অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পৃথিৱী (দেৱী)

পৃথিৱী বা পৃথ্বী মাতা (সংস্কৃত: पृथ्वी,, অথবা पृथिवी, ) হৈছে সংস্কৃত আৰু প্ৰায়সমূহ আধুনিক ভাৰতীয় ভাষা(অসমীয়া, বাংলা ইত্যাদি) সমূহত আমাৰ গ্ৰহ পৃথিৱী সূচক নাম। ইয়াৰ লগতে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ শাখাবিশেষত এগৰাকী দেৱীৰ নাম। সেই দেৱী ভূমি, ধাত্ৰী, ধৰিত্ৰী ইত্যাদি নামেৰেও পৰিচিত।

হালনাগাদ: ২৫ মাৰ্চ ২০২৪ ৪৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পৃথিৱী বা পৃথ্বী মাতা (সংস্কৃত ভাষা: पृथ्वी,, অথবা पृथिवी, ) হৈছে সংস্কৃত আৰু প্ৰায়সমূহ আধুনিক ভাৰতীয় ভাষা(অসমীয়া, বাংলা ইত্যাদি) সমূহত আমাৰ গ্ৰহ পৃথিৱী সূচক নাম। ইয়াৰ লগতে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ শাখাবিশেষত এগৰাকী দেৱীৰ নাম। সেই দেৱী ভূমি, ধাত্ৰী, ধৰিত্ৰী ইত্যাদি নামেৰেও পৰিচিত। বেদৰ ব্যাখ্যা অনুসৰি, তেওঁ ভগৱান বিষ্ণু বা দ্যুস পিতা(আকাশ পিতা)ৰ দাম্পত্যসংগী। অৱশ্যে, পৰৱৰ্তী পুৰাণসমূহত তেওঁ ভূমি নামেৰে বৰাহৰ দাম্পত্যসংগী হিচাপে বৰ্ণিত হৈছে।

পৃথিৱী মাতা ('বসুধা মাতৃ') হিচাপে তেওঁ দ্যুস পিতা ('পিতা অম্বৰ' / পিতা আকাশ)ৰ পৰিপূৰক।১ ঋকবেদত পৃথিৱী আৰু আকাশক মৌলিকভাৱেই দ্যয়পৃথিৱী যুগ্ম শব্দযুগলেৰে পৰিচয় কৰোৱা হয়। ২৩ পৃথিৱী মাতৃ গোৰ সৈতে জড়িত। ভগৱান বিষ্ণুৰ এক অৱতাৰী ৰূপ পৃথুয়ে পৃথিৱীৰ গো ৰূপৰ পৰা দুগ্ধ আহৰণ কৰিছিল।

হিন্দু ধৰ্মীয় লোকাচাৰৰ সৈতে জড়িত প্ৰবল প্ৰভাৱৰ স্বত্বেও ইণ্ডোনেছিয়া দেশখনৰ ৰাষ্ট্ৰীয় ব্যক্তিৰূপান্তৰণত পৃথিৱী নামটো ব্যৱহৃত হয়। ইন্দোনেছীয় ভাষাৰ শব্দ-যুগল " ইবু পেৰটিৱি (Ibu Pertiwi)" সময়ে সময়ে প্ৰচলিত হৈ আহিছে।

বৌদ্ধ ধৰ্মত

বিভিন্ন বৌদ্ধ ধৰ্মগ্ৰন্থ আৰু বৌদ্ধ ভিক্ষুকসকলৰ চাক্ষুস উপস্থাপনাসমূহত পৃথিৱী মাতাক গৌতম বুদ্ধৰ ৰক্ষাকৰ্ত্ৰী হিচাপে বৰ্ণনা কৰা হৈছে। তদুপৰি গৌতম বুদ্ধৰ বুদ্ধত্ব প্ৰাপ্তি(জ্ঞান আৰু প্ৰজ্ঞাৰ মাধ্যমেৰে আলোকীকৰণ)ৰ সাক্ষী পৃথিৱী দেৱী আছিল বুলি বৰ্ণিত হৈছে। পালি ত্ৰিপিটক(বৌদ্ধ ধৰ্মীয় গ্ৰন্থ)ত বৌদ্ধ ধৰ্মৰ আদি কালছোৱাত পৃথিৱী মাতাৰ প্ৰসংগৰ বিৱৰণ আছে। ত্ৰিপিটক অনুসৰি, সিদ্ধাৰ্থ গৌতমে সকলো ধৰণৰ জড়তা আৰু প্ৰলোভনৰ প্ৰতীক মৰাক পৃথিৱীয়ে নিষ্কাষণ কৰাইছিল, আৰু ইয়াৰ মাধ্যমেৰেই সিদ্ধাৰ্থই জ্ঞান প্ৰাপ্তিৰ যোগ্যতা অৰ্জন কৰে। ৪ উল্লেখনীয় যে, বুদ্ধক প্ৰায়েই ভূমিস্পৰ্শ বা পৃথিৱী স্পৰ্শ মুদ্ৰাত চিহ্নিত কৰা হয়। এয়া পৃথিৱী দেৱীৰ প্ৰতি গৌতম বুদ্ধৰ প্ৰতীকী প্ৰাৰ্থনা হিচাপে বিবেচনা কৰা হয়। ৫

চীনদেশীয় বৌদ্ধ ধৰ্মীয় বৰ্ণনাসমূহত পৃথিৱী দেৱী ২৪ গৰাকী ৰক্ষাকৰ্তা দেৱ-দেৱী(Twenty-Four Protective Deities)ৰ মাজত এগৰাকী হিচাপে উপস্থাপিত হৈছে, আৰু বৌদ্ধ ধৰ্মীয় মন্দিৰসমূহৰ মহাবীৰ ভৱনত অন্যান্য দেৱতাসকলৰ সৈতে খোদিত হয়।

পৃথিৱী সুক্ত

পৃথিৱী সুক্ত বা ভূমি সুক্ত হৈছে অথৰ্ৱবেদ(চতুৰ্বেদৰ একট অংশ)ত (১২.১) অন্তৰ্ভুক্ত এটি স্তুতি গীত। এই স্তুতি গীতটি পৃথিৱী দেৱীৰ বন্দনাৰ উদ্দেশ্য পৰিৱেশিত হয়।

উপাধি

পৃথিৱী মাতাৰ বিভিন্ন উপাধি আছে।

বিভাগসংস্কৃত লিপ্যন্তৰবাংলা অৰ্থ
প্ৰদানকাৰীমাটিমাটি
ধাত্ৰীধাইমা
ধৰিত্ৰীপ্ৰতিপালক
জনিত্ৰজন্মস্থান
মেদিনীপ্ৰতিপালক
প্ৰশ্নিউদ্ভিদৰ মা
বনস্পতিনাম গ্ৰভীৰ ওষধিনামবনজ আৰু ওষধি বৃক্ষ আৰু গুল্মৰ গৰ্ভ
বিশ্বধায়াসৰ্ব পুষ্টিকৰ
বিশ্বগৰ্ভাপৃথিৱীৰ গৰ্ভ
বিশ্বমাংশুসকলো উপাদানৰ প্ৰস্তুতকাৰী
বিশ্বস্বমসকলো উপাদানৰ উৎস
প্ৰতিপালকধৰসমৰ্থক বা পৃষ্ঠপোষক
দ্ৰধঅধ্যৱসায়ী
ক্ষমধৈৰ্য্যশীল
স্থাৱৰসুস্থিৰ স্থিতিশীল
বিশদ্বসৰ্ব সংৰক্ষক
বিশ্বধৰিণীসৰ্বপৃষ্ঠপোষক
বিশ্বমহাৰাসকলো উপাদানৰ বহনকাৰী
সমৃদ্ধকাৰীৰত্নগৰ্ভাৰত্নৰ ভাণ্ডাৰ
ৰত্নাৱতীৰত্নেৰে পৰিপূৰ্ণ
বসুন্ধৰাসম্পদ বহনকাৰী

পুৰাণ বৰ্ণিত কাহিনী

হিন্দু ধৰ্মৰ প্ৰাচীন শাস্ত্ৰ আৰু আখ্যানসমূহ পৃথিৱী দেৱীৰ পূজনেৰে ভৰপূৰ। দেৱী কাশ্যপ প্ৰজাপতিৰ দুহিতা হোৱাৰ সূত্ৰে কাশ্যপী হিচাপেও পৰিচিত। দ্যুস পিতা(আকাশ পিতা)ৰ দৈৱিক দাম্পত্যসংগী হৈছে পৃথিৱী মাতা (বসুধা মা)। আকাশ আৰু পৃথিৱীক ঋগবেদত দ্যয়পৃথিৱী হিচাপে আখ্যায়িত কৰা হৈছে, আৰু এই দৈৱযুগল অজস্ৰ জীৱৰ পিতৃ-মাতৃ। তেওঁলোক ইন্দ্ৰ, উষা আৰু অগ্নিৰ দৰে দৈৱিক সত্বাৰো পিতৃ-মাতৃ। ঋগবেদত কোৱা হৈছে যে, দ্যুসে বৃষ্টিৰ জৰিয়তে পৃথিৱীক সন্তানসম্ভৱা কৰি তোলে, আৰু তাৰ জৰিয়তেই উদ্ভিদকূল আৰু প্ৰাণীকূলত অজস্ৰ প্ৰকাৰৰ সৃষ্টিৰ জন্ম আৰু বিকাশ সম্ভৱপৰ হৈ উঠে। দ্যুস আৰু পৃথিৱী মাতাক বলদ আৰু গাই হিচাপে উপস্থাপন কৰা হয় আৰু সৃষ্টিৰ ধাৰাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ২

পুৰাণৰ আখ্যানসমূহত, বিশিষ্ট কাৰ্য্য সমাপন কৰিবৰ উদ্দেশ্যে অন্যান্য চৰিত্ৰসমূহৰ আৱিৰ্ভাৱৰ লগে লগে দ্যুস পিতাৰ ভূমিকা ক্ৰমান্বয়ে হ্ৰাস পায়। ইয়াৰ সমান্তৰালভাৱে পৃথিৱীৰ প্ৰকৃতিও পৰিৱৰ্তিত হয়। পৃথিৱীক ভূমি দেৱী হিচাপে উপস্থাপন কৰা হয়, আৰু তেওঁ বসুধা মাৰ ব্যক্তিৰূপান্তৰণ আৰু উৰ্বৰতা আৰু সমৃদ্ধিৰ প্ৰতীক। প্ৰকৃতপক্ষে, তেওঁ লক্ষ্মী দেৱীৰেই এক ৰূপ। সেয়ে তেওঁক যেতিয়াই সাহাৰ্য্যৰ প্ৰয়োজন হয়, তেতিয়াই তেওঁৰ দৈৱিক দাম্পত্যসংগী বিষ্ণু তেওঁৰ কোনো এক অৱতাৰৰ জৰিয়তে আৱিৰ্ভাৱ হয়।

তথ্যসূত্ৰ

  1. ↑ Leeming, David; Fee, Christopher. (2016). The Goddess: Myths of the Great Mother. Reaktion Books. ISBN 978-1-78023-538-7
  2. ↑ Bhoomi Devi – Our Sacred Goddess Mother Earth. Bhoomi Devi – Our Sacred Goddess Mother Earth. Anaadi Foundation
  3. ↑ Doniger O'Flaherty 2007, পৃ. 201, 330
  4. ↑ Shaw 2006, পৃ. 27
  5. ↑ Shaw 2007, পৃ. 17

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৃথিৱী (দেৱী)” প্ৰবন্ধৰ সংশোধন ৪১৪০৬৬ (২৫ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।