অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সত্যেন্দ্ৰ কুমাৰ জৈন

সত্যেন্দ্ৰ কুমাৰ জৈন দিল্লী চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ এজন ৰাজনীতিবিদ।অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত থকা দিল্লী চৰকাৰৰ সাতজন কেবিনেট মন্ত্ৰীৰ ভিতৰত তেওঁ অন্যতম।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সত্যেন্দ্ৰ কুমাৰ জৈন দিল্লী চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী তথা আম আদমি পাৰ্টীৰ এজন ৰাজনীতিবিদ।১অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত থকা দিল্লী চৰকাৰৰ সাতজন কেবিনেট মন্ত্ৰীৰ ভিতৰত তেওঁ অন্যতম।২ তেওঁৰ দপ্তৰ সমূহৰ ভিতৰত আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, উদ্যোগ, গৃহ, শক্তি, পানী, নগৰ উন্নয়ন আৰু জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ।২ তেওঁ বৰ্তমান দিল্লীৰ স্বাস্থ্যমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যকালত আছে। তেওঁৰ প্ৰথম কাৰ্যকালত তেওঁ ২০১৩ চনৰ ২৮ ডিচেম্বৰৰ পৰা ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰীলৈকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, গুৰুদ্বাৰ নিৰ্বাচন আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু, দ্বিতীয় কাৰ্যকালত ১৪ ফেব্ৰুৱাৰী,২০১৫ৰ পৰা ১৩ ফেব্ৰুৱাৰী ২০২০ লৈ তেওঁ আপ চৰকাৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, উদ্যোগ, গৃহ, পি ডব্লিউ ডি, শক্তি, পানী, পৰিবহণ, নগৰ উন্নয়ন আৰু জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ আদি বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ পেছাত জৈন এজন স্থপতিবিদ আছিল।৪

তথ্যসূত্ৰ

  1. ↑ Aam Aadmi Party sends list of proposed cabinet to Lt Governor. www.aamaadmiparty.org. Aam Aadmi Party
  2. ↑ Delhi Govt Portal - Cabinet Ministers. delhi.gov.in. Government of NCT of Delhi, India
  3. ↑ Delhi Govt Portal - Shri Satyendar Jain. delhi.gov.in. Government of NCT of Delhi, India
  4. ↑ The Hindu. (28 December 2013). Satyendra Kumar Jain: From architect to minister

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যেন্দ্ৰ কুমাৰ জৈন” প্ৰবন্ধৰ সংশোধন ৫২৭৬৫৩ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।