অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰদ্ধা শশীধৰ

শ্ৰদ্ধা শশীধৰ (Shraddha Shashidhar) (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ দিভা ইউনিভাৰ্ছ ২০১৭-ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৭-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ নাইক, ইয়ামাহা ফেচিনো আদি ব্ৰেণ্ডৰ বাবে মডেলিং কৰি আহিছে।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শ্ৰদ্ধা শশীধৰ (Shraddha Shashidhar) (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ দিভা ইউনিভাৰ্ছ ২০১৭-ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৭-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১২

তেওঁ নাইক, ইয়ামাহা ফেচিনো আদি ব্ৰেণ্ডৰ বাবে মডেলিং কৰি আহিছে। মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১৭-ৰ সময়ৰ পৰা তেওঁ ঘানা, থাইলেণ্ড, ফিলিপাইনছ আদি দেশত বস্ত্ৰ, পৰ্যটন আৰু ৰিয়েল এষ্টেটৰ অনুষ্ঠানৰ প্ৰচাৰৰ বাবে ভাৰতীয় প্ৰতিনিধি হিচাপে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিছে৷

প্ৰাৰম্ভিক জীৱন

শ্ৰদ্ধাৰ জন্ম হৈছিল ভাৰতৰ চেন্নাইত। নাছিকৰ দেওলালিৰ আৰ্মি পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি মুম্বাইৰ ছফিয়া কলেজ ফৰ উইমেনত নামভৰ্তি কৰি গণমাধ্যমৰ ডিগ্ৰী লাভ কৰিছে। ৩

পেজেণ্ট্ৰী

মিছ ডিভা-২০১৭

শ্ৰদ্ধাই ইয়ামাহা ফাচিনো মিছ ডিভা ইউনিভাৰ্ছ ২০১৭-ৰ মুকুট পিন্ধিছিল বিদায়ী খিতাপধাৰী ইয়ামাহা ফাচিনো মিছ ডিভা ইউনিভাৰ্ছ ২০১৬-ৰ ৰশ্মিতা হৰিমুৰ্থীৰ পৰা।৪৫

মিছ ইউনিভাৰ্ছ ২০১৭

২০১৭ চনৰ ২৬ নৱেম্বৰত আমেৰিকাৰ নেভাদাৰ লাছ ভেগাছৰ দ্য এক্সিছত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০১৭ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল যদিও তেওঁ স্থান পোৱা নাছিল৷৬

তথ্যসূত্ৰ

  1. ↑ Viral. India News, Breaking News, Entertainment News | India.com
  2. ↑ Shraddha Shashidhar To Represent India At Miss Universe. News18
  3. ↑ Shraddha Shashidhar to represent India at Miss Universe. dhinkachikatadka.com
  4. ↑ IN PHOTOS: Iris Mittenaere basks in ‘magical’ beauty of India. GMA News Online
  5. ↑ (12 October 2017). Chennai-based Miss Diva 2017 Shraddha Shashidhar to represent India at Miss Universe pageant
  6. ↑ (27 November 2017). Miss Universe 2017: India’s Shraddha Shashidhar went unplaced. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰদ্ধা শশীধৰ” প্ৰবন্ধৰ সংশোধন ৪৭৯৮১৯ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।