ৰিপুনাথ বুঢ়াগোহাঞি (RIPUNATH BURAGOHAIN) আছিল এগৰাকী অসমীয়া লেখক৷ ১৯২৪ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত তেখেতে এজন স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল। তেওঁ পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ এগৰাকী উপদেষ্টা স্বৰূপ কৰ্মী আছিল তথা ডিব্ৰুগড় জিলা তাই সাহিত্য সভাৰ মূল সংগঠনৰ গুৰি ধৰোতা আছিল।
জন্ম আৰু বংশ পৰিচয়
ৰিপুনাথ বুঢ়াগোহাঞিৰ জন্ম হয় শিৱসাগৰ জিলাত। তেওঁৰ পিতৃৰ নাম মুক্তানাথ বুঢ়াগোহাঞি আৰু মাতৃৰ নাম লীলাৱতী আইদেউ।১
শিক্ষা
- শিৱসাগৰৰ জয়া পাৰাৰ এল,পি,স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি ৰিপুনাথ বুঢ়াগোহাঞিয়ে শিৱসাগৰৰ চৰকাৰী হাইস্কুলত ভৰ্তি হয়।
- ১৯৩০ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
- ১৯৩৩ চনৰ পৰা ১৯৩৭ চনলৈ প্ৰায় ৩ বছৰ কাল তেখেতে আসাম টেস্কটাইল ইনষ্টিটিউত প্ৰশিক্ষণ লয়।২
চাকৰি জীৱন
- ১৯৪৩ চনত বুঢ়াগোহাঞিয়ে শিৱসাগৰৰ কাছাৰীত পেস্কাৰ হিচাপে চাকৰি জীৱনৰ পাতনি মেলে।
- ১৯৪৬ চনত ৰেছম আৰু বয়ন বিভাগত পৰিদৰ্শক চাকৰিত যোগদান কৰে।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিপুনাথ বুঢ়াগোহাঞি” প্ৰবন্ধৰ সংশোধন ৪৭৯৫৫১ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।