শ্বামিন মান্নান হিন্দী ভাষা টেলিভিছনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। কালাৰ্ছ টিভি নাট্য ধাৰাবাহিক সংস্কাৰ – ধৰোহৰ আপনো কি (২০১৩–১৪)ত ভূমি বৈষ্ণৱৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত হৈছে।১২
প্ৰাথমিক আৰু ব্যক্তিগত জীৱন
মান্নানৰ জন্ম হৈছিল অসমৰ ডিব্ৰুগড়ত।৩ তেওঁৰ এগৰাকী কনিষ্ঠ ভগ্নী তামান্না, যি এগৰাকী হিন্দী টেলিভিছন অভিনেত্ৰীও, যি ষ্টাৰ প্লাছৰ নজৰ ছবিত কৰা কামৰ বাবে পৰিচিত।৪
মান্নান এগৰাকী ইছলাম ধৰ্মী ব্যক্তি আৰু তেওঁ নিজকে "ধৰ্মীয়তকৈ অধিক আধ্যাত্মিক" বুলি বৰ্ণনা কৰে। ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ প্ৰকাশ কৰে যে তেওঁৰ অতুল কুমাৰৰ সৈতে আঠবছৰীয়া সম্পৰ্ক আছে।৫ ২০১৭ চনৰ ৩ ডিচেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যক্তিগত অনুষ্ঠানত কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬৭
কেৰিয়াৰ
শ্বামিন বহু টিভি বিজ্ঞাপনত অভিনয় কৰিছিল - ডাবুৰ গুলাবাৰী ৰোজ ৱাটাৰ, বাঘ বাকৰি চাহ, ডিচ টিভি, চনী এৰিক্সন, পলিক্ৰল এণ্টাচিড আৰু মেকড'নাল্ডছ।৮ ভূমিৰ চৰিত্ৰত কালাৰছ টিভিৰ সংস্কাৰ - ধৰোহৰ আপ্নো কিৰ বাবেই তেখেতক আটাইতকৈ বেছি প্ৰশংসা কৰা হৈছিল।
ৱেব চিৰিজ
| শিৰোনাম | ছেনেল | টোকা |
|---|---|---|
| আনজান: গ্ৰাম্য কাহিনী | নেটফ্লিক্স | মুখ্য |
| খাড়ে হ্যেই তেৰি ৰাহোঁ মেঁ | হটষ্টাৰ | মুখ্য |
টেলিভিছন
| শিৰোনাম | ছেনেল | টোকা |
|---|---|---|
| সংস্কাৰ-ধৰোহৰ অপ্নো কী | কালাৰ্চ টিভি | মুখ্য |
| ৰাম প্যাৰে চিৰ্ফ হামাৰে | জি টিভি | মুখ্য |
| য়ে হ্যেই আশ্বিকী | বিন্দাচ | মুখ্য |
| প্যাৰ তুনে ক্যা কিয়া | ঝিং টিভি | মুখ্য |
| খিড়কী | চব টিভি | মুখ্য |
| এম টিভি বিগ এফ | এম টিভি | মুখ্য |
| কছম টেৰি প্যাৰ কী | কালাৰ্চ টিভি | এণ্টাগোনিষ্ট |
তথ্যসূত্ৰ
- ↑ Shamin Mannan teases cyberspace with her sultry pictures
- ↑ 'Sanskaar - Dharohar Apnon Ki' TV serial on Colors TV. Official Website for Colors TV
- ↑ (30 January 2013). I pursued acting against my parents' wishes: Shamim Mannan - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Shamin mannan: My sister is my bestie: Shamin Mannan - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Maheshwari, Neha. (2016-02-11). Shamin Mannan: My boyfriend and I don't feel the the(sic) need to convert for marriage. The Times of India
- ↑ (2017-12-14). Actress Shamin Mannan ties the knot with beau Atul Kumar. India Today
- ↑ (2017-11-15). Banoo Main Teri Dulhan fame Shamin Manann's pre-wedding clicks are adorable. The Times of India
- ↑ Web Reference by Anupam Kher's acting school - Actor Prepares
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বামিন মান্নান” প্ৰবন্ধৰ সংশোধন ৫৬১৪৬১ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।