ৰিনাট সন্ধু (: Reenat Sandhu; জন্ম: ৭ জুন ১৯৬৪) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় কূটনীতিবিদ আৰু নেদাৰলেণ্ডত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত। ইয়াৰ পূৰ্বে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব পশ্চিম হিচাপে আৰু ইটালী আৰু শান মেৰিনোত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ব্যক্তিগত জীৱন
সন্ধুৱে দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১ আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা তৰণজিৎ সিং সন্ধুৰ সৈতে তেওঁৰ বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান আছে। ১
কৰ্ম জীৱন
১৯৮৯ চনৰ আগষ্ট মাহত ৰিনাট সন্ধুৱে ভাৰতীয় বৈদেশিক সেৱাত নিযুক্তি লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ যথাক্ৰমে মস্কো, কিয়ভ, ৱাশ্বিংটন, ডি.চি., কলম্বো, নিউয়ৰ্ক আৰু জেনেভাত ভাৰতীয় মিছনত সেৱা আগবঢ়াইছিল।১ নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়তো কাম কৰি বিনিয়োগ আৰু বাণিজ্য প্ৰচাৰ, প্ৰকল্প, পূব ইউৰোপ আৰু শ্ৰীলংকাৰ ডেস্ক সমূহ পৰিচাতিত কৰিছিল।
২০১১ চনৰ পৰা ২০১৪ চনলৈকে জেনেভাত থকা বিশ্ব বাণিজ্য সংস্থাত ভাৰতৰ উপ-স্থায়ী প্ৰতিনিধি হিচাবে কাৰ্য্য নিৰ্বাহ কৰিছিল। ২০১৪ চনৰ পৰা ২০১৭ চনলৈকে তেওঁ ৱাশ্বিংটন ডি.চি.ত সেৱা আগবঢ়াইছিল।
পূৰ্বৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ বিভাগকে ধৰি এম ই এ ত নতুন ওচেনিয়া উলম্বৰ প্ৰথম অতিৰিক্ত সচিব হিচাপে সন্ধুক নিযুক্তি দিয়া হয়। ২৩ ইয়াৰ পিছত তেওঁ পশ্চিম বিভাগৰ সচিব হয় আৰু ২০২২ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত এই পদত কৰ্মৰত আছিল। হলৈকে তেওঁলোকৰ সেৱা আগবঢ়ায়।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিনাট সন্ধু” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৫৭ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।