কবি ৰামমিশ্ৰ (ইংৰাজী ভাষা: Ram Mishra) আহোম ৰজা জয়ধ্বজসিংহৰ (১৬৫০-৬৩খ্ৰী.) ৰাজত্বকালত উদ্ধৱ হয়।
বংশ পৰিচয়
ৰামমিশ্ৰৰ পূৰ্বতে ঘৰ আছিল উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত,পূৰ্বপুৰুষৰ নাম কলাপচন্দ্ৰ। কলাপচন্দ্ৰৰ পুতেক হৰি ভাৰতী, হৰি ভাৰতীৰ নাতিয়েক হল ৰামমিশ্ৰ।১
সাহিত্যৰাজি
ৰামমিশ্ৰই ৰজা শহুৰৰ পুতেক ভদ্ৰসেন বৰুৱাৰ উৎসাহ-উদ্দিপনা লাভ কৰি হিতোপদেশ অসমীয়ালৈ অনুবাদ কৰে আৰু তৰুণ দুৱৰা বৰবৰুৱাৰ আদেশত পুতলা-চৰিত্ৰত নামে বৰৰুচিৰ সংস্কৃত 'দ্বাত্ৰিংশৎ পুত্তলিকা'ৰ অসমীয়া পদ ভাঙনি কৰে। ঐহিক জগতৰ উপযোগী সাহিত্য ৰচনাৰ যি প্ৰয়াস আহোম ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বিকাশ ঘটিবলৈ উপক্ৰম কৰিছিল তাৰ প্ৰথম নিৰ্দশন ৰামমিশ্ৰৰ পদত অনুবাদ কৰা 'হিতোপদেশ' আৰু 'পুতলাচৰিত্ৰ'ত দেখা পাওঁ। ৰামমিশ্ৰই দিচৈ গ্ৰামত বসতি কৰি কাব্য ৰচনা কৰে। দিচৈ ভোগদৈ নদীৰ অন্য নাম। ৰামমিশ্ৰই মহাভাৰতৰ ভীষ্ম-পৰ্বও অসমীয়ালৈ ৰূপান্তৰিত কৰে। এই গ্ৰন্থ জয়ধ্বজসিংহৰ শহুৰেক আৰু ৰাজমন্ত্ৰী ৰজা-শহুৰৰ আদেশত ৰচনা কৰিছিল। ৰামমিশ্ৰৰ 'বৃন্দাবন-চৰিত' নামে বৃন্দাবনৰ ৱিৱৰণ থকা পুথিও পোৱা যায়।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামমিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৫২৭৩৭৪ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।