ৰীয়া বা ৰেইয়া (Rhea) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ ভূমিদেৱী গেইয়া আৰু আকাশৰ দেৱতা ইউৰেনাচৰ জীয়ৰী। তেওঁ ক্ৰণচৰ ভগ্নী তথা সহধৰ্মিণী। পৌৰাণিক কালত ৰীয়া 'দেৱতাৰ জননী' নামেৰে পৰিচিত আছিল আৰু সেয়ে দুই দেৱমাতৃ গেইয়া আৰু চিবিলৰ সৈতে তেওঁৰ নিকট সম্পৰ্ক আছিল। ধ্ৰুপদী যুগৰ গ্ৰীকসকলৰ মাজত ৰীয়া দ্বাদশ অলিম্পিয়ানৰ মাতৃ হিচাপে জনাজাত। ৰোমানসকলে ৰীয়াক মেগনা মেটাৰ আৰু দেৱী অ'পচৰ সৈতে চিহ্নিত কৰে।
নামৰ উৎপত্তি
কিছুসংখ্যক পণ্ডিতৰ মতে ৰীয়া নামটো গ্ৰীক শব্দ 'এৰা'ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ ভূমি বা পৃথিৱী।১ আধুনিক পণ্ডিতসকলেও এই কথাটোকে সমৰ্থন আগবঢ়ায়।২৩ অৱশ্যে কোনো কোনো বিদ্বানৰ মতে ৰীয়া নামটো এক প্ৰাক-গ্ৰীক বা মিন'আন ভাষাৰ পৰাও উদ্ভৱ হ'ব পাৰে।৪৫৬
আখ্যান
ইউৰেনাচক ক্ষমতাচ্যুত কৰাৰ পিছত গেইয়া আৰু ইউৰেনাচে ক্ৰ'নচক কয় যে যিদৰে তেওঁ নিজ পিতৃক ক্ষমতাৰ পৰা অপসাৰণ কৰিলে সেই একেদৰে ক্ৰ'নচৰ নিজৰ সন্তানেও তেওঁক সিংহাসনচ্যুত কৰিব। এই ভৱিষ্যৎবাণী শুনি ক্ৰ'নচে প্ৰতিটো সন্তানৰ জন্মৰ পিছত সন্তানটি উদৰস্থ কৰিবলৈ লয়। জ্যুচৰ জন্মৰ সময়ত ৰীয়াই ক্ৰীট দ্বীপৰ এটা গুহালৈ যায় আৰু তাতেই সন্তান প্ৰসৱ কৰে। ইয়াৰ পিছতেই তেওঁ ক্ৰ'নচক নৱজাতক বুলি কাপোৰেৰে মেৰিয়াই এটা শিল প্ৰদান কৰে আৰু ক্ৰ'নচে সেয়া তাৎক্ষণিকভাৱে গিলি পেলায়। ৰীয়াই ইডা পৰ্বতত জ্যুচক পিতৃৰ চকুৰ পৰা আঁতৰাই ৰাখিছিল।
তথ্যসূত্ৰ
- ↑ Hopkinson, p. 176, noting: "For a full collection of evidence see O. Gruppe, Griechische Mythologie und Religionsgeschichte (Munich 1906), 1524 n. 2."
- ↑ Ιωάννης, Σταματάκος. (2012). Dictionary of the Ancient Greek Language. Εκδόσεις Δεδεμάδη. পৃ. 874. ISBN 9789609876292
- ↑ Robert Graves. The Greek Myths, section 7
- ↑ Rhea – Greek goddess. Encyclopædia Britannica
- ↑ Nilsson, Martin Persson. (1 January 1950). The Minoan-Mycenaean Religion and its Survival in Greek Religion. Biblo & Tannen Publishers. ISBN 9780819602732
- ↑ Sidwell, R.T. (1981). Rhea was abroad: Pre-Hellenic Greek myths for post-Hellenic children. Children's Literature in Education. পৃ. 171–176
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীয়া” প্ৰবন্ধৰ সংশোধন ৬২৪৩৬৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।