৰে মাৰাত্মক হ’ব পাৰে। শৰীৰত অণুপুষ্টিকৰ অভাৱ শুধৰোৱাত বিশেষ গুৰুত্ব দি ৰোগীৰ খাদ্যত যথেষ্ট বেছি পৰিমাণৰ প্ৰটিন আৰু কম কাৰ্বহাইড্ৰেট ৰাকিব লাগে।৩
তথ্যসূত্ৰ
- ↑ Malnutrition-related diabetes gets a name
- ↑ Sarkar, Alisha Rahaman. (April 18, 2025). What is Type 5 diabetes? New form of disease recognised after decades of debate. The Independent
- ↑ Tucker, Miriam E. (April 11, 2025). Malnutrition-Related Diabetes Officially Named 'Type 5'. Medscape Medical News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাইপ ফাইভ ডায়েবেটিছ” প্ৰবন্ধৰ সংশোধন ৬২৫৬২৯ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।