ৰিজিয়া ৰহমান (২৮ ডিচেম্বৰ ১৯৩৯ – ১৬ আগষ্ট ২০১৯)১ আছিল এগৰাকী বাংলাদেশী ঔপন্যাসিক।২ তেওঁ অসংখ্য উপন্যাস আৰু চুটি গল্প ৰচনা কৰে। তেওঁৰ সাহিত্যকৰ্ম সকলো ধৰণৰ বিষয়-বস্তু সামৰি লৈছিল। তেওঁ বিশেষকৈ বং থেকে বাংলা নামৰ উপন্যাসখনৰ বাবে অধিক পৰিচিত।৩ তেওঁ বাংলা অকাডেমী সাহিত্য পুৰস্কাৰ (১৯৭৮) লাভ কৰে।৪ ২০১৮ চনলৈকে তেওঁ নিজৰ দীঘলীয়া সাহিত্য জীৱনত ৫০ খনৰো অধিক উপন্যাস আৰু গল্প সংকলন প্ৰকাশ কৰিছিল।৫
প্ৰাৰম্ভিক জীৱন
ৰিজিয়া ৰহমান ২৮ ডিচেম্বৰ ১৯৩৯ চনত ভৱানীপুৰ, কলিকতাত জন্মগ্ৰহণ কৰে।৫ ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পাছত তেওঁৰ পৰিয়াল পূব বংগ (বৰ্তমান বাংলাদেশ)লৈ স্থানান্তৰিত হয়।৫ তেওঁ ৮ বছৰ বয়সতে গল্প লিখা আৰম্ভ কৰে আৰু ১২ বছৰ বয়সত প্ৰথম প্ৰকাশিত হয়।৬ তেওঁৰ গল্প আৰু কবিতা সত্যযুগ আৰু সংবাদ আদি সংবাদপত্ৰত প্ৰকাশ পাইছিল।৭ তেওঁ ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি অৰ্থনীতিত সমাজবিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৭
সাহিত্যিক জীৱন
ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়নৰ সময়ছোৱাতেই তেওঁ প্ৰথম গল্প সংকলন অগ্নি শক্কৰা প্ৰকাশ কৰে।৭ ১৯৭৮ চনত প্ৰকাশিত তেওঁৰ উপন্যাস বঙৰপৰা বাংলা সমালোচকৰ প্ৰশংসা লাভ কৰে, য’ত বাংলাদেশৰ জাতীয়তা আৰু ভাষাৰ বিকাশ আলোচনা কৰা হৈছে।৫ তেওঁৰ চতুৰ্থ উপন্যাস ৰক্তেৰ অক্ষৰবিচিত্ৰাত প্ৰকাশিত "ঢাকাৰ যৌনকৰ্মীসকল" শীৰ্ষক এখন প্ৰবন্ধৰপৰা প্ৰেৰণা লৈ লিখা হৈছিল।৮ গৱেষণাৰ বাবে তেওঁ নিজে পতিতালয়লৈ যাব নোৱাৰি, এজন পুৰুষ সাংবাদিকৰ সাপ্তাহিক প্ৰতিৱেদনসমূহৰ ওপৰত নিৰ্ভৰ কৰিছিল।৮ প্ৰকাশৰ পাছত উপন্যাসখন বাংলাদেশত ব্যাপক আলোড়ন সৃষ্টি কৰে। ২০১৬ চনত লেটাৰ্ছ অৱ ব্লাড নামৰে ইংৰাজী অনুবাদ প্ৰকাশ পায়।৭ এই বিষয়ে তেওঁ কৈছিল, “মই গ্ৰন্থখনৰ বাবে বহুত প্ৰশংসা লাভ কৰিছিলোঁ, কিন্তু সমান পৰিমাণৰ সমালোচনাও সহ্য কৰিবলগীয়া হৈছিল।”৮
ৰচনা
উপন্যাসসমূহ
- উত্তৰ-পুৰুষ (১৯৭৭)
- ৰক্তেৰ অক্ষৰ (১৯৭৮)
- বং থেকে বাংলা (১৯৭৮)
- অলিখিত উপাখ্যান (১৯৮০)
- সূৰ্য সবুজ ৰক্ত (১৯৮০)
- শিলায় শিলায় আগুন (১৯৮০)
- অৰণ্যেৰ কাছে (১৯৮০)
- ধবল জ্যোৎস্না (১৯৮০)
- ঘৰ-ভাঙা-ঘৰ (১৯৮৪)
- একাল চিৰকাল (১৯৮৪)
- প্ৰেম আমাৰ প্ৰেম (১৯৮৫)
- ঝড়েৰ মুখোমুখি (১৯৮৬)
- একটি ফুলেৰ জন্য (১৯৮৬)
- শুধু তোমাদেৰ জন্য (১৯৮৮)
- হে মানৱ মানবী (১৯৮৯)
- হাৰুন ফেৰেনি (১৯৯৪)
- নদী নিৰবধি (২০১১)
ইংৰাজীলৈ অনূদিত উপন্যাস
- লেটাৰ্ছ অৱ ব্লাড (২০১৬)
বঁটা আৰু সন্মান
- বাংলা অকাডেমী সাহিত্য পুৰস্কাৰ (১৯৭৮)
- যশোৰ সাহিত্য পৰিষদ পুৰস্কাৰ (১৯৮৪)
- বাংলাদেশ লেখক সংঘ সাহিত্য পদক (১৯৮৫)
- কামাৰ মুস্তাৰি সাহিত্য পদক (১৯৯০)৯
- আনন্য সাহিত্য পুৰস্কাৰ (১৯৯৫)
- হুমায়ূন কাদিৰ স্মৃতি পুৰস্কাৰ
- জসীমউদ্দীন স্বৰ্ণ পদক
- শওগাত স্বৰ্ণ পদক
- একুশে পদক (২০১৯)১০
মৃত্যু
ৰিজিয়া ৰহমান ১৬ আগষ্ট ২০১৯ চনত মৃত্যুবৰণ কৰে।১১১২১৩
তথ্যসূত্ৰ
- ↑ Novelist Rizia Rahman passes away. UNB
- ↑ (2018-05-19). Through The Eyes of Rizia Rahman. The Daily Star
- ↑ (23 January 2015). Rizia Rahman's Rokter Okshor. Bangladeshi Novels
- ↑ আৰ্কাইভ কপি. Bangla Academy
- ↑ bn:ৰিজিয়া ৰহমান (Rizia Rahman) - Portfolio of Bengali Author Rizia Rahman on authors.com.bd. authors.com.bd
- ↑ (2018-05-19). Through the Eyes of Rizia Rahman. The Daily Star
- ↑ Library of Bangladesh Presents. bengallights.com
- ↑ Rahman, Rizia. (2018). Letters of Blood. Seagull Books. পৃ. xi. ISBN 9780857424990
- ↑ (24 September 2014). Rizia Rahman. Bangladeshi Novels
- ↑ (2019-02-20). PM: Protect and practice country's rich culture, language. Dhaka Tribune
- ↑ (16 August 2019). আৰ্কাইভ কপি. Bangladesh Pratidin
- ↑ (16 August 2019). bn:একুশে পদকপ্ৰাপ্ত কথাসাহিত্যিক ৰিজিয়া ৰহমানেৰ ইন্তেকাল. Prothom Alo
- ↑ (16 August 2019). bn:ঔপন্যাসিক ৰিজিয়া ৰহমান আৰ নেই. Jugantor
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিজিয়া ৰহমান” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৪২ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।