ত লোৰ গুড়ি আকৰ্ষিত হোৱা দেখা গৈছে।]]
চুম্বক (গ্ৰীক ভাষাৰ পৰা μαγνήτις λίθος magnḗtis líthos, "মেগনেছিয়া শিল") হৈছে এবিধ পদাৰ্থ যি চুম্বকীয় ক্ষেত্ৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰ অদৃশ্য যদিও চুম্বকৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্টৰ বাবে দায়বদ্ধ, এই শক্তিৰ বাবে চুম্বকে অন্য পদাৰ্থ যেনে লো, নিকেল,ক'বাল্ট ইত্যাদি আকৰ্ষণ আৰু অন্য চুম্বকক বিকৰ্ষণ কৰিব পাৰে।
ইতিহাস
অতীজৰ মানুহসকলে চুম্বকীয় শক্তিৰ বিষয়ে চুম্বকশিলা(lodestone)ৰপৰা শিকিছিল। চুম্বকশিলা হৈছে লোৰ আকৰ। ই প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা চুম্বক, যি লোৰ টুকুৰা আকৰ্ষণ কৰে। গ্ৰীক ভাষাত "চুম্বক"ৰ অৰ্থ হৈছে "মেগনেছিয়াৰ পৰা পোৱা শিল", পুৰণি গ্ৰীচৰ এটি ভাগ য'ত চুম্বকশিলা পোৱা গৈছিল। চুম্বকশিলা বিলাক ওলোমাই ৰাখি চুম্বকীয় কম্পাচৰ উদ্ভাৱন কৰা হৈছিল। প্ৰায় ২৫০০ বছৰ মানৰ আগতেই গ্ৰীচ, চীন আৰু ভাৰতত চুম্বকৰ ব্যৱহাৰৰ চিন পোৱা গৈছে।
১২শৰপৰা ১৩শ শতিকাৰ ভিতৰত চীন, ইউৰোপ আৰু অন্য ঠাইত জাহাজৰ গতিপথ নিৰ্দেশন কৰিবলৈ চুম্বকীয় কম্পাচৰ ব্যৱহাৰ হৈছিল।
চুম্বকৰ মেৰু

আমাৰ সুবিধা অনুসৰি চুম্বকৰ দুটা মেৰু আছে বুলি ধৰা হয়: সুমেৰু আৰু কুমেৰু। এই মেৰু দুটাৰ সহায়ত চুম্বকৰ দুয়োটা বিপৰীত কাষকহে বুজোৱা হয়। যদি এটুকুৰা চুম্বক ভাঙি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক পৃথক কৰিবলৈ চেষ্টা কৰা হয়, তেতিয়া আমি পুনৰ দুটুকুৰা চুম্বকহে পাম। এই দুটুকুৰা চুম্বকত দুয়োটা মেৰু থাকিব।
ব্যৱহাৰ

- বৈদ্যুতিক মটৰ আৰু জেনেৰেটৰ: বৈদ্যুতিক মটৰে বিদ্যুত শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। জেনেৰেটৰ হৈছে ইয়াৰ বিপৰীত: ই যান্ত্ৰিক শক্তিক বিদ্যুত শক্তিলৈ ৰূপান্তৰিত কৰে।
- চিকিৎসা-বিজ্ঞান: চিকিৎসালয় সমূহত "চুম্বকীয় অনুনাদ"ৰ সহায়ত আলোকছবিৰ সৃষ্টি (magnetic resonance imaging) কৰাত চুম্বকৰ ব্যৱহাৰ হয়।
- ৰেকৰ্ডিঙ মিডিয়া: সাধাৰণ অডিঅ' কেছেট সমূহো চুম্বকৰ ফিতাৰে নিৰ্মিত। কম্পিউটাৰৰ ফ্লপি ডিস্ক(Floppy Disk) আৰু হাৰ্ড ডিস্ক(Hard Disk) সমূহে এটি পাতল চুম্বকৰ প্ৰলেপত ইয়াৰ তথ্যসমূহ সাঁচি ৰাখে।
বাহ্যিক সংযোগ
- HyperPhysics E/M
- Detailed Theory on Designing a Solenoid
- Video: The physicist Richard Feynman answers the question, Why do bar magnets attract or repel each other?
- Articles, tutorials and other educational information about magnets
- Answers to several questions from curious kids about magnets
- Magnetic units discussed
- EU requires warning on toys containing magnets
- Information on Permanent Magnets
- About Magnets
- International Magnetics Association
- Online magnetic pull force calculator
- Magnet (How Products Are Made Volume 2)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুম্বক” প্ৰবন্ধৰ সংশোধন ৪২১৯২৬ (৩০ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।