অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰূপামণি গড়

ৰূপামণি গড় এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ ২০২৬ চনৰ ২১ মে' তাৰিখে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এই কৃতিত্ব অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তেওঁ ভাৰত-তিব্বত সীমান্ত পুলিচ বাহিনীৰ সৰ্ব-মহিলা এভাৰেষ্ট অভিযান দলৰ এগৰাকী সক্ৰিয় সদস্য আছিল।

হালনাগাদ: ১ জুন ২০২৬ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ৰূপামণি গড় এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ ২০২৬ চনৰ ২১ মে' তাৰিখে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এই কৃতিত্ব অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।১ তেওঁ ভাৰত-তিব্বত সীমান্ত পুলিচ বাহিনীৰ সৰ্ব-মহিলা এভাৰেষ্ট অভিযান দলৰ এগৰাকী সক্ৰিয় সদস্য আছিল।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৰূপামণি গড়ৰ জন্ম অসমৰ লখিমপুৰ জিলাৰ লীলাবাৰীৰ অন্তৰ্গত নগাঁও পথাৰ গাঁৱত হৈছিল। তেওঁৰ পিতৃ জয় সিং গড় এজন খেতিয়ক আৰু মাতৃ কমলৱতী গড় এগৰাকী অংগনবাড়ী সহায়িকা।৩ এক অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰূপামণিয়ে কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ২০২০ চনত ভাৰত-তিব্বত সীমান্ত পুলিচ (ITBP) বাহিনীত যোগদান কৰে।৩

এভাৰেষ্ট অভিযান (২০২৬)

ৰূপামণি গড়ে ২০২৬ চনত ইন্দো-তিব্বত সীমান্ত পুলিচ (ITBP) ৰদ্বাৰা পৰিচালিত প্ৰথমটো ঐতিহাসিক সৰ্ব-মহিলা এভাৰেষ্ট অভিযানৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিছিল।৪ এই অভিযানটো গৃহ মন্ত্ৰ্যালয়ৰ "নাৰী শক্তি বন্দন" আঁচনিৰ অধীনত আয়োজন কৰা হৈছিল। এই ১১ জনীয়া অভিযাত্ৰী দলটোৰ নেতৃত্ব দিছিল অসমৰ আন এগৰাকী দক্ষ বিষয়া ডেপুটি কমাণ্ডেণ্ট ভণিতা তিমুংপিয়ে।৩

অভিযানকাৰী দলটোৱে দুৰ্গম 'চাউথ কল' বাটেৰে নেপালৰ দিশৰপৰা যাত্ৰা কৰি ২০২৬ চনৰ ২১ মে' তাৰিখে বিশ্বৰ সৰ্বোচ্চ শিখৰত উপস্থিত হয়।১ ইয়াৰ লগে লগেই ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ স্পৰ্শ কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে এক নতুন ইতিহাস ৰচনা কৰে। এই অভিযানত আই.টি.বি.পি. দলে এভাৰেষ্ট অঞ্চলৰপৰা আৱৰ্জনা সংগ্ৰহ কৰি "স্বচ্ছ হিমালয় - গ্লেচিয়াৰ বচাওক" অভিযানৰো প্ৰসাৰ চলাইছিল।

স্বীকৃতি

তেওঁৰ এই ঐতিহাসিক সফলতাক সমগ্ৰ অসমবাসীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে উচ্চ প্ৰশংসা কৰে।৫

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ News Desk. (23 May 2026). Rupamoni Gorh becomes first woman from Assam to scale Mount Everest. দ্য হিন্দু
  2. ↑ Trending Desk. (26 May 2026). Assam's Rupamoni Gorh makes history as first woman from state to scale Mount Everest with ITBP team. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (25 May 2026). Rupamoni Gorh Becomes First Woman from Assam to Scale Mount Everest. Ajmal IAS Academy
  4. ↑ (23 May 2026). Rupamoni Gorh from Lakhimpur has become the first Assamese woman mountaineer to scale Mount Everest. India Today NE
  5. ↑ CMO Assam. (24 May 2026). Rupamoni Gorh scripts history as the first Assamese woman to conquer Mount Everest. Chief Minister's Office, Assam

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা পৰ্বতাৰোহী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপামণি গড়” প্ৰবন্ধৰ সংশোধন ৬১০৭৪৪ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।