অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

উশাহ লোৱা

শ্বাসক্ৰিয়া বা উশাহ লোৱা হৈছে বায়ুমণ্ডলৰ পৰা হাঁওফাঁওলৈ বায়ু বিনিময়ৰ প্ৰক্ৰিয়া, যত মূলত: অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই-অক্সাইড উলিয়াই দিয়া হয়। সকলো বায়ুজীৱি প্ৰাণীকেই কোষীয় শ্বসনৰ বাবে অক্সিজেনৰ প্ৰয়োজন, যি খাদ্যবস্তুক ভাঙি শক্তি উৎপাদনত সহায় কৰে আৰু অপদ্ৰব্য হিচাপে কাৰ্বন ডাই-অক্সাইড…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

শ্বাসক্ৰিয়া বা উশাহ লোৱা হৈছে বায়ুমণ্ডলৰ পৰা হাঁওফাঁওলৈ বায়ু বিনিময়ৰ প্ৰক্ৰিয়া, যত মূলত: অম্লজান গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়া হয়।

সকলো বায়ুজীৱি প্ৰাণীকেই কোষীয় শ্বসনৰ বাবে অক্সিজেনৰ প্ৰয়োজন, যি খাদ্যবস্তুক ভাঙি শক্তি উৎপাদনত সহায় কৰে আৰু অপদ্ৰব্য হিচাপে কাৰ্বন ডাই-অক্সাইড উৎপন্ন কৰে। শ্বাসক্ৰিয়া বা "বহিৰাগত শ্বসন"ত হাঁওফাঁওৰ যোগেদি বায়ুৰ সৈতে বিনিময় হৈ ক্ষুদ্ৰ ৰন্ধ্ৰৰ মাধ্যমেৰে সঞ্চালিত হয়। শৰীৰৰ সংবহনতন্ত্ৰৰ পৰা এই গেছবোৰ স্থানান্তৰ কৰি, ইয়াত "কোষীয় শ্বসন" ঘটে।১২

সকলো মেৰুদণ্ডী প্ৰাণীয়ে পূণৰাবৃত্তিমূলক শ্বাসকাৰ্যৰ বাবে শ্বাসনলী নামৰ এডাল নলীৰে বায়ু নাকৰ পৰা এবাৰ হাঁওফাঁওলৈ আনে আৰু আনবাৰ বাহিৰ কৰি দিয়ে।৩ প্ৰতি মিনিটত শ্বাসযন্ত্ৰ চক্ৰ সংখ্যা শ্বাস বা শ্বাসক্ৰিয়াৰ হাৰ হৈছে জীৱনৰ চাৰটা প্ৰাথমিক গুৰুত্বপূৰ্ণ লক্ষণবোৰৰ মাজৰ এটা।৪ স্বাভাবিক অবস্থাত শ্বাস গভীৰতাৰ হাৰ স্বয়ংক্ৰিয়ভাবে আৰু অবচেতনভাবে, কেইবাটাও হ'মষ্টেটিক প্ৰক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে। ই ধমনীৰ মাজত অবিৰত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ আংশিক চাপ ৰাখে। বিভিন্ন ধৰণৰ শাৰীৰিক পৰিস্থিতিত ৰক্তৰ কাৰ্বন ডাই অক্সাইডৰ আংশিক চাপ ৰখা, অতিৰিক্ত বাহ্যিক তৰলৰ (ইচিএফ) পিএইচ (Ph) আদি নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উচ্চ-শ্বাস (hyperventilation) আৰু নিম্ন-শ্বাস (hypoventilation), যি ক্ৰমশ কাৰ্বন ডাই অক্সাইডৰ ধমনীৰ আংশিক চাপক হ্ৰাস কৰে আৰু বৃদ্ধি কৰে, প্ৰথম ক্ষেত্ৰত ECFৰ পিএইচপি বৃদ্ধি পায় আৰু দ্বিতীয় ক্ষেত্ৰত পিএইচ হ্ৰাস পায়। দুয়োটাই উদ্বেগজনক উপসৰ্গ।

শ্বাসকাৰ্যৰ অন্যান্য গুৰুত্বপূৰ্ণ ক্ৰিয়াকলাপ আছে। ই বক্তৃতা, হাঁহি আৰু আবেগ আদি অভিব্যক্তিবোৰৰ বাবে এই প্ৰক্ৰিয়া প্ৰয়োজনীয়। ই কাহ আৰু হাঁচিৰ আদিত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পশুপখীৰ দেহৰ ঘৰ্ম গ্ৰন্থিৰ সংখ্যা কম বাবে, শ্বাস কাৰ্যৰ মাধ্যমত বাষ্পীভৱনৰ দ্বাৰা দেহৰ তাপ বাহিৰ কৰিব পাৰে।

সংযুতি

শ্বাসক্ৰিয়াত গ্ৰহণ কৰা বায়ুত প্ৰায় ৭৮.০৮% নাইট্ৰ'জেন, ২০.৯৫% অক্সিজেন আৰু কম পৰিমানৰ আৰ্গন, কাৰ্বন ডাইঅক্সাইড, নিয়ন আৰু হাইড্ৰ'জেন থাকে।৫

নিশ্বাসত শৰীৰৰ পৰা বাহিৰ হৈ যোৱা বায়ুত উশাহত লোৱা বায়ুতকৈ প্ৰায় ১০০ গুণ বেছি, প্ৰায় ৪%ৰ পৰা ৫% কাৰ্বন ডাইঅক্সাইড থাকে। অক্সিজেনৰ পৰিমান কিছু কম, উশাহত লোৱা বায়ুৰ তুলনাত প্ৰায় ৪%ৰ পৰা ৫% কম থাকে। এনে বায়ুৰ এটা আদৰ্শ সংযুতি হৈছে:৬

  • ৫.০–৬.৩% জলীয় বাষ্প
  • ৭৪.৪% নাইট্ৰ'জেন
  • ১৩.৬–১৬.০% অক্সিজেন
  • ৪.০–৫.৩% কাৰ্বন ডাই−অক্সাইড
  • ১% আৰ্গন আৰু অন্যান্য গেছ।

তথ্যসূত্ৰ

  1. ↑ Hall, John. (2011). Guyton and Hall textbook of medical physiology. Saunders/Elsevier. পৃ. 5. ISBN 978-1-4160-4574-8
  2. ↑ Pocock, Gillian; Richards, Christopher D. (2006). Human physiology: the basis of medicine. Oxford University Press. পৃ. 311. ISBN 978-0-19-856878-0
  3. ↑ Pocock, Gillian; Richards, Christopher D. (2006). Human physiology: the basis of medicine. Oxford University Press. পৃ. 320. ISBN 978-0-19-856878-0
  4. ↑ Vital Signs 101. www.hopkinsmedicine.org
  5. ↑ Earth Fact Sheet. nssdc.gsfc.nasa.gov
  6. ↑ P.S.Dhami; G.Chopra; H.N. Shrivastava. (2015). A Textbook of Biology. Pradeep Publications. পৃ. V/101

সম্পৰ্কিত শ্ৰেণী

শৰীৰতত্ত্বমানৱ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উশাহ লোৱা” প্ৰবন্ধৰ সংশোধন ৬৩২২৭০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।