ধন্বন্তৰি (Dhanvantari) বেদ আৰু পুৰাণত আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল। সেয়ে দেৱালীৰ দুদিন আগতে তেওঁৰ জন্মজয়ন্তী পালন কৰা হয়। এই দিনা ভাৰতৰ কিছুমান ঠাইত ধনতেৰাচ হিচাপে পালন কৰা হয়। তেওঁৰ হাতত শংখ, চক্ৰ, অমৃতৰ ঘট আৰু বনৌষধি থাকে। আয়ুৰ্বেদৰ জনক হিচাপে তেওঁক সুস্থ আৰু আৰোগ্য জীৱন লাভ কৰিবলৈ পূজা অৰ্চনা কৰে। আয়ুৰ্বেদিক মহাবিদ্যালয় সমূহত ধন্বন্তৰিক বিশেষ মৰ্যাদা দিয়া হয়।
২০১৬ চনত ভাৰত চৰকাৰ আৰু আয়ুস মন্ত্ৰণালয়ে ধন্বন্তৰি জয়ন্তীক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে।১
পৌৰাণিক উল্লেখ
ৰামায়ণৰ বালকাণ্ড আৰু ভাগৱত পুৰাণৰ মতে ক্ষীৰ সাগৰ মন্থনৰ ফলত ধন্বন্তৰিৰ উৎপত্তি হৈছিল। দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক ত্ৰয়োদশী তিথিত তেওঁৰ অভিৰ্ভাৱ হৈছিল। মন্দৰগিৰী পৰ্বতক মন্থন দণ্ড আৰু সৰ্পৰাজ বাসুকীক মন্থনজৰী হিচাপে ব্যৱহাৰ কৰা সাগৰ মন্থনত উদ্ভৱ ধন্বন্তৰিৰ হাতৰ অমৃত পাবলৈ দেৱতা অসুৰে হাহাকাৰ কৰিছিল। পিছত বিষ্ণুয়ে মোহিনী অৱতাৰ ধৰি দেৱতাক অমৃত পান কৰাত সহায় কৰিলে।
ধন্বন্তৰিক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়।২
স্বৰূপ
ভগৱান ধন্বন্তৰিক সংস্কৃত গ্ৰন্থ সমূহত বিষ্ণুৰ এক অৱতাৰ বুলি উল্লেখ আছে। তেওঁক এজন সুঠাম দেহৰ সুন্দৰ পুৰুষৰ ৰূপত কল্পনা কৰা হয়। তেওঁৰ হাত চাৰিখন। তেওঁৰ এখন হাতত শংখ, এখনত চক্ৰ, এখনত জোক আৰু আন এখনত সঞ্জীৱনী সুধা অৰ্থাৎ অমৃতৰ ঘট থাকে। কিছুমান স্বৰূপত তেওঁৰ ওচৰত বনৌষধি আৰু আয়ুৰ্বেদ শাস্ত্ৰ দেখুওৱা হয়।২
মন্দিৰ

ভাৰতৰ বিভিন্ন ঠাইত ধন্বন্তৰিৰ মন্দিৰ অৱস্থিত। দক্ষিণ ভাৰতত তেওঁৰ মন্দিৰৰ সংখ্যা ভাৰতৰ আন ঠাই সমূহতকৈ বেছি। কেৰালা আৰু তামিলনাডুত আয়ুৰ্বেদৰ ব্যাপক চৰ্চা কৰা বাবে ইয়াত ধন্বন্তৰিৰ মন্দিৰৰ সংখ্যা বেছি। তদুপৰি আয়ুৰ্বেদিক মহাবিদ্যালয় তথা পাৰম্পৰিক ভাৰতীয় চিকিৎসা প্ৰতিষ্ঠানত ধন্বন্তৰিক পূজা কৰা হয়।
তথ্যসূত্ৰ
- ↑ Dhanteras to be observed as National Ayurveda Day - Times of India
- ↑ Madhavan 2007, p. 107
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধন্বন্তৰি” প্ৰবন্ধৰ সংশোধন ৩৭৮৮৬৬ (২০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।