লক্ষ্মী ৰায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল. যিয়ে প্ৰধানকৈ তামিল, মালয়ালম, তেলেগু, কানাড়া আৰু হিন্দী ভাষাত কাম কৰে।১২ পেছাগতভাৱে তেওঁক ৰায় লক্ষ্মী হিচাপে জনাজাত।৩৪
ৰায় লক্ষ্মীৰ জন্ম হৈছিল কৰ্ণাটকৰ বাংগালুৰুত ৰাম ৰায় আৰু মঞ্জুলা ৰায়ৰ ঘৰত। তেওঁৰ পৰিয়াল বেলগামলৈ স্থানান্তৰিত হয়।৫৬৭
২০০৫ চনত৮ তামিল ভাষাৰ কৰ্কা কাছাদাৰা ছবিৰে ৰায় লক্ষ্মীৰ চলচ্চিত্ৰত অভিষেক ঘটে।৯ ইয়াৰ পিছত আৰ পাৰ্থিবনৰ সৈতে কমেডী ছবি কুণ্ডক্কা মাণ্ডাক্কা (২০০৫), পেৰাৰাছুৰ একচন-মছলা ফ্লিক ধৰ্মপুৰী (২০০৬) আৰু ৰোমাঞ্চ ছবি নেঞ্জাই থোডু (২০০৭)কে ধৰি কেইবাখনো তামিল ছবিত অভিনয় কৰে। বাল্মিকী (২০০৫) কানাড়া ভাষাত তেওঁৰ প্ৰথম ছবি, য’ত তেওঁ শিৱ ৰাজকুমাৰৰ বিপৰীতে অভিনয় কৰিছিল।১০
তথ্যসূত্ৰ
- ↑ My journey into showbiz began from Belgaum: Lakshmi Rai
- ↑ Raai Laxmi completes 14 years in the film industry
- ↑ It's Raai Laxmi from now!. Deccan Chronicle
- ↑ Lakshmi Rai is now Raai Laxmi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Kumar, Hemanth. I was brought up like a boy: Raai Laxmi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Rai flooded with messages on birthday. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ I'm not a bunt, don't speak to me in Tulu: Raai Laxmi. The Times of India
- ↑ Guha, Shilpi. Why Raai Laxmi doesn't share space with Sonakshi Sinha. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (23 December 2004). Another Rai, another beauty queen – Tamil News. IndiaGlitz.com
- ↑ (19 January 2023). Telugu To Bollywood, Actress Raai Laxmi Is Working In Film Industries Across India. News18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰায় লক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৫৬২২৩২ (৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।