ৰাৱয়া আতেয়া (Rawya Ateya; ১৯ এপ্ৰিল ১৯২৬ – ৯ মে' ১৯৯৭) এগৰাকী ইজিপ্তৰ মহিলা যি ১৯৫৭ চনত আৰব বিশ্বৰ প্ৰথম মহিলা সংসদ সদস্য হিচাপে পৰিগণিত হয়।১২
সামৰিক সেৱা
১৯৫৬ চনত আতেয়া লিবাৰেচন আৰ্মীত বিষয়া হিচাপে কমিচন পোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ছুৱেজ যুদ্ধত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল, য’ত ইজিপ্তক যুক্তৰাজ্য, ফ্ৰান্স আৰু ইজৰাইলে আক্ৰমণ কৰিছিল। যুদ্ধৰ মাজতে তেওঁ ৪,০০০ মহিলাক প্ৰাথমিক চিকিৎসা আৰু নাৰ্চিং প্ৰশিক্ষণত সহায় কৰিছিল।১ আতেয়াই মহিলা কমাণ্ডো ইউনিটত অধিনায়কৰ পদবী লাভ কৰিছিল।৩১৯৭৩ চনৰ অক্টোবৰ যুদ্ধৰ সময়ত তেওঁ ছ'চাইটি অৱ ফেমিলিজ অৱ মাৰটেয়াৰছ এণ্ড ছলজাৰছৰ অধ্যক্ষতা কৰে, যাৰ ফলত তেওঁ "শ্বহীদ যুঁজাৰুসকলৰ মাতৃ" বুলি নাম লাভ কৰে।৪ ইজিপ্ত ৰাষ্ট্ৰৰ পৰা তেওঁ কেইবাটাও সামৰিক বঁটা লাভ কৰে৷ তাৰে ভিতৰত তৃতীয় সেনাৰ বেজ, ৬ অক্টোবৰৰ পদক আৰু সশস্ত্ৰ বাহিনীৰ পদক উল্লেখনীয়।১
সংসদীয় জীৱন
১৯৫৬ চনৰ সংবিধান গ্ৰহণৰ জৰিয়তে ৰাষ্ট্ৰপতি গামাল আব্দেল নাছেৰে ইজিপ্তৰ মহিলাসকলক ভোটাধিকাৰ আৰু নিৰ্বাচিত পদৰ বাবে যোগ্যতা প্ৰদান কৰে। নতুন সংবিধানৰ অধীনত প্ৰথম নিৰ্বাচন পিছৰ বছৰ অৰ্থাৎ ১৯৫৭ চনৰ ৩ জুলাইত অনুষ্ঠিত হয়।২০০০ৰো অধিক প্ৰাৰ্থী থকা ক্ষেত্ৰখনত মাত্ৰ ১৬ গৰাকী মহিলা আছিল। সেই সময়ত কৰা মতামত সমীক্ষাত দেখা গৈছে যে ইজিপ্তৰ ৭০% পুৰুষে সংসদত মহিলাসকলে আসন গ্ৰহণ কৰাৰ ধাৰণাটোৰ বিৰোধিতা কৰিছিল।৫ তৎসত্ত্বেও আতেয়াই নিজৰ সমষ্টিত ১,১০,৮০৭ টা ভোট লাভ কৰে।৪ দ্বিতীয় ৰাউণ্ডত কায়ৰোৰ পৰা নিৰ্বাচিত হোৱা আতেয়াই সেই সময়ত সন্মুখীন হোৱা প্ৰবল পক্ষপাতিত্বৰ বিষয়ে এইদৰে কয়: "মই এগৰাকী নাৰী হোৱাৰ বাবে ক্ষোভৰ সন্মুখীন হৈছিলোঁ। তথাপিও মই তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ আৰু তেওঁলোকে মতামত সলনি নকৰালৈকে নবীৰ পত্নী আৰু পৰিয়ালৰ কথা সোঁৱৰাই দিছিলোঁ।"৬ এনে ধৰ্মীয় যুক্তিৰ উপৰিও তেওঁ নিজৰ সামৰিক অভিজ্ঞতাক ৰাজনৈতিক সম্পদ হিচাপে ব্যৱহাৰ কৰিছিল।৩ আতেয়াৰ জয় আৰু অধিক তাৎপৰ্যপূৰ্ণ আছিল কাৰণ নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল ৰাষ্ট্ৰপতি নাছেৰৰ ব্যক্তিগত বন্ধু আৰু আশ্ৰয়দাতা কমিউনিষ্ট সমৰ্থক উকীল আৰু বেংকাৰ আহমেদ ফুৱাদ।৭
তথ্যসূত্ৰ
- ↑ Goldschmidt 2000, p. 26
- ↑ Karam 1998, p. 44
- ↑ Sullivan 1986, pp. 39–40
- ↑ Magdi, Ne'maat. (25 August 2009). راوية عطية: أول نائبة مصرية بعد الثورة. Al Rai. পৃ. 7
- ↑ (6 June 1957). Innovation for Egypt: Women Office Seekers Create Furor. The Spartanburg Herald. পৃ. 8
- ↑ (2020-10-16). Here's the Story of Rawya Ateya: First Woman Parliamentarian in the Arab World · Egyptian Streets
- ↑ Zevi, Tullia. (30 January 1959). Gals Should Get More Than Equal Rights in Egypt. The Pittsburgh Press. পৃ. 13
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাৱয়া আতেয়া” প্ৰবন্ধৰ সংশোধন ৪৯৭৬০১ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।