অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দৈৱকী

দৈৱকী হৈছে দেৱক ৰজাৰ কন্যা আৰু বসুদেৱৰ ভাৰ্যা। আৰু কৃষ্ণ তথা বলোৰামৰ মাতৃ।

হালনাগাদ: ১৪ জুলাই ২০২৬ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

দৈৱকী হৈছে দেৱক ৰজাৰ কন্যা আৰু বসুদেৱৰ ভাৰ্যা।১ আৰু কৃষ্ণ তথা বলোৰামৰ মাতৃ।২ ৩

বিবাহ

বাসুদেৱ আৰু দৈৱকীৰ ঘোঁৰা গাড়ীত গমন
বাসুদেৱ আৰু দৈৱকীৰ ঘোঁৰা গাড়ীত গমনছবি: Company School · Public domain

বিবাহ সম্পন্ন হোৱাৰ পিছত, কংসই ভনীয়েকক মথুৰালৈ বিদায় দিয়াৰ মুহূৰ্ততে এক আকাশবাণী যোগে কংসক অৱগত কৰা হ'ল যে দৈৱকী আৰু বাসুদেৱৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যু হ'ব। এই কথাত ক্ৰোধান্বিত হৈ কংসই দৈৱকীক বধ কৰিবলৈ উদ্যত হয়। কংসক বাধা দি বাসুদেৱে তেওঁলোকৰ প্ৰতিটো সন্তানকে কংসলৈ বুলি অৰ্পণ কৰা হ'ব বুলি কথা দিয়ে আৰু দুয়ো কংসৰ কাৰাগাৰত বন্দী হৈ ৰয়।৪৫৬

কাৰাগাৰৰ জীৱন

কৃষ্ণৰ জন্ম আৰু কাৰাগাৰৰ পৰা স্থানান্তৰ
কৃষ্ণৰ জন্ম আৰু কাৰাগাৰৰ পৰা স্থানান্তৰছবি: http://www.mfa.org/collections/object/harivamsa-genealogy-of-krishna-the-birth-a · CC BY-SA 4.0

দৈৱকী আৰু বসুদেৱ অনকাদুন্দুভি কংসৰ কাৰাগাৰৰ বন্দী আছিল। দৈৱকীৰ বিদায় ক্ষণতে আকাশ মাৰ্গৰ পৰা শুনা বাৰ্তাত ক্ৰোধান্বিত হৈ কংসই বসুদেৱৰ কথা মতে দৈৱকীক বধ নকৰি নাৰদৰ বুদ্ধি মতে বন্দী কৰি থয়।৭৮ তেওঁৰ ছটাকৈ সন্তানক বধ কৰাৰ পিছত সপ্তমটো সন্তান বলোৰামৰ ৰোহিনীৰ গৰ্ভৰে জন্ম হয়।৯১০১১

কংসই বধ কৰা দৈৱকীৰ সন্তান কেইজন আছিল দৈৱকীৰ সন্তান কেইজন আছিল কীৰ্তিমত, সুসেন, উদয়িন, ভদ্ৰসেন, ৰিজুদাস আৰু ভদ্ৰদেহ।২

দৈৱকীয়ে শীঘ্ৰেই ৰোহিনীৰ মাধ্যমেৰে বলোৰামক জন্ম দিয়ে আৰু কৃষ্ণক যশোদাৰ কন্যাৰ সৈতে সলনি কৰে। বলোৰাম আৰু কৃষ্ণ আছিল দেৱতা বিষ্ণু আৰু শেষ নাগৰ অৱতাৰ।১২১৩ নন্দ-যশোদাৰ কন্যা যোগমায়াক কংসই বধ কৰাৰ ক্ষেত্ৰত দৈৱকীয়ে বিদ্ৰোহ কৰে যদিও কংসই যোগমায়াক শিলত ঠেকেচি মাৰিবলৈ লওঁতেই তেওঁ দেৱীৰ ৰূপ ধাৰণ কৰি কংসক কয়, মুৰ্খ, তোৰ কাল ইতিমধ্যেই অন্যস্থানত জন্ম হৈছে আৰু লগেলগে তেওঁ পৰলোকত অন্তৰ্ধান হৈ পৰে।১২

কংস বধৰ পিছতেই বাসুদেৱ আৰু দৈৱকী কাৰাগাৰৰ পৰা মুক্ত হয়।১৪

সদগৰ্ভৰ মুক্তি

কৃষ্ণই তেওঁৰ গুৰু সান্দিপনিৰ পুত্ৰক পুনৰুদ্ধাৰ কৰাৰ কথা শুনি দৈৱকীয়েও নিজৰ সন্তান কেইটাক চাবলৈ ইচ্ছা কৰে।১৫ কৃষ্ণই তেওঁৰ অনুৰোধ মানি লয় আৰু শিশুসকলক পাতালৰ পৰা দৈৱকীৰ ওচৰলৈ লৈ আহে।১৫১৬ দৈৱকীয়ে তেওঁলোকক মাতৃ দুগ্ধ পান কৰাই আৰু তেওঁলোকে স্বৰ্গ লাভ কৰে।১৬

মৃত্যু

যদু বংশৰ ধংশৰ সময়ত বসুদেৱৰ অন্ত্যেষ্টিক্ৰিয়াৰ চিতাত দৈৱকীয়ে বাসুদেৱৰ আন কেইগৰাকী পত্নী ৰোহিনী, ভদ্ৰা আৰু মাদিৰা সহ আত্মজাহ দিয়ে।১৭

তথ্যসূত্ৰ

  1. ↑ The Vishnu Purana: Book IV. Sacred-texts.com. পৃ. 435
  2. ↑ The Vishnu Purana: Book IV. পৃ. 438
  3. ↑ The Mahabharata: Book VI. Sacred-texts.com. পৃ. 311
  4. ↑ Srimad Bhagavatam: Canto 10. Bhagavata.org
  5. ↑ Srimad Bhagavatam: Canto 10. Bhagavata.org
  6. ↑ Srimad Bhagavatam: Canto 10. Bhagavata.org
  7. ↑ Archived copy
  8. ↑ Srimad Bhagavatam: Canto 10. Bhagavata.org
  9. ↑ Srimad Bhagavatam: Canto 10. Bhagavata.org
  10. ↑ Srimad Bhagavatam: Canto 10. Bhagavata.org
  11. ↑ The Vishnu Purana: Book V. পৃ. 490–491
  12. ↑ The Vishnu Purana: Book V. পৃ. 502
  13. ↑ Srimad Bhagavatam: Canto 10. Bhagavata.org
  14. ↑ Srimad Bhagavatam: Canto 10. Bhagavata.org
  15. ↑ SRIMAD BHAGAVATAM: CANTO 10. Bhagavata.org
  16. ↑ SRIMAD BHAGAVATAM: CANTO 10. Bhagavata.org
  17. ↑ The Mahabharata, Book 16: Mausala Parva: Section 7

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱীভাগৱত পুৰাণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈৱকী” প্ৰবন্ধৰ সংশোধন ৬১৭১০৯ (১৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।