গ্ৰীক কিংবদন্তি অনুসাৰে, গেইয়া (Gaia);১ (ভূমি বা পৃথিৱীৰ কাব্যিক নাম) হৈছে পৃথিৱীৰ মূৰ্ত্তমান ৰূপ২ আৰু গ্ৰীকসকলৰ আদি দেৱ-দেৱীসকলৰ অন্যতম। গেইয়া সকলো জীৱৰে মাতৃ। তেওঁ ইউৰেনাচ অৰ্থাৎ আকাশৰো মাতৃ আৰু তেওঁৰ সৈতে মিলনৰ ফলস্বৰূপে গেইয়াই বহুকেইজন অলিম্পিয়ান দেৱ-দেৱীৰ পিতৃ-মাতৃ টাইটানৰ লগতে চাইক্ল'পচসকল, দানৱসমূহ আৰু প'নটাচ অৰ্থাৎ সমুদ্ৰৰ জন্ম দিয়ে। সমুদ্ৰৰ সৈতে গেইয়াৰ মিলনৰ ফলত আদি সমুদ্ৰ দেৱতাসকলৰ জন্ম হয়। গেইয়াৰ সমকক্ষ ৰোমানসকলৰ দেৱী হৈছে টেৰা।৩
আখ্যান
হেচিঅ'ডৰ থিঅ'গণিত মহাশূন্যৰ পিছত উঠন বুকুৰ গেইয়া দ্বাদশ অলিম্পিয়ানৰ সৰ্বকালৰ স্থান হিচাপে পৰিগণিত হোৱা,৪ গেইয়াৰ আৱিৰ্ভাৱৰ পিছত টাৰটাৰাচক পৃথিৱীৰ গভীৰতাত স্থাপন কৰা আৰু প্ৰেমৰ দেৱতা ইৰ'চৰ কথা বৰ্ণনা কৰা হৈছে।৫ হেচিঅ'ডে ইয়াকো কয় যে গেইয়াই ইউৰেনাচক তেওঁৰ চৌপাশ আৱৰি ৰাখিবলৈ উৎপন্ন কৰে।৬ গেইয়াই কোনো পিতৃ অবিহনেই অওৰিয়া (পৰ্বতমালা) আৰু প'নটাচৰো (সমুদ্ৰ) জন্ম দিয়ে।৭
পৰৱৰ্ত্তী সময়ত ইউৰেনাচৰ ঔৰসত গেইয়াই টাইটানৰ জন্ম দিয়ে।৮ ইয়াৰ লগতে এচকুৱা চাইঅক্ল'পচসকল, ব্ৰ'ণ্টেচ (ঢেৰেকনি), ষ্টেৰ'পচ (বিজুলী), আৰ্গেচ, এশখন হাত আৰু পঞ্চাশটাকৈ মূৰযুক্ত হেকাটনখিয়েৰচসকলৰো জন্ম হয়।৯১০ চাইক্ল'পচ আৰু হেকাটনখিয়েৰসকল জন্ম হোৱাৰ পিছত ইউৰেনাচে তেওঁলোকক গেইয়াৰ অভ্যন্তৰৰ এক গোপন স্থানত লুকুৱাই ৰাখে। ফলস্বৰূপে গেইয়া প্ৰচণ্ড বেদনাত ভোগে। সেয়ে তেওঁ এখন কাচি সাজে আৰু ক্ৰ'নচে ইয়াৰ দ্বাৰা ইউৰেনাচক অণ্ডকোষ চ্ছেদ কৰে। তেওঁৰ দেহৰপৰা নিৰ্গত ৰক্তৰপৰা গেইয়াই ইৰিনিচ, দানৱ আৰু মিলিসকলৰ (বনদেৱতা) সৃষ্টি কৰে।১১
সমুদ্ৰ অৰ্থাৎ প'নটাচৰ সৈতে হোৱা মিলনৰ জৰিয়তে গেইয়াই সমুদ্ৰ দেৱতা নেৰিয়াচ, থাউমাচ, ফ'ৰ্চিছ, চিট' আৰু ইউৰিবিয়াৰ জন্ম দিয়ে।১২
জ্যুচৰ জন্মৰ পিছত ৰীয়াই তেওঁক ক্ৰণচৰ পৰা লুকুৱাই ৰাখোঁতে গেইয়াই জ্যুচৰ তত্ত্বাৱধান লয়।১৩
গেইয়াৰ উপদেশ মতেই১৪ জ্যুচে ক্ৰ'নচক পৰাভূত কৰে। পিছলৈ টাৰটাৰাচৰ সৈতে হোৱা গেইয়াৰ মিলনৰ ফলত টাইফ'নৰ জন্ম হয়। ১৫
তথ্যসূত্ৰ
- ↑ Wells, John. (3 April 2008). Longman Pronunciation Dictionary. Pearson Longman. ISBN 978-1-4058-8118-0
- ↑ Smith, "Gaea"
- ↑ Larousse Desk Reference Encyclopedia, The Book People, Haydock, 1995, p. 215
- ↑ Hesiod, Theogony 116–118
- ↑ Hesiod, Theogony 119– 120
- ↑ Hesiod, Theogony 126–128
- ↑ Gantz, p. 10; Hesiod, Theogony 129–132
- ↑ Hesiod, Theogony 132–138; cf. Pseudo-Apollodorus, Bibliotheca 1.1.3
- ↑ Hesiod, Theogony 139–146; cf. Pseudo-Apollodorus, Bibliotheca 1.1.2
- ↑ Hesiod, Theogony 147–153; cf. Pseudo-Apollodorus, Bibliotheca 1.1.1
- ↑ Hesiod, Theogony 154–200
- ↑ Hesiod, Theogony 233–239
- ↑ Hesiod, Theogony 453–491
- ↑ Hesiod, Theogony 626
- ↑ Hesiod, Theogony 820–880
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেইয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৭৭৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।