বহুভুজ
১৪ প্ৰবন্ধ
-
ত্ৰিভুজ
সমতলীয় জ্যামিতিৰ ভাষাত তিনিটা বাহু বিশিষ্ট সীমাবদ্ধ ক্ষেত্ৰকে ত্ৰিভুজ বোলা হয়। দ্বি-মাত্ৰিক অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° বা দুই সমকোণ। এটা সময়ত কেৱল ইউক্লিডীয় জ্যামিতিতেই ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হৈছিল।
-
আয়তক্ষেত্ৰ
আয়তক্ষেত্ৰ (Rectangle) হৈছে এক চতুৰ্ভুজ যিটোৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু অভ্যন্তৰৰ প্ৰত্যেকটো কোণেই একো একো সমকোণ। এই সংজ্ঞাৰ পৰা দেখা যায় আয়তৰ দুই যোৰা সমান্তৰাল বাহু আছে, যাৰ অৰ্থ আয়তক্ষেত্ৰ এটি সামান্তৰিক।
-
বৰ্গক্ষেত্ৰ
বৰ্গক্ষেত্ৰ হৈছে চাৰিডাল সমান জোখৰ বাহুৰে আবৰা ৯০ ডিগ্ৰীৰ (সমকোণ) আন্তঃকোণ বিশিষ্ট সমতলীয় ক্ষেত্ৰ।
-
বহুভুজ
সৰলৰেখাৰ দ্বাৰা আৱদ্ধ সমতল যিকোনো চিত্ৰকে বহুভুজ বোলা হয়। যদি বহুভুজৰ সকলোবোৰ বাহু আৰু কোণ সমান হয়, তেন্তে তাক সুষম বহুভুজ বোলে। সুষম বহুভুজৰ কেন্দ্ৰৰ পৰা যিকোনো বাহুৰ দূৰত্বকে "apothem" বোলা হয়।
-
চতুৰ্ভুজ
চতুৰ্ভুজ (quadrilateral) হৈছে চাৰিটা বাহু বিশিষ্ট সমতল ক্ষেত্ৰ।
-
ৰম্বাছ
যি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।
-
অষ্টভুজ
অষ্টভূজ ৮ ৰেখা-খণ্ডৰে নিৰ্মিত বহুভূজ। অষ্টভূজৰ ভিতৰুৱা কোণসমূহৰ যোগফল ১০৮০ ডিগ্ৰী।
-
পঞ্চভুজ
পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ।
-
ষড়ভুজ
ষড়ভুজ বা ষষ্ঠভুজ ৬ ৰেখা খণ্ড থকা এক বহুভূজ।
-
সমবহুভুজ
যিবোৰ বহুভুজৰ বাহু আৰু কোণবোৰ সমান সমান মাপৰ, তেনেবোৰ বহুভূজকেই সমবহুভুজ (regular polygon) বোলা হয়। এয়া উত্তল (convex) বা তৰা আকৃতিৰো (star) হ’ব পাৰে।
-
দশভুজ
জ্যামিতিত দশভূজ (গ্ৰীক শব্দ δέκα ডেকা আৰু γωνία gonía, "দহটা কোন") হৈছে দহটা বাহু যুক্ত এটা বহুভুজ বা ১০-ভুজ। ইয়াৰ বৰ্হিকোন আৰু আন্তঃকোন সমূহৰ যোগফল ১৪৪০°
-
নৱভুজ
নৱভূজ ৯ ৰেখা-খণ্ডৰে নিৰ্মিত ৱহুভূজ।
-
সপ্তভুজ
সপ্তভূজ ৭ ৰেখা খণ্ডৰে নিৰ্মিত বহুভূজ।
-
সমবাহু ত্ৰিভুজ
জ্যামিতিত, এটা সমবাহু ত্ৰিভুজ (Equilateral triangle) হৈছে এনে এটা ত্ৰিভুজ য'ত তিনিটা বাহুৰ দৈৰ্ঘ্য একে। ইকুইডীয় জ্যামিতিত, এটা সমবাহু ত্ৰিভুজৰ কোণ কেইটাও সমান মাপৰ; অৰ্থাৎ, তিনিওটা অভ্যন্তৰীণ কোণ পৰস্পৰৰ সৈতে সমতাপূৰ্ণ আৰু প্ৰতিটোৰে মাপ ৬০°।