অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ত্ৰিদেৱী

ত্ৰিদেৱী (Three goddesses; त्रिदेवी; IAST: ) তিনিগৰাকী হিন্দু ধৰ্মৰ শাক্তধৰ্মীসকলৰ প্ৰধান উপাষ্য দেৱী। সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীৰ সৈতে একত্ৰিতভাৱে এওঁলোক ত্ৰিদেৱী নামে পৰিচিত। উল্লেখযোগ্য যে এইসকল ত্ৰিদেৱী যথাক্ৰমে ত্ৰিমূৰ্তি সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱৰ পত্নী।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২১ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ত্ৰিদেৱী (Three goddesses; त्रिदेवी; IAST: ) তিনিগৰাকী হিন্দু ধৰ্মৰ শাক্তধৰ্মীসকলৰ প্ৰধান উপাষ্য দেৱী। সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীৰ সৈতে একত্ৰিতভাৱে এওঁলোক ত্ৰিদেৱী নামে পৰিচিত। উল্লেখযোগ্য যে এইসকল ত্ৰিদেৱী যথাক্ৰমে ত্ৰিমূৰ্তি সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱৰ পত্নী। ইয়াৰে সৰস্বতী (উচ্চাৰণ: sə.rəs.ʋə.t̪i; সংস্কৃত ভাষা: सरस्वती,; থাই ভাষা: สุรัสวดี Sarasawatee; জাপানি ভাষা: 弁才天/ 弁財天 Benzaiten) জ্ঞান, সঙ্গীত আৰু শিল্পকলাৰ হিন্দু দেৱী। ঋগ্বেদত সৰস্বতী দেৱী সৰস্বতী নদীৰ অভিন্ন এক ৰূপ। লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। আৰু পাৰ্বতী শক্তি আৰু প্ৰেমৰ দেৱী।

নৱৰাত্ৰি উৎসৱত, তিনিগৰাকী দেৱীক তিনিৰূপত পূজা কৰা হয়। প্ৰথম তিনি দিনত, দুৰ্গা দেৱীক, তাৰ পিছত লক্ষ্মীদেৱী আৰু সৰস্বতীক নৱম দিনটোলৈকে পূজা কৰা হয়।১

নাৰী ত্ৰিমূৰ্তি ৰূপত

আনহাতে হিন্দু ধৰ্মৰ পৰুষতান্ত্ৰীক ব্যৱস্থাত নাৰী ত্ৰিদেৱীৰ দেৱীসকলক অধিক বৈশিষ্ট্য পূৰ্ণ পুৰুষ ত্ৰিমূৰ্তিৰ দেৱতাসকল ক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ সহধৰ্মিনী আৰু সহায়ক দেৱতা হিচাপে অৱনমিত কৰা হৈছে। শক্তিবাদে নাৰী ত্ৰিদেৱীৰ দেৱীসকলক সৃষ্টিকৰ্তা (মহাসৰস্বতী), সংৰক্ষণকাৰী (মহালক্ষ্মী), আৰু ধ্বংসকাৰী (মহাকালী)ৰ বিশিষ্ট ভূমিকা প্ৰদান কৰিছে।

ত্ৰিমূৰ্তিৰ সহধৰ্মিনী ৰূপে

সৰস্বতী হৈছে শিক্ষা, কলা আৰু সাংস্কৃতিক পৰিপূৰ্ণতাৰ দেৱী, লগতে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ সহধৰ্মিনী। তেওঁক মহাজাগতিক বুদ্ধিমত্তা, মহাজাগতিক চেতনা আৰু মহাজাগতিক জ্ঞানৰ স্বৰূপ বুলি কোৱা হয়।

লক্ষ্মী হৈছে সম্পদ, উৰ্বৰতা, শুভতা, পোহৰ, আৰু ভৌতিক আৰু আধ্যাত্মিক পৰিপূৰ্ণতাৰ দেৱী, লগতে ৰক্ষণাবেক্ষণকাৰী বা সংৰক্ষক বিষ্ণুৰ সহধৰ্মিনী। অৱশ্যে, লক্ষ্মীয়ে কেৱল ভৌতিক সম্পদক সূচিত নকৰে, ইয়াৰ লগতে বিমূৰ্ত সমৃদ্ধি, যেনে গৌৰৱ, মহিমা, আনন্দ, উচ্চতা আৰু মহানতাকো সূচায়। আধ্যাত্মিক পৰিপূৰ্ণতাক যিয়ে মোক্ষলৈ পৰিৱৰ্তিত কৰে।

কালী, বা পাৰ্বতী বা দুৰ্গা হৈছে শক্তি, যুদ্ধ, সৌন্দৰ্য, প্ৰেমৰ দেৱী লগতে ৰুদ্ৰ, পৰিৱৰ্তন আৰু ধ্বংসৰ দেৱতা২৩৪ শিৱৰ সহধৰ্মিনী।

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ "Navaratri", in Hinduism Today Magazine, October/November/December 2008.
  2. ↑ Arvind Sharma 2000, পৃ. 65
  3. ↑ Issitt Main 2014, পৃ. 147, 168
  4. ↑ Flood 1996, পৃ. 151

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিদেৱী” প্ৰবন্ধৰ সংশোধন ২৯৮৭৩০ (১৮ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।