অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইউৰেনাচ (গ্ৰীক দেৱতা)

ঊৰান'ছ বা ইউৰেনাচ (Uranus) হৈছে প্ৰাচীন গ্ৰীচৰ আকাশৰ আদিদেৱতা। তেওঁৰ ৰোমান সমকক্ষ দেৱতা হৈছে কেইলাচ। পৌৰাণিক গ্ৰীক সাহিত্যৰ মতে ইউৰেনাচ বা পিতৃ-আকাশ হৈছে আদি ভূমিদেৱী গেইয়াৰ পুত্ৰ তথা পতি। হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইউৰেনাচক গেইয়াই অকলেই ধাৰণ কৰিছিল।

হালনাগাদ: ১৭ জুলাই ২০২৬ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ঊৰান'ছ বা ইউৰেনাচ (Uranus) হৈছে প্ৰাচীন গ্ৰীচৰ আকাশৰ আদিদেৱতা। তেওঁৰ ৰোমান সমকক্ষ দেৱতা হৈছে কেইলাচ।১২৩ পৌৰাণিক গ্ৰীক সাহিত্যৰ মতে ইউৰেনাচ বা পিতৃ-আকাশ হৈছে আদি ভূমিদেৱী গেইয়াৰ পুত্ৰ তথা পতি। হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইউৰেনাচক গেইয়াই অকলেই ধাৰণ কৰিছিল। কিন্তু অন্যান্য সূত্ৰৰ মতে ইউৰেনাচৰ জন্ম নিক্স অথবা ইথাৰ আৰু হেমেৰাৰ পৰা হৈছিল।৪ ইউৰেনাচ আৰু গেইয়া প্ৰথম প্ৰজন্মৰ টাইটানৰ পিতৃ-মাতৃ আৰু অধিকাংশ গ্ৰীক দেৱ-দেৱীৰ পূৰ্বপুৰুষ। কিন্তু ধ্ৰুপদী সময়ছোৱাত ইউৰেনাচৰ বাবে উৎসৰ্গিত কোনো ধৰ্মীয় পন্থাৰ চিন পোৱা নাযায়।৫ প্ৰাচীন গ্ৰীক মৃৎশিল্পত ইউৰেনাচৰ উপস্থিতি দেখা নাযায়। অৱশ্যে হোমাৰৰ মহাকাব্য অনুসৰি ভূমি, আকাশ আৰু ষ্টিক্স নদী (পৃথিৱী আৰু পাতালপুৰীৰ সীমাৰ নদী) সংযুক্তও হ'ব পাৰে।৬

আখ্যান

হেচিঅ'ডৰ থিঅ'গনিৰ সৃষ্টিৰ আখ্যান অনুসৰি৭ প্ৰত্যেক ৰাতি ইউৰেনাচে পৃথিৱীক ঢাকি ধৰি গেইয়াৰ সৈতে মিলনৰত হয় কিন্তু গেইয়াৰ গৰ্ভজাত সন্তানসকলক তেওঁ ঘৃণা কৰে। হেচিঅ'ডে তেওঁলোকৰ প্ৰথম ছগৰাকী পুত্ৰ আৰু প্ৰথম ছগৰাকী কন্যাক টাইটান হিচাপে, এশখন হাতযুক্ত তিনিটা দৈত্যক হেকাটনখিয়েৰ আৰু এচকুৱা দানৱসকলক চাইক্ল'পচ হিচাপে নামকৰণ কৰে।

ইউৰেনাচে গেইয়াৰ কনিষ্ঠতম সন্তানসকলক পৃথিৱীৰ অভ্যন্তৰৰ টাৰটাৰাচত বন্দী কৰি ৰাখে আৰু এই কথাত গেইয়াই কষ্ট পায়। তেওঁ এখন কাঁ‌চি সাজি তাৰে ইউৰেনাছক পুৰুষত্বহীন কৰিবলৈ আহ্বান জনায়। কনিষ্ঠ টাইটান ক্ৰণচ আছিল আটাইতকৈ উচ্চাকাংক্ষী আৰু কেৱল তেওঁহে এই কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। সেইমতে ক্ৰ'নচে ইউৰেনাচক আক্ৰমণ কৰি তেওঁৰ অণ্ডকোষ খণ্ডিত কৰে আৰু তাক সমুদ্ৰত নিক্ষেপ কৰে।

এই ভয়ানক কাণ্ড কৰাৰ বাবে ইউৰেনাচে তেওঁৰ পুত্ৰসকলক 'দমনমূলক দেৱতা' আখ্যা দিয়ে।৮ ইউৰেনাচৰ দেহৰ পৰা নিৰ্গত ৰক্ত ভূমিত পৰাৰ লগে লগে দানৱ, মিলি (একপ্ৰকাৰৰ বনদেৱতা), ফিউৰি আৰু টেলকাইনসকলৰ জন্ম হয়। সমুদ্ৰত পতিত দেহাংশৰ পৰা এফ্ৰোডাইটিৰ উৎপত্তি হয়।

তথ্যসূত্ৰ

  1. ↑ Grimal, s.v. "Caelus" p. 38
  2. ↑ Varro, De lingua Latina 5.58
  3. ↑ Marion Lawrence, "The Velletri Sarcophagus", American Journal of Archaeology 69.3 (1965), p. 220
  4. ↑ Alcman, Frag 61, Callimachus, Frag 498, Cicero, De Natura Deorum 3.17
  5. ↑ "We did not regard them as being in any way worthy of worship," Karl Kerenyi, speaking for the ancient Greeks, said of the Titans (Kerenyi, p. 20); "with the single exception, perhaps, of Cronos; and with the exception, also, of Helios."
  6. ↑ As at Homer, Iliad 15.36 ff., Odyssey 5.184 ff
  7. ↑ Hesiod, Theogony 133 ff.
  8. ↑ Modern etymology suggests that the linguistic origin of Τιτάνες lies on the pre-Greek level

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউৰেনাচ (গ্ৰীক দেৱতা)” প্ৰবন্ধৰ সংশোধন ৬১৭৮১২ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।