অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেখা গুপ্তা

ৰেখা গুপ্তা (Rekha Gupta,জন্ম ১৯ জুলাই ১৯৭৪) ভাৰতীয় জনতা পাৰ্টি, দিল্লীৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁক ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই পদত অধিষ্ঠিত দিল্লীৰ তেওঁ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু সামগ্ৰিকভাৱে অষ্টম।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰেখা গুপ্তা (Rekha Gupta,জন্ম ১৯ জুলাই ১৯৭৪) ভাৰতীয় জনতা পাৰ্টী, দিল্লীৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁক ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে।১২ এই পদত অধিষ্ঠিত দিল্লীৰ তেওঁ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু সামগ্ৰিকভাৱে অষ্টম। তেওঁ শালীমাৰ বাগক প্ৰতিনিধিত্ব কৰি বিধানসভাৰ সদস্য হৈছে৷ তেওঁ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা আৰু সভানেত্ৰী৷ তেওঁ দলৰ ৰাষ্ট্ৰীয় কাৰ্যবাহীৰ সদস্য আৰু দলৰ দিল্লী ৰাজ্যিক এককৰ সাধাৰণ সম্পাদিকা।৩

১৯৯৬–১৯৯৭ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থা (DUSU) ৰ সভানেত্ৰী হয়। পৰৱৰ্তী সময়ত ২০০৭ চনত উত্তৰ পীতামপুৰাৰ (ৱাৰ্ড ৫৪)ৰ পৰা দিল্লী কাউন্সিলাৰ নিৰ্বাচনলৈ নিৰ্বাচিত হয়। ২০১২ চনত উত্তৰ পিতামপুৰাৰ (ৱাৰ্ড ৫৪)ৰ পৰা দিল্লী কাউন্সিলাৰ নিৰ্বাচনত তেওঁ পুনৰ নিৰ্বাচিত হয়।৪৫

ৰেখা গুপ্তাই ২০২৫ চনৰ বিধানসভা নিৰ্বাচনত আপৰ বন্দনা কুমাৰীক পৰাস্ত কৰি ২৯,৫৯৫ টা ভোটৰ ব্যৱধানত শালীমাৰ বাগ আসনখন দখল কৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ Pandey, Neeraj. (২০২৫-০২-১৯). পৰৱৰ্তী দিল্লীৰ মুখ্যমন্ত্ৰী পৰ্বেশ ভাৰ্মাক নিযুক্তি দিয়া হৈছে ৰেখা গুপ্তাৰ উপ-সভাপতি। কাইলৈ শপত গ্ৰহণ. news.abplive.com
  2. ↑ (2025-02-19). बीजेपी নেसेसे सिले क द वलলি का सी.एम.. News18 हिंदी
  3. ↑ পাৰে-774647 Delhi নতুন মুখ্যমন্ত্ৰী: हैन हँ पका जोओ সেৱন, क ‍ ‍ ‍ ্য ! ৱजह से मान जानी धारक धारक তাवे. mpcg.ndtv.in
  4. ↑ (২৭ ডিচেম্বৰ ২০২২). বিজেপিয়ে ৰেখা গুপ্তাক দিল্লীৰ মেয়ৰ প্ৰাৰ্থী হিচাপে নিযুক্তি দিলে। তাই কোন?. ভাৰত আজি
  5. ↑ ৰেখা গুপ্তা::এগৰাকী গৌৰৱান্বিত ভাৰতীয়:: ||ৰাজনৈতিক প্ৰফাইল||
  6. ↑ (৮ ফেব্ৰুৱাৰী 2025). দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ২০২৫ - শালীমাৰ বাঘ. ভাৰতীয় নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদৰাজনৈতিক ক্ষেত্ৰত নাৰীহাৰিয়ানাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা গুপ্তা” প্ৰবন্ধৰ সংশোধন ৬০৩০৩৩ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।