সৌৰ এনে এটা শব্দ, যিয়ে বৈদিক যুগ আৰু মধ্যযুগীয় ভাৰতীয় কেলেণ্ডাৰত চন্দ্ৰ ব্যৱস্থাৰ পৰা পৃথক কৰা সৌৰ দিন আৰু মাহক বুজায়।১
ব্যুৎপত্তিবিজ্ঞান
সৌৰ ভাৰতীয় ধৰ্মত পোৱা এটা শব্দ, আৰু ইয়াৰ অৰ্থ হৈছে "সূৰ্য্য" (সূৰুয) বা "সৌৰ" সম্পৰ্কীয় যিকোনো বস্তু।১২
সৌৰ শব্দৰ প্ৰথম উল্লেখ হিন্দু ধৰ্মৰ বৈদিক আৰু উপনিষদ গ্ৰন্থত পোৱা যায়। উদাহৰণস্বৰূপে, ঋগবেদত নিহিত হৈ থকা সাংখ্যয়ন আৰণ্যকৰ ৭.২ অধ্যায়ত৩ আৰু মৈত্ৰী উপনিষদত প্ৰসংগক্ৰমে সূৰ্য অৰ্থৰে ইয়াৰ উল্লেখ আছে। মহাভাৰত আৰু পুৰাণত এই শব্দটো সূৰ্য দেৱতাৰ উপাসক সৌৰসকলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।২ গুপ্ত বৌদ্ধ ধৰ্মত এই শব্দটো যোগী আৰু দেৱতাৰ প্ৰসংগত দেখা যায়, য’ত সাৱৰাৰ বিকল্প বানান থাকে।৪
থুলমূলভাৱে
বৈদিক যুগ আৰু মধ্যযুগীয় ভাৰতীয় পঞ্জিকাত সৌৰ দিন আৰু মাহক সৌৰ বুলি আগতীয়াকৈ দিয়া হয়, যাতে ইহঁতক চন্দ্ৰজগতৰপৰা পৃথক কৰিব পৰা যায়।১ কিন্তু বৈদিক গ্ৰন্থ আৰু মধ্যযুগীয় গ্ৰন্থত সৌৰ মাহৰ নাম বেলেগ বেলেগ, মধ্যযুগীয় যুগে ইয়াক গ্ৰীক ৰাশিৰ সৈতে একে আৰু ইয়াৰদ্বাৰা প্ৰভাবিত ৰাশিৰ সৈতে জড়িত কৰি ৰাখিছে। সময় নিৰ্ধাৰণৰ লগতে সৌৰ আৰু চন্দ্ৰৰ গতিৰ প্ৰকৃতিৰ বিষয়ে বৈদিক গ্ৰন্থত উল্লেখ কৰা হৈছে।৫ উদাহৰণস্বৰূপে, কৌশিতকী ব্ৰাহ্মণ অধ্যায় ১৯.৩ত সূৰ্যৰ আপেক্ষিক অৱস্থানৰ উত্তৰ দিশলৈ ৬ মাহ, আৰু দক্ষিণ দিশলৈ ৬ মাহ গতি কৰাৰ কথা উল্লেখ কৰা হৈছে।৬৭
মধ্যযুগীয় হিন্দু গ্ৰন্থত সৌৰ (সংস্কৃত ভাষা: सौर) দিনক সেই সময় বুলি সংজ্ঞায়িত কৰা হৈছে, য'ত সূৰ্য গ্ৰহণীয় চাপৰ এক ডিগ্ৰীৰ ভিতৰত থাকে। সৌৰ মাহৰ সংজ্ঞা দুটা ভাগত দিয়া হৈছে। প্ৰথম, সূৰ্য এটা ৰাশিৰ ভিতৰত থকা সময়ছোৱা হিচাপে। দ্বিতীয়তে, সূৰ্য উদয়ৰ ত্ৰিছটা ব্যৱধানৰ সময়সীমা হিচাপে।২
বৈদিক যুগৰ সৌৰ মাহৰ সম্পূৰ্ণ তালিকা যজুৰ্বেদত (~১০০০ খ্ৰীষ্টপূৰ্ব) পোৱা যায়। লুই গ্ৰেৰ মতে ই প্ৰাচীন পাৰ্চী/এভেষ্টান মাহৰ নামৰপৰা ইমানেই পৃথক যে ই তেওঁলোকৰ দুখন পঞ্জিকাৰ ব্যৱস্থাৰ মাজত "পাৰস্পৰিক প্ৰভাৱৰ কোনো সম্ভাৱনা বাধা দিয়ে।"৮৯
বৈদিক সৌৰ মাহক দিয়া মাহৰ নাম অনুসৰি ছয় ভাগত ভাগ কৰা হৈছিল। "মধুৰ" মাহ – মধু আৰু মাধৱ – বসন্তৰ লগত মিল আছিল। গ্ৰীষ্মকাললৈ "উজ্জ্বল" মাহ, বাৰিষালৈ "ডাৱৰীয়া" নাম, শৰৎকালীন চপোৱাৰ বাবে "ৰসফুল" নামকৰণ, শীতকাললৈ "বলপূৰ্বক" আৰু "তপস্বী" নাম – তপস আৰু তপস্যা – দুমাহৰ ধ্যান আৰু কঠোৰ জীৱনৰ কথা সোঁৱৰাই দিয়ে।৮ বৈদিক সৌৰ মাহৰ নাম আৰু ৰাশিভিত্তিক মাহৰ নাম দুয়োটা ভাগৱত পুৰাণৰ বিভিন্ন অধ্যায়ত পোৱা যায়। ইয়াৰ ১২.১১ অধ্যায়ত যজুৰ্বেদৰ সৈতে প্ৰায় একেধৰণৰ সৌৰ মাহৰ নাম আছে, সহস্যৰ বাহিৰে যাক পুষ্য বুলি নামকৰণ কৰা হৈছে।১০ ইয়াৰ উপৰি ভাগৱত পুৰাণত প্ৰতিটো বৈদিক সৌৰ মাহক বাৰটা আদিত্যৰ ভিতৰত এটাৰ সৈতে সংযোগ কৰা হৈছে।১০
| + হিন্দু ধৰ্মগ্ৰন্থত সৌৰ মাহ১১১ | |||
| বৈদিক | মধ্যযুগীয় | আদিত্যৰ সৈতে সংযুক্ত১০ | |
| মধু | মেষ (মাহ) | মাৰ্চ-এপ্ৰিল | ধাতা |
| মাধৱ | বৃষভ (মাহ) | এপ্ৰিল-মে’ | অৰম্য |
| শুক্ৰ | মিথুন | মে’-জুন | মিত্ৰ |
| শুচি | কৰ্ক | জুন-জুলাই | বৰুণ |
| নভ | সিংহ | জুলাই-আগষ্ট | ইন্দ্ৰ |
| নভস্য | কন্যা | আগষ্ট-ছেপ্তেম্বৰ | বিৱশ্বন |
| ইচ্ছা | তুলা | ছেপ্তেম্বৰ-অক্টোবৰ | ত্বস্ত |
| উৰ্জা | বৃশ্চিক | অক্টোবৰ-নৱেম্বৰ | বিষ্ণু |
| সাহস | ধনু | নৱেম্বৰ-ডিচেম্বৰ | অংশু |
| সহস্য | মকৰ | ডিচেম্বৰ-জানুৱাৰী | ভগ |
| তাপস | কুম্ভ | জানুৱাৰী-ফেব্ৰুৱাৰী | পুষ |
| তপস্যা | মীন | ফেব্ৰুৱাৰী-মাৰ্চ | প্ৰজ্ঞান |
পূৰ্বৰ পণ্ডিতসকলে বিশ্বাস কৰিছিল যে সূৰ্য্য (সৌৰ), চন্দ্ৰ (সোম), গ্ৰহ, ৰাশিভিত্তিক জ্যোতিষ ব্যৱস্থাক বৰ্তমান হিন্দু জ্যোতিষ বুলি কোৱা হয়, যিটো ক্ষেত্ৰ আলেকজেণ্ডাৰৰ সৈতে গ্ৰীক জ্যোতিষৰ আগমনৰ পিছৰ শতিকাবোৰত গঢ় লৈ উঠিছিল,১২১৩১৪ কাৰণ ইহঁতৰ ৰাশি প্ৰায় একে। কিন্তু গ্ৰীকসকলে এই জ্ঞান প্ৰাচীন ভাৰতীয়সকলৰ পৰা শিকিছিল বুলি প্ৰমাণিত হৈছে।১৫
তথ্যসূত্ৰ
- ↑ Nachum Dershowitz; Edward M. Reingold. (2008). Calendrical Calculations. Cambridge University Press. পৃ. 123–128. ISBN 978-0-521-88540-9
- ↑ Monier Monier-Williams, सौर, saura, Sanskrit-English Dictionary and Etymology, Oxford University Press, page 1254
- ↑ Arthur Anthony Macdonell; Arthur Berriedale Keith. (1995). Vedic Index of Names and Subjects. Motilal Banarsidass. পৃ. 392 footnote for Sura–vira Mandukya. ISBN 978-81-208-1333-5
- ↑ Miranda Eberle Shaw. (2006). Buddhist Goddesses of India. Princeton University Press. পৃ. 201–202, 478 note 34. ISBN 0-691-12758-1
- ↑ Yukio Ohashi 1993, পৃ. 185–251
- ↑ Yukio Ohashi 1999, পৃ. 720
- ↑ Kim Plofker 2009, পৃ. 35–42
- ↑ Louis H. Gray (1904), The Origin of the Names of the Avesta Months, The American Journal of Semitic Languages and Literatures, University of Chicago Press, Vol. 20, No. 3 (Apr., 1904), pp. 194-201
- ↑ Peter, John. Zodiac Signs
- ↑ Richard L. Thompson. (2007). The Cosmology of the Bhagavata Purana: Mysteries of the Sacred Universe. Motilal Banarsidass. পৃ. 66. ISBN 978-81-208-1919-1
- ↑ B. Richmond. (1956). Time Measurement and Calendar Construction. Brill Archive. পৃ. 79, 77–82
- ↑ Yukio Ohashi 1999, পৃ. 719–721
- ↑ Pingree 1981
- ↑ Erik Gregersen. (2011). The Britannica Guide to the History of Mathematics. The Rosen Publishing Group. পৃ. 187. ISBN 978-1-61530-127-0
- ↑ James Lochtefeld (2002), "Jyotisha" in The Illustrated Encyclopedia of Hinduism, Vol. 1: A–M, Rosen Publishing,, pages 326–327
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌৰ পঞ্জিকা” প্ৰবন্ধৰ সংশোধন ৬৩৯১৯৯ (২৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।