ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ধ্ৰুৱ
ধ্ৰুৱ (ध्रुव, 'অদম্য, অস্থাৱৰ, বা বদ্ধমূল') ভগৱান বিষ্ণুৰ এগৰাকী উল্লেখযোগ্য এগৰাকী কৃচ্ছ্ৰ তপস্বী আছিল। তেওঁৰ বিষয়ে বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত বৰ্ণিত হৈছে। মহাভাৰতত মেৰু তৰা বুজাবলৈ 'ধ্ৰুৱ নক্ষত্ৰ' (বা "ধ্ৰুৱ তৰা") সংস্কৃত শব্দগুচ্ছ ব্যৱহৃত হৈছিল।
-
ধৰ্ম (ভাৰতীয় দৰ্শন)
ধৰ্ম (সংস্কৃত: धर्म) বা ধম্ম (পালি: ধম্ম) ভাৰতীয় আধ্যাত্মিক পৰম্পৰাসমূহৰ (যেনে হিন্দুধৰ্ম, বৌদ্ধধৰ্ম, জৈনধৰ্ম আৰু শিখধৰ্ম) এক কেন্দ্ৰীয় ধাৰণা। আধুনিক অসমীয়া ভাষাত "ধৰ্ম" শব্দৰ ব্যৱহাৰ এই ভাৰতীয় দাৰ্শনিক ধাৰণাৰ বিষয়ে হোৱাৰ উপৰিও আন অৰ্থতো ব্যৱহাৰ কৰা হয়, যেনে "উপাসনা পদ্ধতি" বুজাবলৈ।
-
নূৰী জাম তামাচী
নূৰী জাম তামাচি ( Noori Jam Tamachi) ১৫ শতিকাৰ সিন্ধী লোককথাৰ এক লোককথা। শ্বাহ জো ৰিছালোত প্ৰকাশ পোৱা এই কাহিনীটো পাকিস্তানৰ সিন্ধৰ সাতটা জনপ্ৰিয় ট্ৰেজিক ৰোমাঞ্চৰ অংশ। আন ছয়খন কাহিনী হ’ল উমৰ মাৰভি, ছাছুই পুন্নহুন, চোনী মহিৱাল, লিলান চানেছাৰ, সোৰথ ৰায় দিয়াচ আৰু মোমল ৰাণো।
-
পদ্মাৱতী (দেৱী)
পদ্মাৱতী (పద్మావతి, पद्मावती) বা আলামেলুমাংগা এগৰাকী হিন্দু দেৱী আৰু ভগৱান বিষ্ণুৰ ৰূপ ভেংকটেশ্বৰৰ সংগী৷ তেওঁক স্থানীয় এজন ৰজাৰ জীয়ৰী আৰু দেৱী লক্ষ্মী আৰু ভূমিৰ অৱতাৰ বুলি কোৱা হয়৷ সংস্কৃতত পদ্মাৱতীৰ অৰ্থ “পদুম ফুলৰ পৰা ওলোৱা’’৷ পদ্মাৱতীৰ সকলোতকৈ প্ৰখ্যাত মন্দিৰ তিৰুপতি নগৰৰ উপকণ্ঠ তিৰুচানুৰত…
-
পাৰিজাত হৰণ নাট
পাৰিজাত হৰণ নাটখনি মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ নাট। নাটকীয় দৃষ্টিভংগীৰেও এই নাটখনি উচ্চ পৰ্যায়ৰ। নাটখনিৰ প্ৰত্যেকটো চৰিত্ৰই বিশেষকৈ নাৰী চৰিত্ৰ সমূহ স্বকীয় বৈশিষ্ট্য বিদ্যমান।
-
প্ৰতীপ
প্ৰতীপ হিন্দু ধৰ্মৰ এজন কিম্বদন্তি ৰজা। তেওঁ হস্তিনাপুৰৰ ৰজা আৰু চন্দ্ৰ বংশৰ সদস্য। শান্তনুৰ পিতৃ আৰু ভীষ্ম,[1]চিত্ৰংগদ, আৰু বিচিত্ৰবীৰ্যৰ ককাক। হিন্দু মহাকাব্য মহাভাৰতত এই ৰজাৰ কথা উল্লেখ আছে।
-
বল্লম
বল্লম (তামিল- வேல், lit. 'Vél') হৈছে হিন্দু যুদ্ধৰ দেৱতা মুৰুগান বা কাৰ্তিকৰ সৈতে জড়িত এটা ঐশ্বৰিক অস্ত্ৰ।
-
বাবৰী মছজিদ
বাবৰী মছজিদ (IAST: Bābarī Masjid; অৰ্থ বাবৰৰ মছজিদ) ভাৰতৰ অযোধ্যা নগৰৰ এটি মছজিদ আছিল৷ মছজিদৰ শিলালিপি অনুসৰি, ইয়াক মোগল সম্ৰাট বাবৰৰ সেনাপতি জেনাৰেল মিৰ বাকিয়ে ১৫২৮-২৯ চনত (৯৩৫ হিঃ) নিৰ্মাণ কৰাইছিল।
-
ভৈৰৱী মন্দিৰ
ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা।
-
মহাবিদ্যা
মহাবিদ্যা বা দশমহাবিদ্যা হিন্দু ধৰ্মৰ দেৱী। দিব্য জননী পাৰ্বতী দেৱীৰ দহটি বিশেষ ৰূপৰ সমষ্টিগত নাম। এই সকল দেৱীৰ এটা ৰূপ হৈছে ভয়ংকৰ দেৱীমূৰ্তি, আৰু আনটো ৰূপ অপৰূপ সুন্দৰী দেৱী প্ৰতিমাৰ।
-
মাতৃদেৱী
মাতৃদেৱী (mother goddess) হৈছে মাতৃত্ব, উৰ্বৰতা, সৃষ্টি, ধ্বংস বা পৃথিৱী বা প্ৰকৃতিৰ দান-বৰঙণিক মূৰ্ত কৰি তোলা ধৰিত্ৰী দেৱীক প্ৰতিনিধিত্ব কৰা দেৱী। পৃথিৱী বা প্ৰাকৃতিক জগতৰ সৈতে সমান বুলি ধাৰণা কৰি এনে দেৱীক কেতিয়াবা প্ৰকৃতি আই বুলিও কোৱা হয়, যি বিভিন্ন জীৱবাদী বা প্যান্থেষ্টিক ধৰ্মৰ দেৱতা।
-
মেৰু পৰ্বত
যাক সুমেৰু, চিনেৰু বা মহামেৰু বুলিও কোৱা হয় – হিন্দু, জৈন আৰু বৌদ্ধ ব্ৰহ্মাণ্ডবিজ্ঞানৰ এটা পৱিত্ৰ, পাঁচটা শৃংগযুক্ত পৰ্বত, যিটো সকলো ভৌতিক, আধ্যাত্মিক আৰু আধ্যাত্মিক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ হিচাপে পূজন কৰা হয়।
-
মৎস্যেন্দ্ৰনাথ
মৎস্যেন্দ্ৰ বা মৎস্যেন্দ্ৰনাথ, (পূৰ্ব দহ শতিকা) হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এগৰাকী সাধু আৰু যোগী আছিল। ঐতিহাসিকভাৱে তেওঁক হঠ যোগ আৰু বহু সংখ্যক পুৰণি গ্ৰন্থৰ লেখক হিচাপেও জনা যায়। তেওঁক নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা সকলৰ মাজৰে এজন বুলিও কোৱা হয়৷ তেওঁ বিশেষকৈ কৌল শৈৱ ধৰ্মৰ সৈতে সংযুক্ত।
-
যযাতি
যযাতি (ययाति) হিন্দু পৰম্পৰাৰ এজন বিখ্যাত পৌৰাণিক ৰজা। তেওঁক চন্দ্ৰবংশৰ ৰজা হিচাপে বৰ্ণনা কৰা হৈছে আৰু যাদৱ তথা পাণ্ডৱ বংশৰ পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়।
-
য়িন আৰু য়াং
চীনা দৰ্শনত য়িন আৰু য়াং ( yīnyáng, "আন্ধাৰ-ঊজ্বল", "ঋণাত্মক-ধনাত্মক")-এ এই কথাক বুজাই যে দেখাত বিপৰীত শক্তিসমূহো আচলতে ইটো আনটোৰ পৰিপূৰক, সম্বন্ধিত আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে।
-
লাইলাতুল কদৰ
শ্ববে কদৰ আৰবীত লাইলাতুল কদৰ। ইয়াৰ অৰ্থ অতিশয় সম্মানিত আৰু মহিমান্বিত ৰাতি বা পৱিত্ৰ ৰজনী। আৰৱী ভাষাত 'লাইলাতুন'ৰ অৰ্থ হ'ল ৰাত্ৰি বা ৰজনী আৰু 'কদৰ' শব্দৰ অৰ্থ সম্মান, মৰ্যাদা, মহাসম্মান। ইয়াৰ উপৰিও ইয়াৰ অন্য অৰ্থ হ'ল—ভাগ্য, পৰিমাণ আৰু তাকদিৰ নিৰ্ধাৰণ কৰা।
-
লৱ
লৱ (लव) আৰু তেওঁৰ যমজ ভাতৃ কুশ, ৰাম আৰু সীতাৰ সন্তান আছিল। তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে তেওঁ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।
-
শান্তা
শান্তা হিন্দু মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা দশৰথ আৰু কৌশল্যাৰ জীয়ৰী আছিল। পিছত তেওঁক অংগ প্ৰদেশৰ ৰজা ৰোমাপদে তুলি লৈছিল। শান্তাই কিংবদন্তী ভাৰতীয় হিন্দু ঋষি বিভাণ্ডকৰ পুত্ৰ ঋষ্যশৃংগৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ঋষ্যশৃংগয় দশৰথৰ বাবে পুত্ৰ কামেষ্ঠী যজ্ঞ পাতিছিল।
-
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (Shri Shri Athkhelia Namghar), অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। ই গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা – এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত।
-
সম্পাতি
বৈদিক গ্ৰন্থসমূহত সম্পাতি (सम्पाति) হৈছে অৰুণ আৰু শ্যেনীৰ জ্যেষ্ঠ সন্তান তথা জটায়ুৰ ভ্ৰাতৃ। তেওঁৰ অৱয়ব এক শগুনৰ দৰে। ব্ৰহ্ম পুৰাণৰ মতে, বব্ৰু নামেৰে সম্পাতিৰ এক পুত্ৰ আছে যি অতি বেগবান আৰু খাতিমান। শৈশৱ কালতে সম্পাতিয়ে নিজৰ ডেউকা দুখন হেৰুৱায়।
-
সুভন্নমচ্ছ
সুভন্নমচ্ছ (สุพรรณมัจฉา) বা সুৱৰ্ণমৎস্য (सुवर्णमत्स्य) হৈছে থাই ভাষাৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন ৰামায়ণ সংস্কৰণত উল্লিখিত টছাকনাথ বা ৰাৱণৰ জীয়ৰী। সুৱৰ্ণমৎস্যৰ আক্ষৰিক অৰ্থ হৈছে সোণোৱালী মাছ। তেওঁ হৈছে জলকুঁৱৰীসকলৰ এক ৰাজকুমাৰী।
-
হেষ্টিয়া
হেস্তিয়া বা হেষ্টিয়া (Hestia, /ˈhɛstiə, ˈhɛstʃə/; গ্ৰীক: Ἑστία, “hearth” or “fireside”) আছিল ঘৰুৱা, পৰিয়াল, ঘৰ আৰু ৰাজ্যৰ সঠিক আদেশ, জুইশালৰ কুমাৰী দেৱী। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি তেওঁ টাইটানছ তথা ক্ৰন’ছ আৰু ৰিয়াৰ প্ৰথম সন্তান আছিল।
-
ৰা (সূৰ্যদেৱতা)
ৰা বা ৰে (Ra) হৈছে প্ৰাচীন মিছৰীয় সূৰ্য দেৱতা। খ্ৰীষ্টপূৰ্ব ২৫ আৰু ২৪ শতিকাত পঞ্চম ৰাজবংশৰ দ্বাৰা তেওঁ প্ৰাচীন ইজিপ্টীয় ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ দেৱতা হৈ পৰিছিল। তেওঁক প্ৰধানতঃ দুপৰীয়া ৰ'দৰ সৈতে সংযুক্ত কৰা হয়।
-
ৰেণুকা হ্ৰদ
ৰেণুকা হ্ৰদভাৰতৰ হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাত অৱস্থিত আৰু ই সমুদ্ৰপৃষ্ঠৰ পৰা ৬৭২ মিটাৰ উচ্চতাত অৱস্থিত। ই হিমাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ হ্ৰদ, ইয়াৰ পৰিধি প্ৰায় ৩২১৪ মিটাৰ। এই হ্ৰদটোৰ নাম ৰেণুকা দেৱীৰ নামেৰে ৰখা হৈছিল আৰু ২০০৫ চনৰ নৱেম্বৰৰ পৰা ৰামছাৰ স্থান হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
-
অমৃতসৰৰ স্বৰ্ণমন্দিৰ
পঞ্জাবৰ সু্প্ৰাচীন নগৰ অমৃতসৰত আছে শিখসকলৰ মুখ্য গুৰুদ্বাৰ আৰু তীৰ্থ স্বৰ্ণমন্দিৰ৷ স্বৰ্ণমন্দিৰ ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ৷ স্বৰ্ণ মন্দিৰতে আছে শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব৷ শিখসকলে গ্ৰন্থখন দেৱ জ্ঞান কৰে৷ স্বৰ্ণ মন্দিৰত পূজাৰ কোনো প্ৰথা নাই৷ গ্ৰন্থ চাহিবৰ অখণ্ড পাঠ চলে মাথোঁ৷ এই…
-
অষ্টাংগিক আৰ্য মাৰ্গ
অষ্টাংগিক আৰ্য মাৰ্গ (পালি:, সংস্কৃত: ) সংসাৰৰ পৰা মোক্ষলাভ (জীৱন আৰু মৃত্যুৰ চক্ৰৰ অন্ত) আৰু নিৰ্বাণ প্ৰাপ্তিৰ বাবে বৌদ্ধ কাৰ্যপন্থাৰ এক পুৰণি সাৰাংশ। বৌদ্ধ প্ৰতীকসমূহৰ মাজত ধৰ্মচক্ৰই অষ্টাংগিক আৰ্য মাৰ্গ দৰ্শায়।
-
আজান পীৰৰ দৰগাহ
আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ। এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে।
-
আন-নামল
আন-নামল (النمل) হৈছে পবিত্ৰ কোৰআনৰ ২৭ তম ছূৰা (অধ্যায়) যাৰ ৯৩টা আয়াত (শ্লোক) আছে। . কল্পিত অৱতীৰ্ণৰ সময় আৰু প্ৰসংগভিত্তিক পটভূমিৰ সন্দৰ্ভত ([[আছবাব আল-নুজুল]), ই পূৰ্বৰ "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মক্কাত অৱতীৰ্ণ হোৱা বুলি বিশ্বাস কৰা হয়।
-
আন-নিশা
আন-নিশা ٱلنساء, An-Nisāʾ; অৰ্থ: মহিলা) হৈছে কোৰআন চতুৰ্থ অধ্যায় (ছূৰা), যাৰ ১৭৬ টা আয়াত (শ্লোক) আছে। শিৰোনামটো গোটেই অধ্যায়টোত মহিলাসকলৰ অজস্ৰ প্ৰসংগৰ পৰা উদ্ভৱ হৈছে, যাৰ ভিতৰত আছে আয়াত নং ৩৪ আৰু ১২৭-১৩০। ছূৰা আন-নিশাৰ অৰ্থ হৈছে মহিলা আৰু গোটেই ছূৰাটোত মহিলাৰ বিষয়ে আলোচনা কৰা হৈছে।
-
আন-নূৰ
আন-নূৰ (النور, ’an-nūr; অৰ্থ: পোহৰ বা উজ্জ্বল জ্যোতিষ্ক) হৈছে কোৰআনৰ ২৪ নং অধ্যায় যাৰ ৬৪টা আয়াত আছে।