অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মানৱ বিষ্ঠা

মানৱ বিষ্ঠা (Human faeces; fæx), বা মল) হৈছে মানুহৰ পাচন তন্ত্ৰৰ পেলনীয়া দ্ৰব্য। পাচন তন্ত্ৰৰ অৱস্থা, খাদ্য আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ গুণাগুণ বেলেগ বেলেগ হ'ব পাৰে। সাধাৰণতে বিষ্ঠা এখন শ্লেষ্মা আৱৰণেৰে অৰ্ধকঠিন হয়। অলপ কঠিন, বাষ্প কম থকা বিষ্ঠা খাদ্যনলীৰ সিটো মূৰত থাকিব পাৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১,০২০ শব্দ · ৬ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মানৱ বিষ্ঠা (Human faeces; fæx), বা মল) হৈছে মানুহৰ পাচন তন্ত্ৰৰ পেলনীয়া দ্ৰব্য। পাচন তন্ত্ৰৰ অৱস্থা, খাদ্য আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ গুণাগুণ বেলেগ বেলেগ হ'ব পাৰে। সাধাৰণতে বিষ্ঠা এখন শ্লেষ্মা আৱৰণেৰে অৰ্ধকঠিন হয়। অলপ কঠিন, বাষ্প কম থকা বিষ্ঠা খাদ্যনলীৰ সিটো মূৰত থাকিব পাৰে। পাচন গতি নোহোৱা হোৱাৰ পিছত মলভাণ্ডৰ পৰা বিষ্ঠা অন্ত্ৰলৈ উভতি গ'লে পানীখিনিৰ শোষণ হৈ সাধাৰণতে এনে হয়। নৱজাতকৰ প্ৰথম বিষ্ঠাক মেক'নিয়াম বুলি কোৱা হয়।

বিষ্ঠাৰ ৰঙৰ বিভিন্নতা

খাদ্যবস্তু আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ বিষ্ঠাৰ বং বেলেগ বেলেগ হ'ব পাৰে।

মুগা: মানৱ বিষ্ঠাৰ ৰং সাধাৰণতে পাতলীয়াৰ পৰা ডাঠ মুগা বৰণীয়া। মৃত লোহিত ৰক্ত কণিকাৰ পৰা উৎপন্ন হোৱা বিলিৰুবিনৰ ৰূপ "ষ্টাৰক'বিলিন'জেন"ৰ বাবে এনে ৰং হয়। সাধাৰণতে শ্লেষ্মা আৱৰণ এখনৰে বিষ্ঠা অৰ্ধকঠিন অৱস্থাৰ হয়।হালধীয়া: পৰজীৱী হিচাপে মানুহৰ পেটত থিতাপি লোৱা প্ৰ'ট'জ'ৱা "জিয়াৰ্ডিয়া"ৰ ফলত বিষ্ঠাৰ ৰং হালধীয়া হ'ব পাৰে। ই সংক্ৰামক গ্ৰহণি ৰোগৰ সৃষ্টি কৰে। গিলবাৰ্ট চীনড্ৰ'ম" নামৰ আন এক কাৰণত বিষ্ঠাৰ ৰং হালধীয়া হ'ব পাৰে। এই ৰোগত জণ্ডিছ হয় আৰু তেজত অধিক পৰিমাণৰ বিলিৰুবিন উপস্থিত থাকে।ক'লা বা ৰঙা: অন্ত্ৰত বহুত সময় লোহিত ৰক্ত কণিকা থাকিলে পাচক উৎসেচকে সেয়া ভাঙি পেলায় আৰু তাৰ ফলত বিষ্ঠা ক'লা ৰঙৰ হয়। এই অৱস্থাক "মেলিনা" বুলি কোৱা হয়। পাচন নলীৰ ওপৰ অংশত (upper digestive tract) পেপ্‌‍টিক আলচাৰ আদিৰ জৰিয়তে ৰক্তক্ষৰণ হ'লে এনে হ'ব পাৰে। জন্তুৰ তেজ বেছি পৰিমাণে থকা খাদ্য যেনে ক'লা পুডিং খোৱাৰ পিছতো বিষ্ঠাৰ ৰং ক'লা হ'ব পাৰে। ঔষধ যেনে বিছমুথ চেলিচাইলেট, আইৰণ বড়ি, বা বিট, বা ব্লুবেৰী খালেও বিষ্ঠাৰ ৰং এনে হয়।১ মলৰ লগত উজ্জ্বল ৰঙা ৰঙৰ তেজ গ'লে তাক হিমাট'কেজিয়া বুলি কোৱা হয়। পাচন নলীৰ তলৰ অংশৰ পৰা ৰক্তক্ষৰণ হ'লে এনে হয়। অত্যধিক মদ্যপানেও মলৰ ৰং ৰঙা-ক'লা কৰিব পাৰে।নীলা: বিকিৰণ, চিজিয়াম আৰু থালিয়াম বিষক্ৰিয়াৰ চিকিৎসাত ব্যৱহাৰ হোৱা প্ৰুছিয়ান ব্লুয়ে বিষ্ঠাৰ ৰং নীলা কৰিব পাৰে। খাদ্যত ব্যৱহৃত নীলা ৰঙৰ অধিক উপস্থিতিয়েও এনে ৰং কৰিব পাৰে।২ৰূপালী: পিত্তনলীত বাধা থাকিলে উৎপন্ন হোৱা পাতলীয়া বা বগা ৰঙৰ মল আৰু পাচনতন্ত্ৰৰ ৰক্তক্ষৰণ (যেনে মেলিনা) লগ হ'লে ৰূপালী বা এলুমিনিয়ামৰ ৰঙৰ দৰে বিষ্ঠা দেখা পোৱা যায়। এনে ৰঙে ৱাটাৰৰ এম্পুলাৰ ampulla of Vater কৰ্কট ৰোগো বুজাব পাৰে যাৰ ফলত পাচননলীৰ ৰক্তক্ষৰণ আৰু পিত্তনলীৰ বহনত বাধা হয়।৩সেউজীয়া: পাচননলীত বেছি পৰিমাণৰ প্ৰ'চেছ নোহোৱা পিত্ত জমা হ'লে বিষ্ঠাৰ ৰং সেউজীয়া হ'ব পাৰে। লিকুঅ'ৰিছ কেণ্ডি বেছিকৈ খালেও এনে হ'ব পাৰে। যিহেতু ইয়াক লিকুঅ'ৰিছ হাৰ্বৰ বিপৰীতে এনিছ তেলৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াত বেছিকৈ শৰ্কৰা থাকে, অধিক শৰ্কৰা গ্ৰহণ কৰিলে এনিছ তেলৰ প্ৰতি সংবেদনশীলতা বেছি হ'লে ঢিলা, সেউজীয়া ৰঙৰ শৌচ হ'ব পাৰে।৪

গোন্ধ

মানৱ বিষ্ঠাৰ এটা গোন্ধ থাকে যিটো খাদ্য (বিশেষকৈ মাংসৰ প্ৰ'টিন যেনে- মিথিয়'নিন) আৰু স্বাস্থ্য অনুসাৰে সলনি হ'ব পাৰে।৫৬৭৮৯ মানৱ বিষ্ঠাৰ গোন্ধ তলত দিয়া উদ্বায়ী পদাৰ্থসমূহৰ পৰা উৎপন্ন হয় বুলি কোৱা হয়:৬

  • মিথাইল চালফাইডসমূহ
    • মিথাইলমাৰ্কাপটান/মিথেনেথিঅ'ল (MM)
    • ডাইমিথাইল চালফাইড (DMS)
    • ডাইমিথাইল ট্ৰাইচালফাইড (DMTS)
    • ডাইমিথাইল ডাইচালফাইড (DMDS)
  • বেঞ্জ'পাইৰ'ল
    • ইন্‌ড'ল
    • স্কেট'ল
  • হাইড্ৰ'জেন চালফাইড (H2S)

(H2S) হৈছে বিষ্ঠাত সকলোতকৈ বেছি থকা চালফাৰ যৌগ।৬ বিষ্ঠাৰ গোন্ধ কিছুমান ৰোগতো বাঢ়িব পাৰে, যেনে:১০

  • চিলিয়াক ৰোগ
  • ক্ৰ'নৰ ৰোগ
  • আলচাৰেটিভ ক'লাইটিছ.১১
  • ক্ৰ'নিক পেন্‌ক্ৰিয়াটাইটিছ
  • চীষ্টিক ফাইব্ৰ'চিছ
  • অন্ত্ৰৰ সংক্ৰমণ, যেনে- ক্ল'ষ্ট্ৰিডিয়াম ডিফিচিলে সংক্ৰমণ।১২
  • অজীৰ্ণ
  • চৰ্ট বাৱেল চীনড্ৰ'ম

বিষ্ঠা আৰু পাদৰ দুৰ্গন্ধ কমাবলৈ কিছুমান চেষ্টা কৰা হৈছে; বেছিভাগেই ঔদ্যোগিক প্ৰয়োগৰ সৈতে জন্তুৰ ওপৰত কৰা গৱেষণা, যেনে- গাহৰিৰ পালনৰ পৰিবেশৰ প্ৰভাৱ কমোৱা। কিছুমান খাদ্যৰ পৰিৱৰ্তন/পৰিপূৰিকা গৱেষণা কৰা হৈছে, যেনে:

  • সক্ৰিয় এঙাৰ১৩ (এই অধ্যয়নটোত পোৱা গ'ল যে দিনে চৰিবাৰকৈ ০.৫২ গ্ৰাম সক্ৰিয় এঙাৰে বিষ্ঠাৰ গেছৰ উপাদনত বিশেষ প্ৰভাৱ নেপেলায়)।
  • বিচমুথ চাবছেলিছাইলেট.১৪
  • ক্ল'ৰ'ফাইলিন
  • ৰ'জমেৰীৰ দৰে উদ্ভিদ
  • য়ুক্কা চিডিগেৰা.১৫
  • জিংক এচিটেট।১৫

ব্যক্তিগত চিকুণতা

মূল প্ৰবন্ধ: মলদ্বাৰ পৰিষ্কাৰকৰণ

বেলেগ বেলেগ সমাজত মলত্যাগ কৰাৰ পিছত মলদ্বাৰ পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া ভিন ভিন।

  • পশ্চিমীয়া আৰু পূব এছিয়াৰ সমাজত ট‍ইলেট পেপাৰৰ বহুল ব্যৱহাৰ হয়। ফ্লাছ ট‍ইলেট উদ্ভাৱন হোৱাৰ পূৰ্বে আন কাগজৰ সামগ্ৰীও ব্যৱহাৰ হৈছিল।
  • কিছুমান ইউৰোপীয়ান দেশত অধিক পৰিষ্কাৰৰ বাবে বিডে'ট ব্যৱহাৰ কৰা হয়।
  • দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত ট‍ইলেটত ব্যৱহাৰ বাবে শ্বাৱাৰ থাকে।
  • ইছলামীয় সংস্কৃতিত পানী ব্যৱহাৰ কৰি বাওঁহাতেৰে মলদ্বাৰ চাফা কৰাৰ নিয়ম।
  • ভাৰততো পানী ব্যৱহাৰ কৰি বাওঁহাতেৰে মলদ্বাৰ চাফা কৰা হয়।
  • যুক্তৰাজ্যত ৰাণী ভিক্টোৰিয়াৰ ৰাজত্বকালত ভাৰতীয় ট‍ইলেটৰ বহুল প্ৰচলন হৈছিল। তেনে ট‍ইলেট ব্যৱহাৰ কৰা কৰ্মীসকলৰ পৰা কেইবাটাও খাদ্য বিষক্ৰিয়াৰ ঘটনা ঘটিছিল।
  • প্ৰাচীন ৰোমত এটুকুৰা ৰাজহুৱা স্পঞ্জৰ ব্যৱহাৰ কৰা হৈছিল। ব্যৱহাৰৰ পিছত সেয়া নিমখ-পানীত চাফা কৰা হৈছিল।
  • জাপানত পুৰণি কালত চেপেটা লাঠী ব্যৱহাৰ কৰা হৈছিল। পশ্চিমীয়াকৰণৰ লগে লগে ট‍ইলেট পেপাৰৰ প্ৰচলন হয়। আজিকালি বিডে'টযুক্ত ট‍ইলেটৰ আদৰ বাঢ়ি আহিছে। এই সঁজুলিত ব্যৱহাৰকাৰীয়ে পানীৰ তাপমাত্ৰা, দিশ আৰু গতি সলাব পাৰে আৰু মলদ্বাৰ শুকুৱাবৰ বাবে বতাহ মাৰিব পাৰে। আসনৰ পৰা তপিনা আঁতৰোৱাৰ লগে লগে ট‍ইলেটটোত স্বয়ংক্ৰিয়ভাৱে ফ্লাছ হয়।

ব্ৰিষ্টল মল স্কে'ল

মূল প্ৰবন্ধ: ব্ৰিষ্টল মল স্কে'ল

চিকিৎসা-বিজ্ঞানত মানৱ বিষ্ঠাক প্ৰকৃতি অনুসৰি শ্ৰেণীকৰণ কৰিবৰ বাবে এই স্কে'ল (Bristol Stool Scale) ব্যৱহাৰ কৰা হয়। সংযুক্ত ৰাজ্যত "Meyers Scale" বুলিও কোৱা এই পদ্ধতিটো K.W.Heatonএ ব্ৰিষ্টল বিশ্ববিদ্যালয়ত উদ্ভাৱন কৰিছিল আৰু প্ৰথমে ১৯৯৭ চনত Scandinavian Journal of Gastroenterologyত প্ৰকাশিত হৈছিল।১৬ ক'ল'নত বিষ্ঠা থকা সময়ৰ ওপৰতে তাৰ প্ৰকৃতি নিৰ্ভৰ কৰে।১৭

মানৱ বিষ্ঠাৰ সাতটা প্ৰকাৰ হ'ল:

  1. পৃথক পৃথক কঠিন লাড়ুৰ দৰে (ওলাই যাবলৈ টান)
  2. চ'চেজ আকৃতিৰ কিন্তু টেমুনাৰ দৰে থাকে
  3. চ'চেজৰ দৰে কিন্তু পৃষ্ঠ ফটাৰ দৰে দেখি
  4. চ'চেজ বা সৰ্পাকৃতিৰ, কোমল আৰু পিছল
  5. নিৰ্দিষ্ট কাষ থকা কোমল টেমুনাৰ দৰে
  6. খহটা কাষ থকা পাতল টুকুৰা, পাতলীয়া মল
  7. পানীৰ দৰে, কঠিন টুকুৰা নাই।

প্ৰথম আৰু দ্বিতীয়টো প্ৰকাৰে বিশেষকৈ দ্বিতীয়টোৱে কন্‌ষ্টিপেছন বুজায় কাৰণ সেইবোৰ মলদ্বাৰেদি ওলাই যাবলৈ টান হয়। ৫-৭ নং প্ৰকাৰে গ্ৰহণী বা বেছিকৈ মলত্যাগৰ অনুভূতিক বুজায়। .১৭

বিষ্ঠাৰ মাৰ্কাৰ

বিষ্ঠাত পোৱা কেতবোৰ মাৰ্কাৰে শৰীৰত চলি থকা বিভিন্ন ৰোগ আৰু পৰিঘটনাৰ উমান দিয়ে। উদাহৰণস্বৰূপে- ফিকেল কেল্‌প্ৰটেক্টিনৰ উচ্চ মাত্ৰাই প্ৰদাহ প্ৰক্ৰিয়া যেনে ক্ৰ'নৰ ৰোগ, আলচাৰেটিভ ক'লাইটিছ আৰু কৰ্কট ৰোগলৈ আঙুলিয়াব পাৰে।

বিষ্ঠাৰ মাৰ্কাৰৰ মাত্ৰা
মাৰ্কাৰৰোগীৰ প্ৰকাৰউচ্চ সীমাএকক
ফিকেল কেল্‌প্ৰটেক্টিন২-৯ বছৰ১৬৬মাইক্ৰ'গ্ৰাম/গ্ৰাম বিষ্ঠা
১০-৫৯ বছৰ৫১
≥ ৬০ বছৰ১১২
লেক্ট'ফেৰিন২-৯ বছৰ২৯
≥ ১০ বছৰ৪.৬

তাৰ উপৰিও বিষ্ঠা অ'কাল্ট তেজৰ বাবে বিশ্লেষণ কৰিব পাৰি যিয়ে পেটৰ ভিতৰৰ ৰক্তক্ষৰণ সূচায়।

অস্বাভাৱিকতা

বিষ্ঠা বিশ্লেষণ (বিষ্ঠাৰ নমুনা)

বিষ্ঠাত বিচৰা প্ৰধান অণুজীৱসমূহ হৈছে:

  • বেক্টেৰ‍ইড্‌ছ প্ৰজাতি
  • চালম'নেলা আৰু শ্বিগেলা
  • য়াৰছিনিয়াক সাধাৰণ উষ্মতাতকৈ অলপ কম তাপৰ প্ৰয়োজন হয়। (৩০0 c)
  • কেম্পাইল'বেক্টৰক ৪২0 cত বিশেষ পৰিবেশত ইন্‌কিউবেট কৰা হয়।
  • এৰ'ম'নাছ
  • কেণ্ডিডা যদি ব্যক্তিজনৰ প্ৰতিৰোধী ক্ষমতা কম।
  • "ই ক'লাই" ০১৫৭ যদি ব্যক্তিজনৰ বিষ্ঠাৰ নমুনাত তেজ দেখা যায়।
  • ক্ৰীপ্ট'স্প'ৰিডিয়াম
  • এণ্টামিবা হিষ্ট'লাইটিকা

অন্ত্ৰৰ পৰজীৱী আৰু সেইবোৰৰ কণী কেতিয়াবা সুদা চকুৰেও দেখা পোৱা যাব পাৰে।

অজীৰ্ণ খাদ্যৰ কণা

হজম নোহোৱা খাদ্যৰ অৱশিষ্ট যেনে গুটিয়ে মানুহৰ পাচন তন্ত্ৰইদি পাৰ হৈ পিছত গজালি মেলিব পাৰে। এটা উদাহৰণ হৈছে বিষ্ঠাৰ অংশক সাৰ হিচাপে ব্যৱহাৰ কৰিলে বিলাহীৰ গছ গজাটো।

হাগনি

মূল প্ৰবন্ধ: হাগনি

হাগনি হৈছে দিনত তিনি বা ততোধিকবাৰ ঢিলা বা পনীয়া পায়খানা হোৱা, বা ব্যক্তি এজনৰ স্বাভাৱিক অৱস্থাতকৈ বেছিকৈ হোৱা।১৮ ই কোনো আঘাত, ৰোগ বা খাদ্যৰ পৰা হোৱা বেমাৰৰ লক্ষণ হ'ব পাৰে। হাগণিত প্ৰায়েই পেটৰ বিষ, বমিৰ ভাৱ, বমি আদি হ'ব পাৰে। আন কিছুমান অৱস্থাতো হাগনিৰ আটাইবোৰ বা কিছুমান লক্ষণ থাকিব পাৰে। গতিকে চিকিৎসা বিজ্ঞানত হাগনিৰ সংজ্ঞা দিওঁতে প্ৰতি দিনে ২০০ গ্ৰামতকৈ বেছি শৌচ হোৱাক বুজোৱা হয় (যদিও প্ৰকৃততে শৌচৰ ওজন কৰি ৰোগ নিৰূপণ কৰা নহয়)।

ক'ল'নে পানী কমকৈ শোষণ কৰিলে শৌচ ঢিলা হয়। পাচন প্ৰক্ৰিয়াৰ অংশ হিচাপে বা জুলীয়া পদাৰ্থ গ্ৰহণ কৰিলে খাদ্যৰ লহত যথেষ্ট পৰিমাণৰ পানী মিহলি হয়। ক'ল'ন পোৱাৰ আগতে খাদ্য তেনেই জুলীয়া হৈ থাকে। ক'ল'নে পানীখিনি শোষণ কৰাৰ ফলত বাকী থকা বস্তুখিনিয়ে অৰ্ধকঠিন বিষ্ঠাৰ ৰূপ লয়। ক'ল'নৰ এই কাৰ্যত বাধাৰ সৃষ্টি হ'লে শোষণ নোহোৱাৰ ফলত পনীয়া শৌচ হয়।

সাধাৰণতে বিভিন্ন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণৰ ফলত হাগনি হয় যদিও বেক্টেৰিয়াৰ টক্সিন বা সংক্ৰমণতো হাগনি হ'ব পাৰে। স্বাস্থ্যসন্মত পৰিবেশত আৰু সঠিক খাদ্য-পানীৰ যোগান থাকিলে মানুহ এজনে সাধাৰণ ভাইৰেল সংক্ৰমণৰ পৰা এসপ্তাহৰ ভিতৰত আৰোগ্য লাভ কৰে। কিন্তু আন ৰোগ বা অপুষ্টিত ভোগা মানুহৰ তীব্ৰ ডিহাইড্ৰেছন হৈ চিকিৎসাৰ অভাৱত মৃত্যুমুখতো পৰিব পাৰে।

ব্যৱহাৰ

সাৰ হিচাপে

বহু আগৰ পৰাই মানৱ বিষ্ঠা সাৰ হিচাপে ব্যৱহৃত হৈ আহিছে। শুদ্ধ নকৰাকৈ খেতিপথাৰত ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ হানি হোৱাৰ আশংকা থাকে। বিশ্বজুৰি উন্নয়নশীল দেশবোৰত হোৱা ১৫০ কোটি helminthiasis নামৰ পেলুৰ ৰোগৰ ইয়ো এক কাৰণ।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ মতে মানুহৰ বিষ্ঠাৰ পৰা বীজাণু আঁতৰ কৰিহে এইয়াক ব্যৱহাৰ কৰা হয়।১৯ মানৱ বিষ্ঠা আৰু খেতিৰ এই সম্পৰ্কক ecosan (ইক'ল'জিকেল ছেনিটেচন) নাম দিয়া হৈছে। মলক ব্যৱহাৰ উপযোগী কৰি তোলা টইলেটৰ প্ৰকাৰৰ ভিতৰত আছে ইউৰিন ডাইভাৰ্টিং ড্ৰাই টইলেট আৰু কম্প'ষ্টিং টইলেট।

মল সংস্থাপন

স্বাস্থ্যবান লোকৰ মলৰ বেক্টেৰিয়া নি ইৰিটেবল বাৱেল ছীন্‌ড্ৰমৰ দৰে ৰোগত ভোগা মানুহৰ গাত সংস্থাপন কৰাক "মল সংস্থাপন" বা "মল বেক্টেৰিয়থেৰাপী" (Fecal bacteriotherapy) বোলে। ইয়াৰ ফলত গ্ৰহণকাৰীৰ অন্ত্ৰৰ উন্নতি হয় বুলি ধাৰণা কৰা হয়।২০২১ শেহতীয়া গৱেষণাই দেখুৱাইছে যে প্ৰতিজৈৱিক বা অন্য চিকিৎসাৰ ফলত ধ্বংস হোৱা অন্ত্ৰৰ প্ৰয়োজনীয় বেক্টেৰিয়া গঢ়ি তোলাত ই সহায়ক।

জৈৱিক গেছ উৎপাদন

নৰ্দমাত মল ৰাখি অবাত শ্বসন পদ্ধতিৰে জৈৱিক গেছ উৎপাদন কৰাক লৈ ৯৫০ কোটি ডলাৰৰ ব্যৱসায় হ'ব পাৰে।২২

ৱাশ্বিংটন ডিচিয়ে এনেকৈ জৈৱিক গেছ উৎপাদন কৰি বছৰি ১.৩ কোটি ডলাৰ ৰাহিৰ পৰিকল্পনা কৰিছে।২৩

ধাতুৰ সন্ধান

জাপানৰ কৰ্মীসকলে মলৰ নৰ্দমাত ধাতুৰ সন্ধান কৰিছিল। US Geological Survey-ই হিচাপ কৰে যে ১০ লাখ মানুহৰ মলত ১.৩ কোটি ডলাৰ মূল্যৰ ধাতু থাকে।২৪২৫

বিষ্ঠা কলুষণ

পানীৰ উৎসক বিষ্ঠাই কলুষিত কৰা পৰীক্ষা কৰিবলৈ মেক্কংকী অগৰ বা পেট্ৰি ডিছৰ সহায়ত "ই ক'লাই" বেক্টেৰিয়াৰ উপস্থিতি পৰীক্ষা কৰা হয়। ই ক'লাই বেক্টেৰিয়াই সাধাৰণতে ৪৩0 cত ৰাতিটোৰ ভিতৰত ৰঙা ক'ল'নী সৃষ্টি কৰে। ই ক'লাই বেক্টেৰিয়াৰ বেছিভাগ প্ৰকাৰেই অনিষ্ঠ নকৰে যদিও ইয়াৰ উপস্থিতিয়ে পানীত বিষ্ঠাৰ দূষণ আৰু গতিকে আন অনিষ্ঠকৰ বীজাণুৰ উপস্থিতিৰ সম্ভাৱনালৈ আঙুলিয়াই দিয়ে।

গোতেই বিশ্বতে পানীৰ উৎসক বিষ্ঠাই কলুষিত কৰে আৰু খোৱা পানীক অসুৰক্ষিত কৰি তোলে। উন্নয়নশীল দেশসমূহত শৌচাগাৰৰ পেলনীয়া পানী কোনো ৰাসায়নিক দ্ৰব্য নিমিহলোৱাকৈ ওলাই যাবলৈ দিয়া হয়। আনকি উন্নত দেশসমূহতো এনে নলাৰ আৱৰ্জনা বেছিকৈ ওলাই পানীৰ উৎসক দূষিত কৰে, যেনে- ফ্ৰান্সৰ ছেইন নদী আৰু ইংলেণ্ডৰ টেম্‌ছ নদী।

অতিৰিক্ত তথ্য

  • বিষ্ঠা
  • মল

তথ্যসূত্ৰ

  1. ↑ Heller, JL. (2009-11-01). Bloody or tarry stools. National Institutes of Health
  2. ↑ (2006-05-10). Fact Sheet: Prussian Blue. Centers for Disease Control and Prevention
  3. ↑ cnx.org/content/m14979/latest/
  4. ↑ www.livestrong.com/article/472989-can-licorice-c
  5. ↑ Hiele, M. (1991 Jun). Influence of nutritional substrates on the formation of volatiles by the fecal flora.. Gastroenterology. পৃ. 1597-602
  6. ↑ Tangerman, A. (2009 Oct 15). Measurement and biological significance of the volatile sulfur compounds hydrogen sulfide, methanethiol and dimethyl sulfide in various biological matrices.. Journal of chromatography. B, Analytical technologies in the biomedical and life sciences. পৃ. 3366-77
  7. ↑ Chavez, C. (2004 Jun). The impact of supplemental dietary methionine sources on volatile compound concentrations in broiler excreta.. Poultry science. পৃ. 901-10
  8. ↑ Geypens, B. (1997 Jul). Influence of dietary protein supplements on the formation of bacterial metabolites in the colon.. Gut. পৃ. 70-6
  9. ↑ Otto, ER. (2003 Jul). Ammonia, volatile fatty acids, phenolics, and odor offensiveness in manure from growing pigs fed diets reduced in protein concentration.. Journal of animal science. পৃ. 1754-63
  10. ↑ Dugdale, David C. "Stools - foul smelling" on Medline Plus. U.S. National Library of Medicine
  11. ↑ Levine, J. (1998 Jan). Fecal hydrogen sulfide production in ulcerative colitis.. The American journal of gastroenterology. পৃ. 83-7
  12. ↑ Bartlett, John G. (15 January 2008). Clinical Recognition and Diagnosis of Infection. Clinical Infectious Diseases. পৃ. S12–S18
  13. ↑ Suarez, FL. (1999 Jan). Failure of activated charcoal to reduce the release of gases produced by the colonic flora.. The American journal of gastroenterology. পৃ. 208-12
  14. ↑ Suarez, FL. (1998 May). Bismuth subsalicylate markedly decreases hydrogen sulfide release in the human colon.. Gastroenterology. পৃ. 923-9
  15. ↑ Giffard, CJ. (2001 Mar 15). Administration of charcoal, Yucca schidigera, and zinc acetate to reduce malodorous flatulence in dogs.. Journal of the American Veterinary Medical Association. পৃ. 892-6
  16. ↑ Lewis SJ, Heaton KW. (1997). Stool form scale as a useful guide to intestinal transit time. Scand. J. Gastroenterol.. পৃ. 920–4
  17. ↑ Constipation Management and Nurse Prescribing: The importance of developing a concordant approach
  18. ↑ Diarrhoea. World Health Organization
  19. ↑ WHO (2006). WHO Guidelines for the Safe Use of Wastewater, Excreta and Greywater - Volume IV: Excreta and greywater use in agriculture. World Health Organization (WHO), Geneva, Switzerland
  20. ↑ Rowan, Karen. (20 October 2012). 'Poop Transplants' May Combat Bacterial Infections. LiveScience.com
  21. ↑ Bakken, Johan S.; Borody, Thomas; Brandt, Lawrence J. (1 December 2011). Treating Clostridium difficile Infection With Fecal Microbiota Transplantation. Clinical Gastroenterology and Hepatology. পৃ. 1044–1049
  22. ↑ Will the Future Be Powered by Feces?: DNews. DNews
  23. ↑ Shaver, Katherine. (2015-10-07). D.C. Water begins harnessing electricity from every flush. The Washington Post
  24. ↑ (2009-01-30). Sewage yields more gold than top mines. Reuters
  25. ↑ Feces to fortune: US sewage may contain billions in precious metals. RT International

সম্পৰ্কিত শ্ৰেণী

মানৱ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ বিষ্ঠা” প্ৰবন্ধৰ সংশোধন ৬২৪১৪৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।