অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আদিত্য

হিন্দু ধৰ্মত আদিত্য (সংস্কৃত: आदित्य) প্ৰধান সৌৰ দেৱতাৰ এটা সমূহক বুজায়। আদিত্যসকল অদিতি দেৱীৰ সন্তান। একবচনত আদিত্য নামটো সৌৰ দেৱতা সূৰ্য্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মত আদিত্য (সংস্কৃত ভাষা: आदित्य) প্ৰধান সৌৰ দেৱতাৰ এটা সমূহক বুজায়। আদিত্যসকল অদিতি দেৱীৰ সন্তান। একবচনত আদিত্য নামটো সৌৰ দেৱতা সূৰ্য্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়। সাধাৰণতে বাৰজন আদিত্যৰ আছে আৰু তেওঁলোক হৈছে বিবস্বান (সূৰ্য্য), অৰ্যমা, ত্বষ্টা, সবিত্ৰ, ভগ, ধাতা, মিত্ৰ, বৰুণ, অংশ, পূষণ, ইন্দ্ৰ আৰু বিষ্ণু (বামনৰ ৰূপত)।১

ঋগবেদত আদিত্যৰ সংখ্যা ৬–৮ জন, সকলো পুৰুষ। ব্ৰাহ্মণত এই সংখ্যা ১২ জনলৈ বৃদ্ধি পায়। মহাভাৰত আৰু পুৰাণত কাশ্যপ ঋষিক আদিত্যসকলৰ পিতৃ হিচাপে উল্লেখ কৰা হৈছে।১ বছৰৰ প্ৰতিটো মাহতে বেলেগ বেলেগ আদিত্যই পোহৰ বিলাই বুলি কোৱা হয়।

সূৰ্য পূজা

ঋগবেদত আদিত্যক জলধাৰাৰ দৰে উজ্জ্বল আৰু বিশুদ্ধ, সকলো ছলনা আৰু অসত্যৰ পৰা মুক্ত, নিৰ্দোষ, নিখুঁত বুলি বৰ্ণনা কৰা হৈছে।

এই শ্ৰেণীৰ দেৱতাক স্থাৱৰ আৰু অস্থাৱৰ ধৰ্মত সমৰ্থন কৰা দেখা যায়। আদিত্যসকল সকলো সত্তাৰ ৰক্ষক হিচাপে কাম কৰা উপকাৰী দেৱতা, আত্মাৰ জগতখনক সুৰক্ষা প্ৰদান কৰে আৰু পৃথিৱীক ৰক্ষা কৰে। মিত্ৰ-বৰুণৰ ৰূপত আদিত্যসকলে চিৰন্তন নিয়মৰ প্ৰতি সত্য আৰু ঋণ আদায়কাৰী হিচাপে কাম কৰে।২

বৰ্তমান সংস্কৃতত ব্যৱহাৰত আদিত্য শব্দটোক বৈদিক আদিত্যৰ বিপৰীতে একবচন কৰা হৈছে, আৰু সূৰ্য্যৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰা হৈছে। বাৰজন আদিত্যই পঞ্জিকাৰ বাৰটা মাহ আৰু সূৰ্য্যৰ বাৰটা দিশক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হয়। বাৰজন আদিত্যক একেলগে দ্বাদশাদিত্য বুলি কোৱা হয়।৩

সূৰ্য্য নমস্কাৰ

সূৰ্য্য নমস্কাৰ হৈছে সূৰ্য্যৰ পূজন৷৪ সূৰ্য্য নমস্কাৰ যোগাসনত ব্যায়াম হিচাপেও অন্তৰ্ভুক্ত কৰা হয় য'ত প্ৰায় বাৰ প্ৰকাৰৰ সংযুক্ত আসনৰ ক্ৰম অন্তৰ্ভুক্ত কৰা হয়।৫৬ ভাৰতত এনেধৰণৰ অন্য ব্যায়ামো প্ৰচলিত আছিল, উদাহৰণস্বৰূপে মল্লযুঁজাৰুসকলৰ মাজত। ১২ খন আসনৰ সংহতিটো সৌৰ দেৱতা সূৰ্য্যক উৎসৰ্গিত কৰা হৈছে। কিছুমান ভাৰতীয় পৰম্পৰাত আসনসমূহ প্ৰত্যেকটো বেলেগ বেলেগ মন্ত্ৰৰ সৈতে জড়িত।

সূৰ্য পূজন উৎসৱ

মকৰ সংক্ৰান্তি ভাৰতবৰ্ষত আৰু হিন্দু প্ৰব্ৰজনকাৰীসকলে সূৰ্য্য দেৱতাৰ পূজাৰ বাবে উৎসৰ্গিত এক উৎসৱ।৭৮

ছট পূজা হৈছে বিহাৰ, ঝাৰখণ্ড আৰু তাৰাইৰ দৰে অঞ্চলত সৌৰ দেৱতা সূৰ্য্যৰ প্ৰতি উৎসৰ্গিত এক প্ৰাচীন হিন্দু উৎসৱ।৯ ভাৰতৰ উত্তৰ-পূব অঞ্চল, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, আৰু ছত্তীশগড়ৰ কিছু অংশতো এই প্ৰধান উৎসৱ পালন কৰা হয়। সম্ভা-দশমী হৈছে ওড়িশা ৰাজ্যত উদযাপন কৰা আন এটা সূৰ্য পূজন উৎসৱ।

কিছুমান শস্য চপোৱা উৎসৱৰ সময়ত দক্ষিণ ভাৰতীয়সকলে সূৰ্য্যক প্ৰাৰ্থনা কৰে।১০ তামিলনাডুত খেতিৰ অন্তত তামিল মাহ থাই মাহত সূৰ্য্য দেৱতাক পূজা কৰা হয়। এই উৎসৱক থাই পোংগল বা পোংগল বুলি জনা যায়৷১১

তথ্যসূত্ৰ

  1. ↑ Dalal, Roshen. (2014-04-18). Hinduism: An alphabetical guide. Penguin UK. ISBN 978-81-8475-277-9
  2. ↑ Rig Veda
  3. ↑ Sathyamayananda, Swami. (2012). Ancient Sages. Sri Ramakrishna Math. পৃ. 173. ISBN 978-81-7505-356-4
  4. ↑ Singh, Kritika. Sun Salutation: Full step by step explanation. Surya Namaskar Organization
  5. ↑ Mitchell, Carol. (2003). Yoga on the Ball. Inner Traditions. পৃ. 48. ISBN 978-0-89281-999-7
  6. ↑ MacMullen, Jane. (1988). Ashtanga Yoga. Yoga Journal. পৃ. 68–70
  7. ↑ books.google.ca/books?id=b2iyCAAAQBAJ&pg=PT3
  8. ↑ books.google.ca/books?id=KDU30Ae4S4cC&pg=PA5
  9. ↑ Chhath rituals bring family together
  10. ↑ Jain Chanchreek; K.L. Chanchreek; M.K. Jain. (2007). Encyclopaedia of Great Festivals. Shree Publishers. পৃ. 36–38. ISBN 978-81-8329-191-0
  11. ↑ R Abbas. (2011). History of People and Their Environs. Bharathi Puthakalayam. পৃ. 751–752. ISBN 978-93-80325-91-0

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিত্য” প্ৰবন্ধৰ সংশোধন ৫৭১৭৮৮ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।