অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ছন্দঃপূৰ্ণ চক্ৰ

ছন্দঃপূৰ্ণ চক্ৰ প্ৰতি ২৪ ঘণ্টাৰ বাবে নিদ্ৰা-জাগ্ৰত চক্ৰ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা এক প্ৰাকৃতিক আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়া। ই ২৪ ঘণ্টাজুৰি চলা যিকোনো অভ্যন্তৰীণ জৈৱিক প্ৰক্ৰিয়াক সূচায়। জৈৱিক ঘড়ীয়ে নিয়ন্ত্ৰণ কৰা এনে কাৰ্য উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু চায়ান'বেক্টেৰিয়াত দেখা পোৱা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৭২ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ছন্দঃপূৰ্ণ চক্ৰ প্ৰতি ২৪ ঘণ্টাৰ বাবে নিদ্ৰা-জাগ্ৰত চক্ৰ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা এক প্ৰাকৃতিক আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়া।১ ই ২৪ ঘণ্টাজুৰি চলা যিকোনো অভ্যন্তৰীণ জৈৱিক প্ৰক্ৰিয়াক সূচায়। জৈৱিক ঘড়ীয়ে নিয়ন্ত্ৰণ কৰা এনে কাৰ্য উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু চায়ান'বেক্টেৰিয়াত দেখা পোৱা যায়।২

circadian শব্দটো লেটিন ভাষা circa ("প্ৰায়") আৰু diēm ("দিন")-ৰ পৰা আহিছে। ২৪ ঘণ্টাৰ বাবে দোলন হোৱা প্ৰক্ৰিয়াবোৰক সাধাৰণতে আহ্নিক ছন্দ (diurnal rhythms) বোলা হয়; অভ্যন্তৰীণ প্ৰকৃতি নিৰূপণ নোহোৱালৈকে সেইবোৰক ছন্দঃপূৰ্ণ চক্ৰ বুলিব নালাগে।৩

ছন্দঃপূৰ্ণ চক্ৰ অভ্যন্তৰীণ বা স্বয়ংসম্পূৰ্ণ যদিও এইবোৰে পোহাৰ, তাপ আৰু জাৰণ-বিজাৰণ প্ৰক্ৰিয়াৰ দৰে বাহ্যিক সংকেত (zeitgeber)-ৰ সহায়ত স্থানীয় পৰিবেশৰ লগত খাপ খাব পাৰে।৪

দ্ৰ'চ'ফিলিয়া গণৰ মাখিত "ছন্দঃপূৰ্ণ চক্ৰ নিয়ন্ত্ৰণৰ আণৱিক কাৰ্যপ্ৰণালী আৱিষ্কাৰৰ বাবে" জেফ্ৰি চি. হল, মাইকেল ৰছবাশ্ব আৰু মাইকেল ডব্লিউ. ইয়ং-ক ২০১৭ চনত শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।৫

মাপকাঠী

ছন্দঃপূৰ্ণ বুলি ক'বৰ বাবে এটা জৈৱিক ছন্দ‌ই তিনিটা সাধাৰণ মাপকাঠী পূৰণ কৰিব লাগে:৬

  1. ছন্দটোৰ প্ৰায় ২৪ ঘণ্টাৰ বাবে অভ্যন্তৰীণ মুকলি ম্যাদ থাকিব লাগে। নিচল পৰিবেশতো (যেনে নিচল অন্ধকাৰ) ছন্দটো প্ৰায় ২৪ ঘণ্টাৰ বাবে চলিব লাগিব।
  2. ছন্দটোৱে বিপৰীত পৰিবেশত খাপ খাপ পাৰে (entrainable)। বাহ্যিক সংকেতে (যেনে পোহৰ আৰু তাপ) ছন্দটো নকৈ আৰম্ভ কৰিব পাৰে। আন সময় অঞ্চললৈ যাত্ৰা কৰোঁতে প্ৰথমে জেট লেগ হয়, কিন্তু পাছত জৈৱিক ঘড়ীয়ে স্থানীয় সময়ৰ লগত নিজকে খাপ খুৱাই লয়।
  3. ছন্দটোৱে তাপমাত্ৰাৰ সালসলনিত প্ৰভাৱিত নহয়। বহু জীৱ‌ই বিস্তৃত তাপমাত্ৰাত বাস কৰে। তাপৰ সালসলনিয়ে কোষৰ ৰাসায়নিক প্ৰক্ৰিয়াবোৰত প্ৰভাৱ পেলালেও আহ্নিক ছন্দটোৱে ২৪ ঘণ্টীয়া সময় বাহাল ৰাখিব ৰাখিব।

অতিৰিক্ত পাঠ

  • Aschoff, J. (ed.) (1965) Circadian Clocks. North Holland Press, Amsterdam
  • (November 2001). Biological clock in total darkness: the Clock/MOP3 circadian system of the blind subterranean mole rat. Proceedings of the National Academy of Sciences of the United States of America. পৃ. 13751–6
  • (September 2002). Circadian genes in a blind subterranean mammal II: conservation and uniqueness of the three Period homologs in the blind subterranean mole rat, Spalax ehrenbergi superspecies. Proceedings of the National Academy of Sciences of the United States of America. পৃ. 11718–23
  • (October 2016). Environmental Circadian Disruption Worsens Neurologic Impairment and Inhibits Hippocampal Neurogenesis in Adult Rats After Traumatic Brain Injury. Cellular and Molecular Neurobiology. পৃ. 1045–55
  • (2003). A cyanobacterial circadian timing mechanism. Annual Review of Genetics. পৃ. 513–43
  • Dunlap, J.C.; Loros, J.; DeCoursey, P.J. (2003) Chronobiology: Biological Timekeeping. Sinauer, Sunderland
  • (March 2003). Origin and evolution of circadian clock genes in prokaryotes. Proceedings of the National Academy of Sciences of the United States of America. পৃ. 2495–500
  • Koukkari, W.L.; Sothern, R.B. (2006) Introducing Biological Rhythms. Springer, New York
  • (April 2004). Day/night rhythms in gene expression of the normal murine heart. Journal of Molecular Medicine. পৃ. 256–64
  • Refinetti, R. (2006) Circadian Physiology, 2nd ed. CRC Press, Boca Raton
  • (September 1982). Regulation of circadian rhythmicity. Science. পৃ. 1104–11
  • (January 2005). No transcription-translation feedback in circadian rhythm of KaiC phosphorylation. Science. পৃ. 251–4
  • Moore-Ede, Martin C.; Sulzman, Frank M.; Fuller, Charles A. (1982). The Clocks that Time Us: Physiology of the Circadian Timing System. Harvard University Press. ISBN 978-0-674-13581-9

তথ্যসূত্ৰ

  1. ↑ What makes us sleep?. NICHD - Eunice Kennedy Shriver National Institute of Child Health and Human Development
  2. ↑ (May 2012). Peroxiredoxins are conserved markers of circadian rhythms. Nature. পৃ. 459–64
  3. ↑ (2001). Overview of circadian rhythms. Alcohol Research & Health. পৃ. 85–93
  4. ↑ (November 2012). Circadian topology of metabolism. Nature. পৃ. 348–56
  5. ↑ The Nobel Prize in Physiology or Medicine 2017. www.nobelprize.org
  6. ↑ Johnson, Carl. (2004). Chronobiology: Biological Timekeeping. Sinauer Associates, Inc. পৃ. 67–105

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছন্দঃপূৰ্ণ চক্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩১৬৮০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।