অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বেদৱতী

বেদৱতী (वेदवती) আছিল বৃহস্পতিৰ পুত্ৰ কুশধ্বজৰ এগৰাকী জীয়ৰী। তেওঁক মিথিলাৰ ৰজা জনকৰ গৃহত জন্মলাভ কৰা সীতাৰ আত্মা আছিল বুলি কোৱা হয়। যি ৰামায়ণ মহাকাব্যৰ নায়িকা তথা ৰামৰ পত্নী আছিল।

হালনাগাদ: ২০ এপ্ৰিল ২০২৪ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বেদৱতী (वेदवती) আছিল বৃহস্পতিৰ পুত্ৰ কুশধ্বজৰ এগৰাকী জীয়ৰী। তেওঁক মিথিলাৰ ৰজা জনকৰ গৃহত জন্মলাভ কৰা সীতাৰ আত্মা আছিল বুলি কোৱা হয়। যি ৰামায়ণ মহাকাব্যৰ নায়িকা তথা ৰামৰ পত্নী আছিল।

জন্ম বিৱৰণ

ব্ৰহ্মৰ্ষি কুশধ্বজে লক্ষ্মীক নিজ কন্যা হিচাপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। তেওঁৰ তপস্যাত মুগ্ধ হৈ লক্ষ্মী দেৱীয়ে কুশধ্বজৰ কন্যা ৰূপত জন্ম লাভ কৰিবলৈ সন্মত হয়। এদিন কুশধ্বজে বেদ পাঠ কৰি থাকোঁতে লক্ষ্মী জন্মগ্ৰহণ কৰে। কুশধ্বজ আৰু তেওঁৰ পত্নী মালাৱতীয়ে তেওঁক নিজ কন্যা হিচাপে স্বীকাৰ কৰে। বেদ পাঠ কৰাৰ সময়ত জন্ম হোৱাৰ বাবে তেওঁৰ নাম বেদৱতী হয়।

তপস্যা আৰু বৰ লাভ

বেদৱতীয়ে জন্ম লাভ কৰাৰ পিছত পিতৃ-মাতৃৰ অনুমতি সাপেক্ষে পুষ্কৰতীৰ্থত তপস্যা কৰিবলৈ যায়। তাত এক মন্বন্তৰ তপস্যা কাৰ পিছত দৈৱবাণী হয় “তুমি জন্মান্তৰে বিষ্ণুক পতি ৰূপে পাবা।” বেদৱতীৰ ৰূপত মুগ্ধ হৈ অনেক দেৱতা, গন্ধৰ্ব, যক্ষ, ৰাক্ষস আদিয়ে তেওঁক বিবাহ কৰিবলৈ বিচাৰিছিল কিন্তু তেওঁৰ পিতৃৰ ইচ্ছা আছিল যে, তেওঁৰ জোৱাই যেন ভগৱান বিষ্ণু হয়। কুশধ্বজৰ ইচ্ছাত ক্ৰুদ্ধ হৈ দৈত্যৰাজ শুম্ভয়ে কুশধ্বজক বধ কৰে আৰু বেদৱতীৰ মাতৃ মালাৱতীয়ে দুখত স্বামীৰ সৈতে জ্বলিথকা জুইত জাহ যায়। পিতৃ মাতৃহাৰা বেদৱতীয়ে পিছত হিমালয়ৰ বনত কঠোৰ তপস্যা কৰিবলৈ আৰম্ভ কৰে।

ৰাৱণ কৰ্তৃক বেদৱতীৰ নিগ্ৰহ

এদিন ৰাৱণে বিচৰণ কৰি থাকোঁতে বেদৱতীক তপস্যা কৰি থকা দেখে আৰু তেওঁৰ পৰিচয় জিজ্ঞাসা কৰে। তেওঁ ৰাৱণক অতিথি হিচাপে যথেষ্ট সন্মান কৰে কিন্তু ৰাৱণে কামাতুৰ হৈ তেওঁক বিবাহৰ প্ৰস্তাৱ দিয়ে। বেদৱতীয়ে সন্মতি নিদিয়াত ৰাৱণে তেওঁৰ বিমানৰ পৰা নামি বলপূৰ্বকভাৱে বেদৱতীক হৰণ কৰিবলৈ চেষ্টা কৰে। অসহায় হৈ বেদৱতীয়ে ৰাৱণৰ বংশ নিধনৰ বাবে তেওঁ পুনৰ ধাৰ্মিকৰ গৃহত জন্মগ্ৰহণ কৰিব বুলি কৈ জুইত তেওঁৰ দেহ ত্যাগ কৰে। পৰৱৰ্তীকালত বেদৱতীয়ে সীতা ৰূপে জন্মগ্ৰহণ কৰি বিষ্ণুৰ অৱতাৰ ৰামৰ স্ত্ৰী হৈ ৰাৱণৰ ধ্বংসৰ কাৰণ হৈছিল।১

ভৱিষ্যতবাণী

অভিশাপ দিলে তপস্যা শক্তি হ্ৰাস পোৱা হেতু বেদৱতীয়ে ৰাৱণক অভিশাপ দিবলৈ অস্বীকাৰ কৰে যদিও অন্য এটা যুগত পুনৰ জন্মগ্ৰহণ কৰি ৰাৱণৰ ধ্বংসৰ কাৰণ হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ৰামায়ণৰ কিছুমান সংস্কৰণত বেদৱতীয়ে মায়া সীতাৰ ৰূপত পুনৰ জন্ম লয় বুলি কোৱা হয়, যি সীতাৰ স্থান লয় আৰু লংকাপতি ৰাৱণৰ দ্বাৰা অপহৰণ আৰু বন্দী হয়৷ আনহাতে প্ৰকৃত সীতা জুইত লুকাই থাকে৷ মায়া সীতাক প্ৰকৃত সীতাৰ ৰূপলৈ আহিবলৈ ৰামে সীতাক অগ্নি পৰীক্ষা কৰিবলৈ কয়৷

তথ্যসূত্ৰ

  1. ↑ Vedavati, The Encyclopaedia for Epics of Ancient India

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেদৱতী” প্ৰবন্ধৰ সংশোধন ৪১৯১৪৯ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।