ৰামৰাম আছিল মহাপুৰুষ শংকৰদেৱৰ বাল্যকালৰ বন্ধু আৰু পোন্ধৰ-ষোল্ল শতিকাৰ একশৰণ নাম ধৰ্মৰ অন্যতম প্ৰচাৰক। চৰিত অনুযায়ী, শংকৰদেৱ আৰু ৰামৰাম দুয়োজনায়ে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল। ৰামৰামে শংকৰদেৱৰ লগত বাৰবছৰ তীৰ্থযাত্ৰাও কৰিছিল, তেওঁৰ লগত আলোচনা কৰিয়েই শংকৰদেৱে বৰদোৱাত মাটি খান্দোতে উদ্ধাৰ হোৱা শিলত কটা ভগৱানৰ বিগ্ৰহক স্থাপন কৰি হৰিগৃহ নিৰ্মাণ কৰিছিল। চিহ্নযাত্ৰা নাটত ৰামৰামে ভাও লোৱা লগতেই নাটৰ শেষত শংকৰদেৱত আন আন পণ্ডিত ব্ৰাহ্মণৰ সৈতে শৰণ লৈছিল, তেতিয়ায়ে শংকৰদেৱে গোপী-উদ্ধৱ সংবাদ গ্ৰন্থখনি ৰচনা কৰিছিল বুলি জনা যায়। ৰামানন্দ দ্বিজে ৰচনা কৰা চৰিতৰ মতে, শংকৰদেৱৰ আদেশত দামোদৰ দেৱ আৰু হৰিদেৱক ৰামৰামেহে ভাগৱত গ্ৰন্থত শৰণ কৰাইছিল; আনহাতে, কালিন্দী আয়েও ৰামৰামৰ ওচৰতে শৰণ লৈছিল বুলি প্ৰবাদ আছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামৰাম” প্ৰবন্ধৰ সংশোধন ৩৫৫৬০৯ (২৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।