বলয়ী প্ৰাণী বা এনিলিডা হৈছে প্ৰাণীৰাজ্যৰ এটা পৰ্ব।১ ইহঁতৰ দেহ নলাকাৰ, খণ্ডিত দেখিবলৈ সৰু সৰু আঙুঠিৰ (বলয়) মালাৰ দৰে, সেইবাবে নাম "বলয়ী প্ৰাণী" নাম দিয়া হৈছে। উদাহৰণ- কেচু, জোক, নেৰিছ।২
বৈশিষ্ট্য
দেহ আঙুঠিৰ দৰে বহুটো খণ্ডেৰে গঠিত আৰু এইবোৰকে মেটামিয়েৰ (metamere) বা ছ'মাইট (somite) বোলে। দেহ ত্ৰিনিটা স্তৰৰ কোষযুক্ত (triploblastic), অৰ্থাৎ এক্স'ডাৰ্ম, মেজ'ডাৰ্ম আৰু এণ্ড'ডাৰ্ম কোষেৰে গঠিত আৰু দ্বিপাৰ্শ্বীয়ভাবে প্ৰতিসম। বহিঃত্বক কিউটিকল (cuticle) আবৰণীযুক্ত। মেছ'ডাৰ্ম কোষ আবৃত প্ৰকৃত চিল'ম বা দেহ গহ্বৰ থাকে, যি ছেপ্টাম বা পৰ্দাৰ দ্বাৰা খণ্ডিত। ৰেচন অঙ্গ নেফ্ৰিডিয়া (nephridia), যি প্ৰায় প্ৰতিটো খণ্ডতে থাকে। গমন অঙ্গ ছিটা (seta) বা পেৰাপেডিয়া (parapodia) বা দেহ পেশী। দেহ লম্বাকৃতি; মুখছিদ্ৰ আৰু পায়ুছিদ্ৰ দেহৰ দুই প্ৰান্তত থাকে। উন্নত আৰু বদ্ধ ৰক্তসংবহনতন্ত্ৰ। ৰক্তৰসত (প্লাজমা) হিম'গ্ল'বিন বা আৰ্থ্ৰ'ক্ৰুৰিণ (erythrocruorin) নামৰ শ্বাসৰঞ্জক থাকে। এই কাৰণে ইয়াৰ ৰক্তৰ বৰণ ৰঙা। সাধাৰণতে সম্পূৰ্ণ ত্বকেৰে শ্বাসকাৰ্য চলায় আৰু কোনো কোনো ক্ষেত্ৰত ফুলৰ দ্বাৰা শ্বসনক্ৰিয়া চলে। ত্বক সিক্ত আৰু ৰক্তজালিকপূৰ্ণ হোৱা বাবে ত্বকীয় শ্বাসকাৰ্য সম্ভৱ হয়। অন্ত্ৰ পৰিবেষ্টিত স্নায়ুবলয় বা নাৰ্ভৰিং আৰু অঙ্কীয় স্নায়ুৰজ্জুৰে স্নায়ুতন্ত্ৰ গঠিত হয়। অধিকাংশ প্ৰাণী উভয় লিঙ্গী, কিছুমান প্ৰাণী একলিঙ্গী। চলন অঙ্গ ছিটা (seta) অথবা পেৰাপেডিয়া (parapodia)।
শ্ৰেণীবিভাজন
আনুবীক্ষণিক আকাৰৰ পৰা ৩ মিটাৰ পৰ্যন্ত দীঘল অষ্ট্ৰেলিয়ান জাইণ্ট গিপ্সলেণ্ড আৰ্থৱৰ্ম (giant Gippsland earthworm) আৰু এমিন্থাছ মেকংজিয়ানাছলৈকে (Amynthas mekongianus)২৩ বলয়ী প্ৰাণীৰ প্ৰায় ২২,০০০ জীৱিত প্ৰজাতি আছে। ৪ বহুতো পাঠ্যপুথিত এতিয়াও বৰ্গীকৰণৰ পৰম্পৰাগত বিভাগসমূহকেই ব্যৱহাৰ কৰা দেখা যায়। সেই অনুহৰি বলয়ী প্ৰাণীৰ অন্তৰ্গত উপ−ভাগ সমূহ হৈছে:৫
- শ্ৰেণী: পলিকিটা (অধিকাংশই সামুদ্ৰিক)
- শ্ৰেণী: ক্লাইটেলাটা:
- উপশ্ৰেণী: অলিগ'কিটা (উদাহৰণ কেচু)
- উপশ্ৰেণী: হিৰুডিনিয়া (জোক)
- পলিকিটা (প্ৰায় ১২,০০০ প্ৰজাতি)। ইহঁতৰ দেহ খণ্ডবোৰত বহোতো কিটা ("নোম") থাকে। পলিকিটাৰ পদ (ভৰি) হিচাপে ব্যৱহাৰ হোৱা পেৰাপ'ডিয়া থাকে আৰু সম্ভৱতঃ ৰসায়ন সংবেদী হিচাপে ব্যৱহাৰ হোৱা নিউচেল অৰগান থাকে। বেছিভাগেই সামুদ্ৰিক, কিছুমান অলুনীয়া পানীত আনকি অতি কমসংখ্যক মাটিতো বাস কৰে।৬
- ক্লাইটেলাটা (প্ৰায় ১০,০০০ প্ৰজাতি২)। ইহঁতৰ প্ৰতিটো দেহ খণ্ডত অতি কম কিটা থাকে বা কিছুমানৰ একেবাৰে নাথাকে, আৰু কোনো নিউচেল অৰগান আৰু পেৰাপ’ডিয়া। ইহঁতৰ দেহত আঙুঠি সদৃশ অনন্য প্ৰজনন অংগ থাকে, এইবোৰক ক্লিটেলাম বোলে। ইয়াত কণী ফুটি পোৱালী নুলুৱালৈকে নিষিক্ত কণীবোৰ সংৰক্ষণ তথা পোষিত হৈ থাকে।৫৭ নাইবা, মনিলিগেষ্ট্ৰাইডৰ ক্ষেত্ৰত, ভ্ৰুণক পোষণৰ যোগান ধৰা কোষ পৰস থাকে।২ ক্লাইটেলেটছৰ দুটা উপভাগ থাকে:
- অলিগ'কিটা ("কম নোম থকা"), কেচু এনে প্ৰাণীৰ উদাহৰণ। Oligochaetes have a sticky pad in the roof of the mouth. এই গোটৰ প্ৰায়বোৰ জীৱ গাঁত খান্দি বাস কৰে আৰু জৈৱ পদাৰ্থৰ পূৰ্ণ বা আংশিক পচন ঘটাই পোষণ লাভ কৰে।৬
- হিৰুডিনিয়া, নামৰ অৰ্থ হৈছে "জোক-সদৃশ" আৰু জোক হৈছে এই পৰ্বৰ জীৱৰ সুন্দৰ উদাহৰণ। সামুদ্ৰিক প্ৰাণীবোৰৰ বেছিভাগেই ৰক্ত শোষণ কৰা পৰজীৱি, প্ৰধানকৈ মাছৰ তেজ শোষণ কৰে, আনহাতে অলুনীয়া পানীত বাস কৰা বোৰৰ ভিতৰত বেছিভাগেই চিকাৰী।৬ ইহঁতৰ দেহৰ দুয়ো মূৰত তেজ শোষন কৰা শোষক থাকে, এই বোৰৰ সহায়ত সিহঁতে চলাচলো কৰে।
আৰ্কানেলিডা নামৰ অৱশেষৰ দানাত বাস কৰা সুক্ষ্ম বলয়ী প্ৰাণী বিধক সিহঁতৰ ক্ষুদ্ৰ গঠনৰ বাবে পূৰ্বতে বেলেগ শ্ৰেণী হিচাপে গণ্য কৰা হৈছিল, কিন্তু এতিয়া পলিকিটাৰ ভিতৰত ধৰা হয়।৫ বৰ্তমান বলয়ী প্ৰাণীৰ ভিতৰত ধৰা অন্য কিছুমান প্ৰাণী গোটকো পূৰ্বতে বিভিন্ন ধৰণেৰে বৰ্গীকৰণ কৰা হৈছিল। যেনে:
- পগন'ফৰা / ছাইবগলিনিডিয়া (Siboglinidae) ১৯১৪ চনত প্ৰথম আবিস্কাৰ হৈছিল, আৰু সিহঁতৰ চিনাক্ত কৰিব পৰাকৈ খাদ্য নলী নথকাৰ বাবে বৰ্গীকৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল। ইহঁতকো পৃথক পৰ্ব হিচাপে গণ্য কৰা হৈছিল, পগন'ফৰা বা, পগন'ফৰা আৰু ভেষ্টিমেণ্টিফেৰা নামৰ দুটা পৰ্ব হিচাপে। বৰ্তমান ইহঁতক পলিকিটাৰ অন্তৰ্গত ছাইবগলিনিডিয়া নামৰ এটা পৰিয়ালত ধৰা হয়।৬৮
- একিউৰা (Echiura): ১৯শ শতিকাত কিছুমান প্ৰাণীক "গেফাইৰিয়া (Gephyrea)" নামৰ এটা পৰ্বত গণ্য কৰা হৈছিল, যিবোৰক পিছত ১৯৪০ চনলৈকে বলয়ী প্ৰাণী হিচাপে ধৰা হৈছিল যদিও পুণৰ সিহঁতক পৃথক পৰ্ব হিচাপে ধৰা হৈছিল; কিন্তু ১৯৯৭ চনত কৰা কিছুমান বিশ্লেষণৰ পিছত সেইবোৰ বলয়ী প্ৰাণী বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।৮৯
- মাইজ'ষ্টমিডা (Myzostomida): ক্ৰিন'ইড আৰু অন্য কণ্টকচৰ্মীত পৰজীৱি হিচাপে বাস কৰে। পূৰ্বতে ইহঁতকো বেলেগ গোটত ধৰা হৈছিল। ইহঁতক ত্ৰিমাটড নামৰ এবিধ চেপেটা কৃমিৰ সম্পৰ্কীয় বা টাৰ্ডিগ্ৰেড হিচাপে গণ্য কৰা হৈছিল, কিন্তু ১৯৯৮ চনৰ পৰা ইহঁতকো পলিকিটাৰ উপ গোট হিচাপে ধৰা হয়।৬
- ছাইপুনকুলা: প্ৰথমতে বলয়ী প্ৰাণী হিচাপে গণ্য কৰা হৈছিল, দেহ খণ্ডিত নোহোৱা আৰু অন্য বহুতো কাৰণৰ বাবে পিছত ইহঁতক কোমলদেহী পৰ্বত অন্তৰ্ভূক্ত কৰা হয়।১০১১১২
পৰিস্থিতিতান্ত্ৰিক গুৰুত্ব
চাৰ্লছ ডাৰউইনৰ দ্য ফৰমেছন অৱ ভেজেটেবল মল্ড থ্ৰু এক্সন অৱ ৱৰ্ম (The Formation of Vegetable Mould through the Action of Worms) (১৮৮১) নামৰ কিতাপত মাটিৰ উৰ্বৰতা সম্পৰ্কে প্ৰথম বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰা হৈছিল।১৩ কেচুবোৰৰ কিছুমান মাটিৰ তলত আৰু কিছুমান সেমেকা সৰা পাতৰ মাজত বাস কৰে। কেচুৱে মাটিত থকা জৈৱিক বস্তুবোৰ পচন ঘটাই কেচু সাৰ তৈয়াৰ কৰে।
তথ্যসূত্ৰ
- ↑ McHugh, D. (2009-04-02). Molecular evidence that echiurans and pogonophorans are derived annelids. Proceedings of the National Academy of Sciences of the United States of America. পৃ. 8006–8009
- ↑ Blakemore, R.J. (2012). Cosmopolitan Earthworms. VermEcology, Yokohama
- ↑ Lavelle, P. (July 1996). Diversity of Soil Fauna and Ecosystem Function. Biology International
- ↑ Blakemore, R.J. (2012). Cosmopolitan Earthworms. VermEcology, Yokohama
- ↑ Rouse, G. (1998). Invertebrate Zoology. Oxford University Press. পৃ. 176–179. ISBN 978-0-19-551368-4
- ↑ Rouse, G. (1998). Invertebrate Zoology. Oxford University Press. পৃ. 179–183. ISBN 978-0-19-551368-4
- ↑ Ruppert, E.E.; Fox, R.S.; Barnes, R.D. (2004). Invertebrate Zoology. Brooks / Cole. পৃ. 459. ISBN 978-0-03-025982-1
- ↑ Halanych, K.M.; Dahlgren, T.G.; McHugh, D. (2002). Unsegmented Annelids? Possible Origins of Four Lophotrochozoan Worm Taxa. Integrative and Comparative Biology. পৃ. 678–684
- ↑ McHugh, D. (July 1997). Molecular evidence that echiurans and pogonophorans are derived annelids. Proceedings of the National Academy of Sciences of the United States of America. পৃ. 8006–8009
- ↑ Hausdorf, B. (2007). Spiralian Phylogenomics Supports the Resurrection of Bryozoa Comprising Ectoprocta and Entoprocta. Molecular Biology and Evolution. পৃ. 2723–2729
- ↑ Shen, X.; Ma, X.; Ren, J. (2009). A close phylogenetic relationship between Sipuncula and Annelida evidenced from the complete mitochondrial genome sequence of Phascolosoma esculenta. BMC Genomics. পৃ. 136
- ↑ Wanninger, Andreas; Kristof, Alen; Brinkmann, Nora. (Jan–Feb 2009). Sipunculans and segmentation. Communicative and Integrative Biology. পৃ. 56–59
- ↑ Siddall, M.E.; Borda, E.; Rouse, G.W. (2004). Assembling the tree of life. Oxford University Press US. পৃ. 237–248. ISBN 978-0-19-517234-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলয়ী প্ৰাণী” প্ৰবন্ধৰ সংশোধন ৬৩২০৮০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।