অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পঞ্চামৃত

পঞ্চামৃত (আক্ষৰিক অৰ্থ: পাঁচ অমৃত) হৈছে হিন্দুসকলৰ বিভিন্ন পাৰ্বন আৰু পূজাত ব্যৱহাৰ কৰা পাঁচবিধ খাদ্যৰ এক মিশ্ৰণ যি কেইটা হৈছে প্ৰধানতঃ মৌ, তৰল গুৰ, গৰু গাখীৰ, দৈ আৰু ঘিঁউ।

হালনাগাদ: ১১ জুন ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

পঞ্চামৃত (আক্ষৰিক অৰ্থ: পাঁচ অমৃত) হৈছে হিন্দুসকলৰ বিভিন্ন পাৰ্বন আৰু পূজাত ব্যৱহাৰ কৰা পাঁচবিধ খাদ্যৰ এক মিশ্ৰণ১ যি কেইটা হৈছে প্ৰধানতঃ মৌ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), তৰল গুড়, গৰু গাখীৰ, দৈ আৰু ঘিঁউ।

প্ৰস্তুতি

গৰুৰ গাখীৰ, দৈ, মৌ, শৰ্কৰা (গুৰ) আৰু ঘিঁউ একেলগে মিহলি কৰা হয়। অঞ্চলভেদে এই মিশ্ৰণ প্ৰক্ৰিয়া ভিন্ন হোৱা দেখা যায় আৰু ইয়াৰ লগত অন্য খাদ্যও মিহলি কৰা দেখা যায়। দক্ষিণ ভাৰতৰ বহুতে পকা কল মিহলি কৰে।২

पयोदधि घृतं चैव मधु च शर्करायुतं। पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्॥

কিছুমানে শৰ্কৰাৰ সলনি চেনি ব্যৱহাৰ কৰে, যিটো সকলোৰে বাবে গ্ৰহণযোগ্য নহয়, কিয়নো চেনি গুৰৰ দৰে প্ৰাকৃতিকভাৱে প্ৰস্তত কৰা নহয় আৰু কেতিয়াবা চেনি এঙাৰেৰে পৰিশ্ৰাৱন কৰা হয় ফলত ই পূজাৰ বাবে অযোগ্য বুলি বিবেচনা কৰা হয়।

তামিলনাডুৰ পালানি মুৰুগান মন্দিৰত অভিষেক আৰু প্ৰসাদ হিচাপে পঞ্চামৃত ব্যৱহাৰ কৰা হয়। এই পঞ্চামৃতত কল, চেনি, ঘিঁউ, মৌ, শুকান খেজুৰ, ইলাছি আৰু চেনি গুটি থাকে।৩

কেৰালা বাসীয়ে নাৰিকলো মিহলি ব্যৱহাৰ কৰে। কিছুলোকে পঞ্চামৃতত আঙুৰ দিয়া দেখা যায়।৪

ব্যৱহাৰ

  • পূজাত পঞ্চামৃত উৎসৰ্গা কৰা হয়।
  • অভিষেকৰ সময়ত ব্যৱহাৰ হয়।
  • চাল পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
  • বিবাহ কাৰ্যত ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ For definition of पञ्चामृत (IAST: ) as "the collection of five sweet things used in worshipping deities" see: Apte 1965, পৃ. 578
  2. ↑ Karigoudar, Ishwaran. (1977). A populistic community and modernization in India. Books.google.com. ISBN 9004047905
  3. ↑ আৰ্কাইভ কপি
  4. ↑ Nair, K.K. (2007-03-26). Sages Through Ages, Proof of divinity given. Books.google.com. ISBN 9781418446895

সম্পৰ্কিত শ্ৰেণী

খাদ্যআয়ুৰ্বেদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চামৃত” প্ৰবন্ধৰ সংশোধন ৬১১৭৬৮ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।