অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পুলহ (ঋষি)

পুলহ হিন্দু পৌৰাণিক কাহিনীৰ এটা চৰিত্ৰ। তেওঁ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ পুত্ৰ আৰু লগতে প্ৰথম মন্বন্তৰত(মনুৰ যুগত) সপ্তৰ্ষি(সাতজন মহান ঋষি)ৰ অন্যতম আৰু আন কেইজন হ'ল মৰিচি, অত্ৰি, অংগিৰস, ক্ৰতু, পুলস্ত্য আৰু বশিষ্ঠ।

হালনাগাদ: ১১ জুন ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পুলহ হিন্দু পৌৰাণিক কাহিনীৰ এটা চৰিত্ৰ। তেওঁ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ পুত্ৰ আৰু লগতে প্ৰথম মন্বন্তৰত(মনুৰ যুগত) সপ্তৰ্ষি(সাতজন মহান ঋষি)ৰ অন্যতম আৰু আন কেইজন হ'ল মৰিচি, অত্ৰি, অংগিৰস, ক্ৰতু, পুলস্ত্য আৰু বশিষ্ঠ।১ আন এটা শ্ৰেণীবিভাজনত ব্ৰহ্মাই সৃষ্টি কৰা সৃষ্টিৰ পূৰ্বপুৰুষ দহজন প্ৰজাপতিৰ ভিতৰত পুলহ অন্যতম।২কিমপুৰুষসকল পুলহৰ সন্তান বুলি মহাভাৰতত উল্লেখ আছে।

কিংবদন্তি

প্ৰথম মন্বন্তৰৰ জন্মৰ সময়ত পুলহ দক্ষৰ কন্যা ক্ষমাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে একেলগে কৰ্দমা, কনকপীঠ আৰু উৰ্ৱৰীৱট তিনিজন পুত্ৰ আৰু পীৱাৰী নামৰ এগৰাকী কন্যা সন্তান জন্ম হয়। ভাগৱত পুৰাণৰ মতে পুলহ ঋষিৰ বিবাহো কৰ্দমা আৰু দেৱাহুতিৰ কন্যা গতিৰ লগত হৈছিল। দুয়োৰে তিনিজন পুত্ৰ আছিল – কৰ্মশ্ৰেষ্ঠ, বৰিয়াংসু আৰু সহিষ্ণু।৩ পুলহ ব্ৰহ্মৰ মূৰৰপৰা ওলোৱা পঞ্চম পুত্ৰ বুলি বিশ্বাস কৰা হয়। ব্ৰহ্মাই সপ্তৰ্ষি (সাত ঋষি) আৰু দহজন প্ৰজাপতি (কিছুমান বিৱৰণীত ইয়াক ২১ বুলি কোৱা হৈছে) সৃষ্টি কৰিছিল, যাৰপৰা সকলো মানুহৰ জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। পুলহই সনন্দন ঋষিৰপৰা জ্ঞানৰ শক্তি শিকি পাছলৈ সকলো জ্ঞান গৌতম ঋষিৰ ওচৰলৈ প্ৰেৰণ কৰে। তেওঁ অলকানন্দ নদীৰ পাৰত তীব্ৰ তপস্যা কৰিছিল আৰু ইন্দ্ৰৰ দৰবাৰত উপস্থিত থকাৰ বাবে পুৰস্কৃত হৈছিল। ৰজা ভৰতে নিজৰ সমস্ত ৰাজ্য ত্যাগ কৰি পুলহৰ আশ্ৰমত আশ্ৰয় লৈছিল।

তথ্যসূত্ৰ

  1. ↑ Inhabitants of the Worlds Mahanirvana Tantra, translated by Arthur Avalon, (Sir John Woodroffe), 1913, Introduction and Preface. The Rishi are seers who know, and by their knowledge are the makers of shastra and "see" all mantras. The word comes from the root rish (rishati-prapnoti sarvvang mantrang jnanena pashyati sangsaraparangva, etc.). The seven great Rishi or saptarshi of the first manvantara are Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya, and Vasishtha. In other manvantara there are other sapta-rishi. In the present manvantara the seven are Kashyapa, Atri, Vasishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja. To the Rishi the Vedas were revealed. Vyasa taught the Rigveda and revealed it to Paila, the Yajurveda to Vaishampayana, the Samaveda to Jaimini, Atharvaveda to Sumantu, and Itihasa
  2. ↑ Wilkins, W.J. (2003). Hindu Mythology. D.K. Printworld (P) Limited. পৃ. 370. ISBN 81-246-0234-4
  3. ↑ Pulaha Rishi

সম্পৰ্কিত শ্ৰেণী

ঋষি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুলহ (ঋষি)” প্ৰবন্ধৰ সংশোধন ৬১১৭৯৪ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।