ৰিধিমা পাণ্ডে (জন্ম ২০০৯) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী যি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ পদক্ষেপ লোৱাৰ পোষকতা কৰে। তেওঁক গ্ৰেটা থুন্বাৰিৰ সৈতে তুলনা কৰা হৈছে।১ তেওঁ ন বছৰ বয়সত জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ নোলোৱাৰ বাবে ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।২ জলবায়ু সংকটৰ মোকাবিলা কৰিবলৈ বিভিন্ন দেশৰ পদক্ষেপ লোৱাত ব্যৰ্থহোৱাৰ বিৰুদ্ধে তেওঁ কেইবাজনো যুৱ জলবায়ু কৰ্মীৰ সৈতে ৰাষ্ট্ৰসংঘৰ বাদীসকলৰ মাজৰ এজন আছিল।৩
পৃষ্ঠভূমি
ৰিধিমা পাণ্ডে ভাৰতৰ উত্তৰ অংশৰ উত্তৰাখণ্ড ৰাজ্যত বাস কৰে। তেওঁৰ দেউতাক দিনেশ পাণ্ডেও এজন জলবায়ু কৰ্মী যি উত্তৰাখণ্ডত ১৬ বছৰ ধৰি এই বিষয়ত কাম কৰিছে।২
উত্তৰাখণ্ডত তেওঁৰ এলেকাটো যোৱা দহ বছৰত শোচনীয় বতৰৰ দ্বাৰা প্ৰভাৱিত হৈছে। ২০১৩ চনত বানপানী আৰু ভূমিস্খলনত ১০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।৪ অঞ্চলটোৰ পৰা প্ৰায় ১,০০,০০০ লোকক স্থানান্তৰ কৰিব লগা হৈছিল।৫ বিশ্ব বেংকৰ মতে, জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতলৈ পানী যোগানৰ ওপৰত চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।৬
বঁটা
ৰিধিমা পাণ্ডে ২০২০ চনৰ ২৩ নৱেম্বৰত ঘোষণা কৰা বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত আছিল।৭
তথ্যসূত্ৰ
- ↑ Who Is Ridhima Pandey. Business Standard India
- ↑ (1 April 2017). Meet the nine-year-old girl who is suing the Indian Government over climate change. The Independent
- ↑ earthjustice.org
- ↑ (24 June 2013). India's death toll in aftermath of floods reaches 1,000. The Guardian. Associated Press
- ↑ (28 June 2013). Many still stranded in India floods. BBC News
- ↑ India: Climate Change Impacts. World Bank
- ↑ (2020-11-23). BBC 100 Women 2020: Who is on the list this year?. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিধিমা পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৬৩০৬৮৯ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।