ৰুচি ঘনশ্যাম (: Ruchi Ghanashyam; জন্ম: ৪ এপ্ৰিল ১৯৬০১) ভাৰতীয় বিদেশ সেৱাৰ অন্তৰ্গত এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় কূটনীতিবিদ।
ব্যক্তিগত জীৱন
ৰুচি ঘানাশ্যামে ভোপাল বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ভাৰতীয় বৈদেশিক সেৱাৰ অন্তৰ্গত আজ্জামপুৰ ৰঙাইয়া ঘনশ্যামৰ সৈতে তেওঁৰ বিবাহ হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ আছে।
কেৰিয়াৰ
১৯৮২ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ তৃতীয় সচিব হিচাপে তেওঁ আৰবী ভাষা শিকিছিল।ৰুচি ব্ৰাছেলছ, কাঠমাণ্ডু, ডামাস্কাছ, ইছলামবাগ প্ৰিট'ৰিয়া২ আৰু আক্ৰাত ভাৰতীয় মিছনত সেৱা আগবঢ়াইছিল। ৰুচিয়ে ২০০০ চনৰ আগষ্টৰ পৰা ২০০৪ চনৰ মাৰ্চলৈকে নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সঞ্চালক (পাকিস্তান) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।৩ ইয়াৰ পূৰ্বে তেওঁ পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাউন্সেলাৰ (Political, Press & Information) আছিল। নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়`ৰ উপ-সচিব হিচাপে তেওঁ মন্ত্ৰালয়ৰ বাবে দৃশ্য-শ্ৰাব্য প্ৰচাৰৰ কাম চম্ভালিছিল।
যি সময়ত পাকিস্থানত ভাৰতীয় কূটনীতিবিদসকলক হাৰাশাস্তি কৰাটো নিয়মত পৰিনত হৈছিল সেই সময়ত ইছলামবাদত নিযুক্তি পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কূটনীতিবিদ আছিল ৰুচি ঘনশ্যাম।৪
লগতে চাওক
- উঃ গীতেশ শৰ্মা
- বিজয় গোখলে
- হৰ্ষ ভি শ্ৰিংলা
- তৰণজিৎ সিং সন্ধু
- চৈয়দ আকবৰুদ্দিন
তথ্যসূত্ৰ
- ↑ (22 April 2018). Sorry for the inconvenience
- ↑ (6 May 2018). India, South Africa united for centuries by umblical cord: Ruchi Ghanashyam - The Financial Express
- ↑ (2018-06-08). Long Demarche Home
- ↑ (2018-06-08). Ms Uninterrupted
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুচি ঘনশ্যাম” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৭৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।