অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সতী ৰাধিকা

সতী ৰাধিকা এগৰাকী মহীয়সী নাৰী। তেওঁ কৈৱৰ্ত কুলৰ মাছমৰীয়া নদীয়াল পূৰ্ণানন্দৰ পত্নী আছিল। বৰদোৱাৰ ওচৰত টেম্বুৱানী জানে প্ৰতিবছৰে বাৰিষা কালত বৰদোৱাবাসীসকলৰ শস্য নষ্ট কৰাৰ বাবে ইয়াত বান্ধ দিবলৈ পৰিকল্পনা কৰা হৈছিল।

হালনাগাদ: ২৭ জুন ২০২৩ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

সতী ৰাধিকা এগৰাকী মহীয়সী নাৰী। তেওঁ কৈৱৰ্ত কুলৰ মাছমৰীয়া নদীয়াল পূৰ্ণানন্দৰ পত্নী আছিল। বৰদোৱাৰ ওচৰত টেম্বুৱানী জানে প্ৰতিবছৰে বাৰিষা কালত বৰদোৱাবাসীসকলৰ শস্য নষ্ট কৰাৰ বাবে ইয়াত বান্ধ দিবলৈ পৰিকল্পনা কৰা হৈছিল। কেইবাবাৰো চেষ্টা কৰাৰ পিছতো প্ৰৱল সোঁতে সকলো উটুৱাই লৈ যোৱাৰ বাবে ৰাইজে মহাপুৰুষ শংকৰদেৱৰ ওচৰলৈ আহিছিল। গুৰুজনাই এগৰাকী শান্তি বা সতী তিৰোতায়ে তিনিকাঠি পলেৰে পানী আনি জানত দিলে এয়া সম্ভৱ বুলি বিধান দিছিল। পূৰ্ণানন্দৰ পত্নী জয়ন্তীয়ে নিজকে সতী বুলি এয়া কৰিবলৈ আগবাঢ়ি আহিল আৰু তেওঁ তিনিকাঠি পলেৰে টেম্বুৱানী জানত পানী দিয়াৰ পিছত ৰাইজে এই জানত বান্ধ দিবলৈ সক্ষম হৈছিল।ইয়াৰ পিছত গুৰুজনায়ে তেওঁক সতী ৰাধিকা নাম প্ৰদান কৰিছিল আৰু টেম্বুৱানী জান শান্তি জান হিচাপে জনাজাত হৈছিল।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতী ৰাধিকা” প্ৰবন্ধৰ সংশোধন ৩৭০১৬৫ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।