ৰাসায়নিক অভিযান্ত্ৰিকী (Chemical Engineering, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান (ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান), জৈৱ বিজ্ঞান (জীৱবিজ্ঞান, অণুজীৱবিজ্ঞান, জৈৱ ৰসায়ন)ৰ সতে গণিত আৰু অৰ্থনীতিৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয়। এই বিভাগত ঘাইকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ, শক্তি আৰু উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। আধুনিক ৰাসায়নিক অভিযন্তাসকল ন ন প্ৰায়োগিক পদ্ধতি আৰু পদাৰ্থৰ সতে জড়িত যিবোৰ নেন'প্ৰযুক্তি, ইন্ধন কোষ আৰু জৈৱ অভিযান্ত্ৰিকী বিষয়সমূহৰ বাবে অতীৱ প্ৰয়োজনীয়।
বুৎপত্তি

১৯৯৬ৰ ব্ৰিটিছ জাৰ্ণেল ফ'ৰ হিষ্টৰী অৱ ছায়ন্সত প্ৰকাশিত এটি প্ৰবন্ধত জেমচ এফ ডনেলীয়ে ১৮৩৯ চনত ছালফিউৰিক এচিড১ উৎপাদন সম্পৰ্কত ৰাসায়নিক অভিযান্ত্ৰিকীৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছিল। সেই একেটা প্ৰবন্ধতে জৰ্জ ই. ডেভিছ, এজন ইংৰাজ পৰামৰ্শদাতাক উক্ত অভিধাৰ জনক বুলি কোৱা হয়।২৩ দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্: এন্ এনচাইক্লোপিডিয়াত ১৮৯০ চনত৪ উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। 'ৰাসায়নিক অভিযান্ত্ৰিকী', য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা ব্যাখ্যা কৰা হয়, শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিল।৫ ১৯১০লৈকে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত 'ৰাসায়নিক অভিযন্তা'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল।৬
ইতিহাস
ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক প্ৰাথমিক ধাৰণা 'ইউনিট অপাৰেচন'ৰ বিকাশৰ দ্বাৰা এই বিভাগটোৱে মূৰ দাঙি উঠিছিল। প্ৰায় সকলো লিখকেই ডেভিছে 'ইউনিট অপাৰেচন' ধাৰণা আৱিষ্কাৰ কৰা বিষয়টোত একমত। ১৮৮৭ চনত তেখেতে মানচেষ্টাৰ টেকনিকেল স্কুলত (বৰ্তমানৰ মানচেষ্টাৰ বিশ্ববিদ্যালয় ) 'ইউনিট অপাৰেচন'ৰ ওপৰত দিয়া এক বক্তৃতা শৃংখল ৰাসায়নিক অভিযান্ত্ৰিকীৰ বাট মুকলি কৰা প্ৰচেষ্টাবোৰৰ ভিতৰত অন্যতম আছিল। ডেভিছৰ বক্তৃতাৰ তিনিবছৰ আগতে হেনৰী এডৱাৰ্ড আৰ্মষ্ট্ৰ্ঙে 'চিটী এণ্ড গিল্ডচ অৱ লণ্ডন ইনষ্টিটিউট'ত ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক পাঠ্যক্ৰ্ম প্ৰ্ৱৰ্তন কৰিছিল কিন্ত এই পাঠ্যক্ৰ্মে নিয়োগকৰ্তাক আৰ্কষিত কৰিব নোৱাৰা বাবে এই পাঠ্যক্ৰ্ম বিফল হয়। কিয়নো সেই সময়ৰ নিয়োগকৰ্তাই ৰসায়নবিদ তথা যান্ত্ৰিক অভিযন্তাকহে বেছি অগ্ৰাধিকাৰ দিছিল। এই পাঠ্যক্ৰ্ম যচা মাছাছুছেটচ্ ইনষ্টিটিউটত অৱ টেক্ন'ল'জী (এম্.আই.টি), মানচেষ্টাৰৰ অৱেন কলেজ, ইংলেণ্ড আৰু ইউনিভাৰচিটী কলেজ লণ্ডনটো ৰাসায়নিক অভিযান্ত্ৰিকীৰ একে দশা হৈছিল।

১৮৮৮ চনৰ পৰা লেৱিছ এম্. নৰ্টনে আমেৰিকা যুক্তৰাষ্টৰ এ.আই.টিত সৰ্বপ্ৰথমে ৰাসায়নিক অভিযান্ত্ৰিকীৰ পাঠ্যক্ৰমৰ শিক্ষা আৰম্ভ কৰে। নৰ্টনৰ পাঠ্যক্ৰম আৰু আৰ্মষ্ট্ৰঙৰ সৈতে সমসাময়িক আৰু উল্লেখযোগ্যভাৱে সদৃশ আছিল। দুয়োটা পাঠ্যক্ৰমেই সাধাৰণভাৱে ৰসায়ন আৰু অভিযন্ত্ৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিছিল। "এই বিষয়ৰ শিক্ষাৰ্থীসকলে অভিযন্তাসকলক তেওঁলোক যে অভিযন্তা আৰু ৰসায়নবিদসকলক তেওঁলোক যে সাধাৰণ ৰসায়নবিদ নহয় সেয়া পতিয়ন নিয়াব পৰা নাছিল। ইউনিট অপাৰেচন বিষয়টো ১৯০৫ চনত উইলিয়াম হাল্টজ ৱাকাৰে অন্তৰ্ভুক্ত কৰে। ১৯২০ চনলৈকে ইউনিট অপাৰেচন বিষয়টো এম.আই.টি আৰু আন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় তথা লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ ৰাসায়নিক অভিযান্ত্ৰিকীৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ পৰে। ১৯০৮ চনত প্ৰতিস্থিত আমেৰিকান ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰে ৰাসায়নিক অভিযান্ত্ৰিকীক বিজ্ঞানৰ এক স্বাধীন বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত আৰু ইউনিট অপাৰেচনক এই বিষয়ৰ মূল হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰতিষ্ঠানে ১৯২২ চনৰ এক ৰিপৰ্টত ৰাসায়নিক অভিযান্ত্ৰিকীক এক স্বাধীন বিজ্ঞান হিচাপে কয় যাৰ ভেটি হয় ইউনিট অপাৰেচন আৰু এই ভিত্তিত ৰাসায়নিক অভিযান্ত্ৰিকীৰ সন্তোষজনক পাঠ্যক্ৰম থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত কৰে। একেসময়তে ১৯২২ চনত ৰাসায়নিক অভিযান্ত্ৰিকীক ব্ৰিটেইনত এক নিৰ্দিষ্ট বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাত ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰয়ে ভূমিকা লয়। এই প্ৰতিষ্ঠানেও ইউনিট অপাৰেচনক এই বিষয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।
গ্ৰন্থপঞ্জী
- American Institute of Chemical Engineers. (2003-01-17). AIChE Constitution.
- Bird, R. Byron; Stewart, Warren E.; Lightfoot, Edwin N. (2002). Transport Phenomena. John Wiley & Sons. ISBN 0-471-41077-2.
- Carberry, James J. (2001-07-24). Chemical and Catalytic Reaction Engineering. McGraw-Hill Chemical Engineering Series. General Publishing Company. ISBN 0-486-41736-0.
- Cohen, Clive. (June 1996). The Early History of Chemical Engineering: A Reassessment. Br. J. Hist. Sci.. Cambridge University Press.
- Engineering the Future of Biology and Biotechnology. Rice University.
- Garner, Geraldine O. (2003). Careers in engineering. VGM Professional Career Series. McGraw-Hill. ISBN 0-07-139041-3.
- Kim, Irene. (January 2002). Chemical engineering: A rich and diverse history. Chemical Engineering Progress. American Institute of Chemical Engineers.
- McCabe, Warren L.; Smith, Julian C.; Hariott, Peter. (1993). Unit Operations of Chemical Engineering. McGraw-Hill Chemical Engineering Series. McGraw-Hill. ISBN 0-07-044844-2.
- Ogawa, Kōhei. (2007). Chemical engineering: a new perspective. Elsevier. ISBN 978-0-444-53096-7.
- Perkins, J.D. (2003). Chemical Engineering: Visions of the World. Elsevier Science. ISBN 0-444-51309-4.
- Reynolds, Terry S. (2001). History of Science in United States: An Encyclopedia. Garland Publishing. ISBN 0-8153-0762-4.
- Silla, Harry. (2003). Chemical Process Engineering: Design and Economics. Marcel Dekker. ISBN 0-8247-4274-5.
- American Institute of Chemical Engineers. (2003a). Speeding up the human genome project. Chemical Engineering Progress.
- Towler, Gavin; Sinnott, Ray. (2008). Chemical engineering design: principles, practice and economics of plant and process design. Elsevier. ISBN 978-0-7506-8423-1.
তথ্যসূত্ৰ
- ↑ Cohen 1996, পৃ. 172
- ↑ Swindin, N. (1953). George E. Davis memorial lecture. Transactions of the Institution of Chemical Engineers
- ↑ Flavell-While, Claudia. (2012). Chemical Engineers Who Changed the World: Meet the Daddy. The Chemical Engineer. 52-54
- ↑ Reynolds 2001, পৃ. 176
- ↑ Cohen 1996, পৃ. 186
- ↑ Perkins 2003, পৃ. 20
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাসায়নিক অভিযান্ত্ৰিকী” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৩৯ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।