অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰামামূৰ্তি শংকৰ

য়েল বিশ্ববিদ্যালয়ৰ জন ৰেণ্ডলফ হফমেন আসনৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক ৰামামূৰ্তি শংকৰৰ জন্ম ১৯৪৭ চনৰ ২৮ এপ্ৰিলত। তেওঁ পোন প্ৰথমে তাত্ত্বিক কণা পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ বাবে বিখ্যাত আছিল যদিও বৰ্তমানে তেওঁৰ গৱেষণাৰ বিষয় হৈছে তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু ঘনীভূত পদাৰ্থ বিজ্ঞান।

হালনাগাদ: ২২ জুলাই ২০২১ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

য়েল বিশ্ববিদ্যালয়ৰ জন ৰেণ্ডলফ হফমেন আসনৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক ৰামামূৰ্তি শংকৰৰ জন্ম ১৯৪৭ চনৰ ২৮ এপ্ৰিলত। তেওঁ পোন প্ৰথমে তাত্ত্বিক কণা পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ বাবে বিখ্যাত আছিল যদিও বৰ্তমানে তেওঁৰ গৱেষণাৰ বিষয় হৈছে তাত্ত্বিক পদাৰ্থ বিজ্ঞান আৰু ঘনীভূত পদাৰ্থ বিজ্ঞান। "innovative applications of field theoretic techniques to quantum condensed matter systems" শীৰ্ষক পত্ৰৰ বাবে তেওঁক আমেৰিকাৰ পদাৰ্থ বিজ্ঞান সমাজে ২০০৯ চনত জুলিয়াছ এজাৰ লিলিয়েনফেল্ড বঁটাৰে সন্মানিত কৰে। তেওঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত মাদ্ৰাজৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰাৰ পাছত ১৯৭৪ চনত কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা তাত্ত্বিক কণা পদাৰ্থ বিজ্ঞানৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০০১ চনৰ পৰা ২০০৭ চনলৈ তেওঁ য়েল বিশ্ববিদ্যালয়ত শিক্ষকতা কৰে।

নিৰ্বাচিত প্ৰকাশিত গ্ৰন্থ

  • Principles of Quantum Mechanics, Plenum, 1994.
  • Basic Training in Mathematics, Plenum, 1995.
  • Fundamentals of Physics, Yale Press, 2014.
  • Fundamentals of Physics II, Yale Press, 2016.

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামামূৰ্তি শংকৰ” প্ৰবন্ধৰ সংশোধন ২৮৭৪৮২ (২২ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।