অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰীম আলাছাদি

ৰীম আলাছাদি (আৰবী: ريم الأسدي) ইৰাকত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ ফেশ্বন ডিজাইনাৰ। লণ্ডন আৰু টকিঅ’ দুয়োখনতে তেওঁৰ ঘৰ আছে আৰু তেওঁ সৃষ্টি কৰা পোছাকৰ আৰ্হি জাপানত অতি জনপ্ৰিয়, তেওঁৰ শৈলীক "ব্ৰিটিছ পাংক আৰু পুনঃব্যৱহৃত সামগ্ৰীসমূহক ভিক্টোৰিয়ান-প্ৰেৰিত ভলিউমিনাছ আৰু কামুক পোছাকলৈ পৰিৱৰ্তন কৰা" বুলি…

হালনাগাদ: ২ অক্টোবৰ ২০২৫ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰীম আলাছাদি (আৰবী: ريم الأسدي) ইৰাকত জন্মগ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ ফেশ্বন ডিজাইনাৰ। লণ্ডন আৰু টকিঅ’ দুয়োখনতে তেওঁৰ ঘৰ আছে আৰু তেওঁ সৃষ্টি কৰা পোছাকৰ আৰ্হি জাপানত অতি জনপ্ৰিয়,১ তেওঁৰ শৈলীক "ব্ৰিটিছ পাংক আৰু পুনঃব্যৱহৃত সামগ্ৰীসমূহক ভিক্টোৰিয়ান-প্ৰেৰিত ভলিউমিনাছ আৰু কামুক পোছাকলৈ পৰিৱৰ্তন কৰা" বুলি বৰ্ণনা কৰা হৈছে।২

প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ

আলাছাদিৰ জন্ম ইৰাকত২ আৰু ৮ বছৰ বয়সত ইংলেণ্ডলৈ গুচি যায় আৰু তেওঁৰ পৰিয়াল কেণ্টৰ মেইডষ্টোনত বসতি স্থাপন কৰে।৩৪ ১৬ বছৰ বয়সলৈকে তেওঁ কেণ্টৰ কেৰেন মিলেনৰ বাবে কাম কৰিছিল।১

আলাছাদিয়ে লণ্ডন কলেজ অৱ ফেশ্বন আৰু চেণ্ট্ৰেল চেণ্ট মাৰ্টিনছ কলেজ অৱ আৰ্ট এণ্ড ডিজাইনত গ্ৰহণ কৰে আৰু ২১ বছৰ বয়সলৈকে তেওঁ প্ৰথম লেবেল আৰু ১০০০ বৰ্গফুট (৯৩ মিটাৰ বৰ্গফুট) ষ্টুডিঅ' স্থাপন কৰে।

কৰ্মজীৱনৰ আৰম্ভণিতে ৰীমে নটিং হিলত শীৰ্ষ ৰেঞ্জৰ ভিনটেজ কাপোৰ বিক্ৰী কৰিছিল। ইয়াৰ ষ্টলটো আছিল পৰ্টোবেলো ৰোড মাৰ্কেটত, য’ত তেওঁ ক্লাছিক পিচবোৰ পুনৰ নিৰ্মাণ কৰি প্ৰদৰ্শনৰ বাবে নিজৰ দক্ষতা প্ৰয়োগ কৰিছিল, যাৰ ফলত কাপোৰখনসমূহৰ আকৰ্ষণ কেৱল ভিনটেজ ফেশ্বনৰ সংগ্ৰাহককাৰীতকৈও অধিক লোকে পছন্দ কৰিছিল। ৰীম তেওঁৰ বৰ্ণিল শৈলীৰ বাবে সাংঘাটিক বিখ্যাত, যি ফেশ্বন ডিজাইনৰ ক্ষেত্ৰখনত উঠি অহা বহু আৰ্হিৰ সৈতে সংমিশ্ৰণ ঘটাইছিল। তেওঁ কেইবাজনো ব্ৰিটিছ ডিজাইনাৰ যেনেজন ৰিচমণ্ড, ৰবাৰ্ট কেৰী-উইলিয়ামছ, আৰু ষ্টেলা মেককাৰ্থনীৰ সৈতে কাম কৰিছে।

২০০৩ চনত তেওঁ নিজাকৈ ভিনটেজ দোকান খুলিছিল,৫ আৰু ২০০৫ চনৰ পৰা টকিঅ’ ফেশ্বন উইকৰ অংশ হিচাপে হাৰাজুকুৰ এটা ডিপাৰ্টমেণ্টেল ষ্ট’ৰ লাফ’ৰেটৰ সৈতে সহযোগিতা কৰি আহিছে।

২০০৭ চনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশ লৈ বিউটিফুল এগনি শীৰ্ষক এটা শ্ব’ৰে লণ্ডন ফেশ্বন উইকৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে।

জাপান ফেশ্বন উইকত তেওঁ শ্ৰেষ্ঠ শ্ব’ৰ বঁটা লাভ কৰে, য’ত তেওঁ তেওঁৰ ৰেডি-টু-ৱেৰ লাইন মুকলি কৰে, যিটো হৈছে ডিপ ইনকি ব্লুজ, বাৰ্ণ্ট চিয়েনা আৰু লেচি হোৱাইটৰ এক অনন্য সংকলন।[1]

শেহতীয়াকৈ আলাছাদি এজন প্ৰিন্সিপাল টিচিং ফেলো আৰু ইউনিভাৰ্চিটি অৱ চাউথমপটনৰ ৱিনচেষ্টাৰ স্কুল অৱ আৰ্টৰ বিভিন্ন এম এ প্ৰগ্ৰেমৰ নেতা।৬

তথ্যসূত্ৰ

  1. ↑ Reem Alasadi:A Fine Vintage. ameliasmagazine.com
  2. ↑ JAPAN FASHION WEEK Focus on: Reem Alasadi. japantimes.co.jp
  3. ↑ Yaeger, Lynn. (22 January 2010). Iraq To New York Via London: The Journey Of Designer Reem. Vogue
  4. ↑ Bubble N' Squeak - Reem Alasadi-Fall 2009 RTW
  5. ↑ Fashion Technology - 360Fashion Network
  6. ↑ Ms Reem Alasadi. University of Southampton

সম্পৰ্কিত শ্ৰেণী

ব্যৱসায়ীনাৰীবাদ আৰু লোকগাথা ২০২৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীম আলাছাদি” প্ৰবন্ধৰ সংশোধন ৫৪১৩৫১ (২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।