ক্লাইটেমনেষ্ট্ৰা (ইংৰাজী: Clytemnestra, ১) গ্ৰীক শ্ৰুতিকথা অনুসৰি মাইচেনিয়াৰ ৰজা আগামেমননৰ পত্নী আৰু স্পাৰ্টাৰ হেলেনৰ ভগ্নী আছিল। ইস্কাইলাছৰ ত্ৰিলজী অৰেষ্টেয়াত বৰ্ণনা কৰা মতে তেওঁ আগামেমনন আৰু ট্ৰয়ৰ ধ্বংশৰ পিছত আগামেমননে যুদ্ধৰ পুৰস্কাৰ হিচাপে লাভ কৰা ট্ৰ’জান ৰাজকুমাৰী কেছাণ্ড্ৰাক হত্যা কৰে৷ ইউৰিপিডিছ তেওঁৰ দ্বিতীয় স্বামী আছিল; কিন্তু হোমাৰৰ অডিচিত আগামেমননৰ মৃত্যুত তেওঁৰ ভূমিকা অস্পষ্ট আৰু তেওঁক যথেষ্ট নম্ৰ চৰিত্ৰৰ নাৰী হিচাপে দেখুওৱা হৈছে৷
কিংবদন্তি
হেলেনক স্পাৰ্টাৰ পৰা ট্ৰয়লৈ পেৰিছে পলুৱাই নিয়াৰ পিছত তেওঁৰ স্বামী মেনেলাছে তেওঁৰ ভাতৃ আগামেমননক সহায় বিচাৰিছিল। অলিছৰ সাগৰ তীৰত গ্ৰীক বাহিনী সমবেত হ’ল। কিন্তু ধাৰাবাহিকভাৱে দুৰ্বল বতাহে সাগৰ যাত্ৰা কৰিবলৈ বাধা দিছিল। আগামেমননে নিজৰ কন্যা ইফিজেনিয়াক দেৱী আৰ্টিমিচৰ ওচৰত বলি দিলেহে বতাহ অনুকূল হ’ব বুলি পুৰোহিত কালচাছে পৰামৰ্শ আগবঢ়ালে। আগামেমননে ক্লাইটেমনেষ্ট্ৰাক ইফিজেনিয়াক তেওঁৰ ওচৰলৈ পঠিয়াবলৈ মান্তি কৰি কয় যে তেওঁক একিলিছৰ সৈতে বিবাহ সম্পন্ন কৰাব। ইফিজেনিয়া যেতিয়া অলিছত উপস্থিত হ’ল, তেতিয়া তাইক বলি দিয়া হ’ল, বতাহ ঘূৰি গ’ল আৰু গ্ৰীক সৈন্য ট্ৰয়লৈ ৰাওনা হ’ল।
ট্ৰজান যুদ্ধ দহ বছৰ ধৰি চলিছিল। আগামেমননৰ দীৰ্ঘদিনীয়া অনুপস্থিতিৰ এই সময়ছোৱাত ক্লাইটেমনেষ্ট্ৰাই এজিষ্টাছৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। ক্লাইটেমনেষ্ট্ৰাক এই প্ৰেমৰ মাজলৈ প্ৰলোভিত কৰা হৈছিল নে স্বতন্ত্ৰভাৱে ইয়াত প্ৰৱেশ কৰা হৈছিল, সেয়া শ্ৰুতিকথাৰ সংস্কৰণ অনুসৰি পৃথক পৃথক ভাবে বৰ্ণনা কৰা দেখা যায়। ক্লাইটেমনেষ্ট্ৰা আৰু এজিষ্টাছে আগামেমননৰ মৃত্যুৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিলে। ক্লাইটেমনেষ্ট্ৰা ইফিজেনিয়াৰ হত্যাকাণ্ডৰ বাবে ক্ষুব্ধ হৈ পৰিছিল। তেওঁৰ পূৰ্ৱৰ স্বামী আৰু সন্তানকো আগামেমননে হত্যা কৰি তেওঁক বলপূৰ্বক বিবাহ কৰিছিল৷২৩
এই হত্যাকাণ্ডৰ পিছত এজিষ্টাছে ক্লাইটেমনেষ্ট্ৰাক ৰাণী হিচাপে লৈ সাত বছৰ শাসন কৰে। কিছুমান কিংবদন্তি মতে তেওঁলোকৰ তিনিটা সন্তান আছে: এজন পুত্ৰ আলেটেছ, আৰু কন্যা এৰিগন আৰু হেলেন। অৱশেষত ক্লাইটেমনেষ্ট্ৰাক আগামেমননৰ পুত্ৰ অৰেষ্টেছে হত্যা কৰে আৰু সিংহাসন দখল কৰে। কেঁচুৱা হেলেনকো হত্যা কৰা হয়।
তথ্যসূত্ৰ
- ↑ Definition of CLYTEMNESTRA. www.merriam-webster.com
- ↑ Euripides. Iphigenia in Aulis, lines 1148-1152. Poetry in Translation
- ↑ Tzetzes, John. Chiliades 1.18 line 463-465. Classical Texts Library
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লাইটেমনেষ্ট্ৰা” প্ৰবন্ধৰ সংশোধন ৪৮০৪২৪ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।