অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিনা আক্তাৰ

ৰিনা আক্তাৰ (: Rina Akter, জন্ম c.১৯৮৮ ) এগৰাকী বাংলাদেশী যৌনকৰ্মী, যিগৰাকী পিছলৈ মানৱতাবাদী কামত জড়িত হৈ পৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত নিবনুৱা হৈ পৰা ঢাকাৰ যৌনকৰ্মীসকলৰ বাবে দৈনিক ৪০০ গৰাকীলৈ আহাৰ গ্ৰহণৰ আয়োজন কৰিছিল।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৬ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰিনা আক্তাৰ (: Rina Akter, জন্ম c.১৯৮৮ ) এগৰাকী বাংলাদেশী যৌনকৰ্মী, যিগৰাকী পিছলৈ মানৱতাবাদী কামত জড়িত হৈ পৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত নিবনুৱা হৈ পৰা ঢাকাৰ যৌনকৰ্মীসকলৰ বাবে দৈনিক ৪০০ গৰাকীলৈ আহাৰ গ্ৰহণৰ আয়োজন কৰিছিল। এই মানৱদৰদী কামৰ বাবে ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছিল।

জীৱন

ৰিনা আক্তাৰ জন্ম হৈছিল বাংলাদেশত আনুমানিক ১৯৮৮ চনত।১ তেওঁৰ পৰিয়ালে তেওঁক গৃহকৰ্মী হিচাপে কাম কৰিবলৈ পঠিয়াইছিল। কিন্তু দুৰ্ভাগ্যবশত মধ্যস্থতাকাৰীসকলে আঠ২ বা দহ বছৰ বয়সীয়া ৰিনাক বেশ্যালয়লত বিক্ৰী কৰিদিলে।১ৰিনা আক্তাৰে ঢাকাৰ যৌনকৰ্মীসকলৰ লগত কাম কৰিছিল। তেওঁ জড়িত হৈ থকা সংগঠনটোৰ নাম আছিল দুৰ্জয় নাৰী সংঘ। এই সংগঠনটোত কাম কৰাৰ কিছু দিনৰ পিছত লাইটহাউচ নামৰ আন এটা সংগঠনত যোগদান কৰে। তাতে এটা ড্ৰপ-ইন চেণ্টাৰ আছে য’ত শ্ৰমিকসকলে স্বাস্থ্য আৰু আইনী পৰামৰ্শকে ধৰি সহায় লাভ কৰিব পাৰে আৰু প্ৰয়োজন হ’লে জন্ম আৰু অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত সহায় ল’ব পাৰে।৩

ক’ভিড-১৯ মহামাৰীৰ সময়চোৱাত ঢাকাৰ যৌনকৰ্মীসকলৰ উপাৰ্জন বন্ধ হ’ল ফলত তেওঁলোক অনাহাৰে কটাবলগাত পৰিল। সেই সময়ত ৰিনা আক্তাৰৰ কাম বহুত প্ৰয়োজনীয় হৈ পৰে।৩ উপাৰ্জন বন্ধ হৈছিল সংক্ৰমণৰ ভয়ত যাৰ বাবে যৌনকৰ্মীসকলে নিজৰ গ্ৰাহক হেৰুৱাইছিল। কিছুমানৰ সামান্য সঞ্চয় আছিল যদিও বহুতৰে একোৱেই নাছিল। বেশ্যালয় (মনোৰঞ্জনৰ স্থান হিচাপে শ্ৰেণীভুক্ত) বন্ধ হোৱাৰ লগে লগে তেওঁলোকৰ বহু শ্ৰমিকে ৰাজপথলৈ গ্ৰাহক বিছাৰি ওলাই আহিবলৈ চেষ্টা কৰিছিল। যিয়ে যৌনকৰ্মীসকলৰ মাজত অধিক প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল আৰু ইয়াত জড়িতসকলৰ স্বাস্থ্যজনিত বিপদ বৃদ্ধি পাইছিল। নিষেধাজ্ঞাৰ বাবে এইচ আই ভি/এইডছৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা উপলব্ধ নহৈছিল।৪ ৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰয়োজন হৈছিল আৰু শ্ৰমিকসকলে কোনো খাদ্য বা আন সাৰ্হায্য লাভ কৰা নাছিল। এই পৰিস্থিতিত ৰিনা আক্তাৰে আন বহুতো বেচৰকাৰী সংস্থাৰ সহায়ত এই অনাহাৰী মহিলাসকলৰ বাবে নিতৌ ৪০০ গৰাকীয়ে আহাৰ গ্ৰহণ কৰিবপৰাকৈ ব্য়ৱস্থা কৰিদিছিল।২

আক্তাৰে বয়সস্থ যৌনকৰ্মীসকলৰ বাবে চিলাইৰ ক্লাছৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁলোকে সহায় ভিক্ষা কৰাৰ বিকল্প হিচাপে দৰমহা পোৱা কাম বিচাৰি পায়।১

২০২০ চনত তেওঁ ১০০ গৰাকী মহিলা আৰু মাত্ৰ দুগৰাকী বাংলাদেশী মহিলাৰ ভিতৰত অন্যতম আছিল যিয়ে বিবিচিৰ দ্বাৰা অসাধাৰণ কৃতিত্বৰ বাবে স্বীকৃতি লাভ কৰিছিল। আনগৰাকী বাংলাদেশী মহিলা আছিল শিক্ষয়িত্ৰী ৰীমা চুলতানা ৰিমু যিয়ে ৰোহিংগীয়া শৰণাৰ্থীক পঢ়ুৱাই আছিল।৫

তথ্যসূত্ৰ

  1. ↑ (2021-01-24). TBS Changemakers: Rina Akter. The Business Standard
  2. ↑ Rina, Rima: 2 Bangladeshi women named in BBC 100 Women 2020 list. Daily Bangladesh
  3. ↑ Billah, Masum. (27 November 2020). 'She was with us when no one else was there': Rina Akter is floating sex workers' last resort. bdnews24.com
  4. ↑ (12 January 2021). Vulnerability mapping to help sex workers in Bangladesh and Myanmar. www.unaids.org
  5. ↑ (2020-11-24). 2 Bangladeshis feature in BBC 100 Women 2020. Dhaka Tribune

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিনা আক্তাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৫৬ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।